ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমত পোৱা এবিধ চিৰসেউজ, পৰ্ণপাতী উদ্ভিদ হ’ল বৰ্হমথুৰি । এই গছ ১০ পৰা ১৫ মিটাৰ পৰ্যন্ত ওখ হয় । ইয়াৰ পাতৰ আকাৰ ২০ ৰ পৰা ৪০ চেমি দীঘল, গাঢ় সেউজ ৰঙৰ । বৰ থেকেৰা পাতৰ লগত বৰ্হমথুৰিৰ পাতৰ সাদৃশ্য দেখা যায় । বহাগ মাহ অহাৰ লগে লগে বৰ্হমথুৰি জোপাৰ কথা মনলৈ আহে কিয়নো এই বৰ্হমথুৰি গছৰ থুৰি পাত বা চুপহিবোৰ আগৰ দিনত প্ৰশাধনৰ সামগ্ৰী হিছাপে মহিলা সকলে ব্যৱহাৰ কৰিছিল । বহাগ বিহুৰ সময়তো নাচনীয়ে ওঁঠৰ ৰং ৰঙা কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰিছিল ।
এই গছৰ পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে । কিন্তু বৰ্তমান সময়ত ইয়াৰ ব্যৱহাৰ নাইয়ে বুলিব পাৰি । এই গছৰ ফুলবোৰো যথেষ্ট ডাঙৰ , বগা ৰংৰ সুগন্ধী থকা। এই বৰ্হমথুৰি গছৰ পাতক যে কেৱল প্ৰশাধনৰ সামগ্ৰী হিছাপে ব্যৱহাৰ হয় তেনে নহয় । এই উদ্ভিদৰ বিভিন্ন ভেষজ গুনো আছে । ইয়াৰ পাত চোবাই বা তামোলৰ লগত খালে বহুতো দাঁতৰ ৰোগৰ পৰা উপশম পাব পাৰি । বৰ্হমথুৰি পাতৰ ৰসে হজম শক্তি বঢ়াই। ইয়াৰ ৰসৰ দ্বাৰা নানা ধৰণৰ পেটৰ ৰোগ ভাল হয় । ড° লীলা গগৈৰ ‘বিহু এটি সমীক্ষা’ গ্ৰন্থটো বিহুনামত বৰ্হমথুৰিৰ কথা উল্লেক্ষ আছে-
‘লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোঁতা নাই।
ইয়াৰ পৰা এই কথা অনুমান কৰিব পাৰি যে তাহানিনে ব্ৰহ্মপুত্ৰ পাৰৰ ক্ৰান্তীয় চিৰ সেউজ অঞ্চলবোৰত এই উদ্ভিদ পোৱা গৈছিল যদিও বৰ্তমান সময়ত এনে উদ্ভিদ প্ৰায় বিলুপ্ত প্ৰায় হৈছে । এই আপুৰুগীয়া উদ্ভিদ বিধৰ সংৰক্ষণ অতি প্ৰয়োজন । এই উদ্ভিদ জোপাৰ সংৰক্ষণ হ’ব লাগে ।