লিখিত পৰীক্ষাৰ কাট অব্ মাৰ্কক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ? ADRE

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (ADRE) লিখিত পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰা হয়। সৰ্বমুঠ ১২,৬৭৩ টা পদৰ বাবে অনুষ্ঠিত এই লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মৌখিক পৰীক্ষা সম্পৰ্কে গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়।

মৌখিক পৰীক্ষাৰ সময়সূচী:মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছে যে এপ্ৰিল মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে মৌখিক পৰীক্ষা এপ্ৰিলত নহ’ব। তেওঁ কৈছে, “এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন হ’ব। সেইসময়ত মৌখিক পৰীক্ষা অনুষ্ঠিত নহয়। মে’ মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।”

তেওঁ লগতে উল্লেখ কৰে যে মৌখিক পৰীক্ষা প্ৰায় ডেৰ মাহ ধৰি চলিব আৰু সম্ভৱত জুন মাহটোতও এই পৰীক্ষা অনুষ্ঠিত হ’ব। তেওঁ কয়, “এদিনত ১০০গৰাকীতকৈ বেছি পৰীক্ষাৰ্থীৰ মৌখিক পৰীক্ষা ল’ব নোৱাৰি। সেয়ে সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বাবে যথেষ্ট সময় লাগিব।”

কাট-অফ মাৰ্ক সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য:কাট-অফ মাৰ্কক লৈ চলি থকা চৰ্চাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাত কৈছে, “কাট-অফ মাৰ্ক বেছি বা কম হোৱাটো কিমান পদ খালী আছে, তাৰ ওপৰত নিৰ্ভৰ কৰে। কাট-অফ মাৰ্ক মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে। কাট-অফ মাৰ্ক আন কোনোবাই বা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়।”

শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূর্ণ তথ্য:লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ২৫ হাজাৰ শিক্ষাৰ্থীৰ বাবে প্ৰথমে SKILL TEST অনুষ্ঠিত হ’ব। তাৰ পিছতেই মৌখিক পৰীক্ষা আয়োজন কৰা হ’ব। মৌখিক পৰীক্ষাৰ পিছত নথি-পত্ৰৰ প্ৰামাণিকৰণৰ পৰ্যায় পূৰ্ণ হোৱাৰ পাছতহে চূড়ান্ত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকল বিবেচিত হ’ব।

মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিছে যে সম্পূৰ্ণ নিয়োগ প্ৰক্ৰিয়াটো চৰকাৰৰ কাৰ্যকালত সম্পন্ন হ’ব। তেওঁ কয়, “মই তাৰিখ দিব বিচৰা নাই। জুলাই নহয়, আগষ্টতো হ’ব পাৰে। কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমাৰ কাৰ্যকালতে সম্পন্ন হ’ব।”

Related Articles