Breaking

ছাগলীৰ মাংস, বৰালি মাছ খুৱাই মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল নলবাৰী প্ৰশাসন!মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী বিমল বৰাই নলবাৰীৰ কেবিনেটত কি কি খাদ্য সম্ভাৰৰ গ্ৰহণ কৰিলে ?

0 25

ছাগলীৰ মাংস, বৰালি মাছ খুৱাই মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল নলবাৰী প্ৰশাসন!
কালি অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ দুপৰীয়াৰ আহাৰত প্ৰায় ১৬ বিধ ব্যঞ্জন আছিল। দুপৰীয়াৰ খাদ্য সম্ভাৰৰ তালিকা আছিল- প্লেইন ৰাইচ, জিৰা ৰাইচ, পোলাও, ছাগলীৰ মাংস, কাৱৈ – মাগুৰ মাছৰ বিশষ আঞ্জা, মিছা মাছ ভাজি, আদা দিয়া সৰু মাছ আদি।

বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। কিন্তু চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ সলনি চৰ্চাত আছে খাদ্য- সম্ভাৰৰ কথাহে। কিয়নো মাছে- মঙহে নানাবিধ খাদ্য যোগান ধৰা হৈছিল বিধায়ক- মন্ত্ৰীসকলক। বৰালি মাছৰ পৰা আৰম্ভ কৰি খাহীৰ মাংসলৈ, কি নাছিল খাদ্যৰ তালিতাক। কিন্তু এই খাদ্য যোগান ধৰি এতিয়া মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে নলবাৰী জিলা প্ৰশাসন। বিশাল খাদ্য সম্ভাৰ যোগান ধৰাৰ এতিয়া উত্তৰ দিব লাগিব জিলা প্ৰশাসনে

নলবাৰী আয়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰি লিখিছে যে- ২৭/০৬/২০২৪ তাৰিখে নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সময়ত সাধাৰণ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিবলৈ বাৰে বাৰে নিৰ্দেশ দিয়া হৈছিল। কিন্তু ইয়াৰ পিছতো আপোনালোকে সেই অনুসৰি নিৰ্দেশনা মানি চলা নাই। বৰঞ্চ দুপৰীয়াৰ আহাৰত অত্যধিক বস্তুৰে খাদ্য পৰিবেশন কৰে। আপোনালোকে কৰা এনে কাৰ্যৰ বাবে মই চৰম অসন্তুষ্টি প্ৰকাশ কৰিছো। এতিয়াৰ পৰা এনে নিৰ্দেশনা নিখুঁতভাৱে পালন কৰিব লাগে।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই খাদ্য সম্ভাৰৰ পৰা কেৱল নিৰামিষ খাদ্য গ্ৰহণ কৰাৰ বিপৰীতে মন্ত্ৰী বিমল বৰাই গ্ৰহণ কৰে দৈ, ৰুটি।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁৰ চৰকাৰে প্ৰত্যোক জিলাতে অনুষ্ঠিত কৰিব কেবিনেট বৈঠক। সেই অনুসৰি জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

Leave A Reply