ৰমজান কি আৰু কিয় পালন কৰা হয়…

ৰমজান(আৰবী উচ্চাৰণ ৰামাদান) হ’ল ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ। বিশ্বৰ মুছলমান সকলে এই মাহটোক পবিত্ৰতম বুলি জ্ঞান কৰে, কাৰণ এই মাহতে মানৱ জাতিৰ বাবে আল্লাহে কোৰাণত উল্লেখিত বাৰ্তা সমূহ প্ৰথম বাৰ প্ৰেৰণ কৰিছিল। কেৱল কোৰাণ শ্বৰীফেই নহয়, মুছলমান সকলে বিশ্বাস কৰা আন তিনিখন ঐশ্বৰিক গ্ৰন্থ – তোৰাহ ( ইহুদীসকলৰ ধৰ্মগ্ৰন্থ), জবুৰ আৰু ইঞ্জীল ( খৃষ্টানসকলৰ বাইবেল) ও এই পবিত্ৰ মাহতে পৃথিৱীলৈ প্ৰেৰণ কৰা হৈছিল। কোৰাণৰ ঐশ্বৰিক বাৰ্তা সমূহৰ উদ্ঘাটনক সন্মান জনাই মুছলমান সকলে সমগ্ৰ ৰমজান মাহ জুৰি উপবাসে থাকে। এই উপবাসক অনা-আৰৱী ভাষা সমূহত ’ৰোজা’ আৰু আৰৱীত “ছ’ম” (Sawm) বুলি কোৱা হয়।আৰৱী ছ’ম শব্দৰ অৰ্থ হ’ল Abstain বা বিৰত থকা। ৰোজা ইছলামৰ পঞ্চ স্তম্ভ (Five Pillars of Islam) ৰ এটি। ইছলামৰ আন চাৰিটা স্তম্ভ হ’ল – শ্বাহাদা অৰ্থাত ধৰ্মবিশ্বাসৰ প্ৰকাশ্য ঘোষণা, নামাজ, জাকাত অৰ্থাত বাধ্যতামূলক দান, আৰু হজ । প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলমান পুৰুষ আৰু মহিলা যি শাৰীৰিকভাবে সক্ষম (মুকাল্লাফ) তেওঁৰ বাবে ৰোজা থকাটো বাধ্যতামূলক ।

অৱশ্যে, অসুস্থ, নিয়মিত ঔষধ লোৱা ক্ৰনিক বা incurable বেমাৰৰ দ্বাৰা আক্ৰান্ত ব্যক্তি, বয়সৰ দ্বাৰা ভাৰাক্ৰান্ত বৃদ্ধ ব্যক্তি, ভ্ৰমনকাৰী, গৰ্ভৱতী নাৰী, দুগ্ধ পান কৰোৱা মাতৃ, Post-natal bleeding হৈ থকা মহিলা আৰু মাহেকীয়া হৈ থকা মহিলাৰ বাবে ৰোজা বাধ্যতামূলক নহয় | ইয়াতে উল্লেখ কৰা ভাল হ’ব যে মাহেকীয়া হৈ থকা মহিলাক ইছলামত চুঁৱা বা অশুচি বুলি জ্ঞান কৰি ৰোজা ৰখাৰ পৰা ’বাধা’ দিয়া হোৱা নাই, বৰং স্বাস্থ্যজনিত কাৰণতহে তেওঁলোকক ’ৰেহাই’ দিয়া হৈছে। ৰোজা থকাৰ সময়ত মুছলমান সকলে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱালৈক কোনো খাদ্য সামগ্ৰি বা পানীয় গ্ৰহন কৰিব নোৱাৰে। সূৰ্য উদয়ৰ আগতে অলপ খাদ্য গ্ৰহন কৰিব লাগে যাক কোৱা হয় “ছেহৰী” ( আৰৱীত ছুহুৰ) আৰু সূৰ্য অস্ত যোৱাৰ সময়ত উপবাস ভাঙিবলৈ যি খাদ্য গ্ৰহন কৰা হয় তাক কোৱা হয় “ইফতাৰ”। ৰমজান মাহত ৰাতিৰ ঈশাৰ নামাজৰ সময়ত মুছলমান সকলে সমগ্ৰ মাহজুৰি এক বিশেষ প্ৰাৰ্থনা কৰে যাক কোৱা হয় – ’তাৰাৱিহ’ ।

ইছলামত উপবাস বা ৰোজা থকাৰ অৰ্থ কেৱল মাত্ৰ খাদ্য আৰু পানীয়ৰ পৰাই দূৰত থকা নহয়। লগতে ধূমপান, খৈনী, পান, চাহ আদি সকলোধৰণৰ নিচা জাতীয় সামগ্ৰি, বদ অভ্যাস, মিছা কথা কোৱা, বেয়া কথা কোৱা, বেয়া কাম কৰা, বেয়া চিন্তা কৰা, বেয়া ব্য়ৱহাৰ কৰা, খং কৰা, কাজিয়া আৰু মাৰপিট কৰা আদিৰ পৰাও দূৰত থাকিব লাগে। শাৰীৰিক সম্পৰ্ক বা যৌণতাও সম্পূৰ্ণ ৰূপে বৰ্জনীয়। দৰাচলতে, আত্ম-সংযমৰ দ্বাৰা আমাৰ মন আৰু ’নাফ্চ’ অৰ্থাত ঈন্দ্ৰীয়জাত ৰিপু সমূহ যেনে কাম, ক্ৰোধ, লোভ, মোহ আদি তথা মানুহৰ স্বভাৱজাত দুৰ্বলতা তথা চাৰিত্ৰিক ত্ৰুটি সমূহৰ পৰা দুৰত থাকি আত্ম-নিয়ন্ত্ৰণৰ দ্বাৰা জীৱনক সংশোধন কৰাটোয়ে ৰমজানৰ প্ৰকৃত অৰ্থ। “Fasting is a means of releasing the human spirit from the clutches of desire.” গতিকে, যিদৰে জুইত পুৰিলেহে সোনৰ পৰিশুদ্ধি হয়, সেইদৰে ৰমজানত এমাহ জুৰি আত্ম-সংযম আৰু আত্ম-শুদ্ধিৰ মাজেদি গৈ প্ৰতিজন মানুহে নিজৰ পৰিশুদ্ধ ৰূপ লাভ কৰাৰ সুবিধা পায়, নিজকে এজন better humanbeing বনোৱাৰ সুযোগ লাভ কৰে।
গতিকে, ৰমজানৰ উদ্দেশ্য কেৱল মাত্ৰ ভোকে লঘোণে থাকি কষ্ট পোৱাটো নহয়। ৰমজানৰ প্ৰথম উদ্দেশ্য আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ – আত্ম-সংযম আৰু আত্ম-নিয়ন্ত্ৰণ , যাতে প্ৰতিজন সামাজিক ব্যক্তিয়ে বেয়া বাসনা, অনুচিত ইচ্ছা-আকাঙ্খাক আৰু বদ-অভ্যাসক প্ৰতিহত কৰিব পাৰে তথা নিজকে অশুভ, কু, বদ তথা ক্ষতিকাৰক বস্তু, কৰ্ম আৰু চিন্তাৰ পৰা সুৰক্ষিত কৰিব পাৰো।


ৰোজা থকাৰ সময়ত প্ৰতিজন ধাৰ্মিক ব্যক্তিয়ে আচলতে ভোক বা তৃষ্ণা নিবাৰণৰ স্বাভাৱিক মানৱীয় তাড়ণাক, লোভ আৰু লালসাক প্ৰতিহত কৰে। ফলত ৰোজাই এজন ব্যক্তিৰ আত্ম-সংযমৰ ক্ষমতা বৃদ্ধি কৰে আৰু আত্ম-সংযমে নিসন্দেহে এজন ব্যক্তিক আত্ম-উন্নয়নৰ দিশে আগুৱাই লৈ যোৱাত সহায়ক হয়। প্ৰখৰ গ্ৰীষ্ম হওক বা হাড় কপোৱা শীত, মৰুভূমি হওক বা শিলাময় পৰ্বত – এচি ৰূমত বহা ডাঙৰ উদ্যোগপতিয়েই হওক বা ৰিক্সা চালক, ভেঞ্চাৰ স্কুলৰ শিক্ষক হওক বা পথাৰত হাল মাৰি থকা কৃষক – প্ৰতিজন মুছলমানে ৰমজান মাহত প্ৰবল কষ্টক নেওচি হলেও ৰোজা থাকে, তাৰ কাৰণ হ’ল এয়া আল্লাহৰ আদেশ আৰু আল্লাহৰ ইচ্ছা বা আদেশৰ প্ৰতি বিনাচৰ্তে অনুগত্য স্বীকাৰ কৰাই ( Unconditional Submission to the will of Allah) হ’ল ইছলাম। যাৰ বাবে ৰোজাক ইছলামৰ প্ৰধান পাঁচটা স্তম্ভৰ অন্যতম বুলি গন্য কৰা হয়। তদুপৰি, উপবাসৰ ফলত হোৱা কষ্ট আপুনি কেৱল আৰু কেৱল মাত্ৰ আল্লাহৰ কাৰণে কৰি আছে – এই আত্ম-উপোলদ্ধিয়ে প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ-চেতনা জাগ্ৰত কৰে, ব্যক্তিক ঈশ্বৰৰ অধিক কাষলৈ লৈ যায়, আৰু এই নৈকট্যৰ ফলত ব্যক্তি জীৱনতো তেওঁ ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰে ফলত তেওঁ কৰা প্ৰতিটো সৰুতকৈ সৰু কামেও যে ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয় এই উপলদ্ধি অধিক বাস্তবিক হয়, ৰিয়েল হয়।ফলত ব্যক্তি মানৱৰ আধ্যাত্মিক অভিজ্ঞতা তথা God Consciousness অধিক গাঢ় হয় , প্ৰবল হয়। আৰু এই God Consciousness য়ে তেওঁক এফালে যিদৰে বেয়া কাম আৰু চিন্তাৰ পৰা দূৰত ৰাখে আনফালে সত্য, ন্যায় আৰু ভালৰ পক্ষত সদায় থিয় দি থাকিবলৈ উদ্বুদ্ধ কৰে।

ৰোজাৰ আন এক বিশেষ উপলদ্ধি হ’ল ত্যাগ। উপবাসে থকাৰ সময়ত আমি ন্যায্য প্ৰাপ্য বস্তুকো স্ব-ইচ্ছাই ত্যাগ কৰো | ভোকৰ এমুঠি ভাত বা পিয়াহৰ এগিলাচ পানী আমাৰ স্বাভাৱিক প্ৰাপ্য কিন্তু তাক আমি ঈশ্বৰৰ নামত স্ব-ইচ্ছাৰে ত্যাগ কৰো। ত্যাগে আমাক সন্তুষ্টি প্ৰদান কৰে, সুখী কৰে। প্ৰাপ্তিত নিসন্দেহে সুখ আছে, পুঁজিভূত কৰাত হয়তো সুৰক্ষা আছে, কিন্তু প্ৰাপ্তিয়ে কেতিয়াও কাকো সন্তুষ্ট কৰিব নোৱাৰে কাৰণ প্ৰাপ্তিৰ আশাৰ কোনো অন্ত নাই। ত্যাগে প্ৰাপ্তিক পূৰ্নতা প্ৰদান কৰে, ত্যাগে মানুহক সন্তুষ্ট কৰে। গতিকে ৰমজানে আমাক স্ব-ইচ্ছাই ত্যাগ কৰা শিকায়, আমাক সন্তুষ্ট হবলৈ শিকায়। তদুপৰি, যি জন ব্যক্তিয়ে নিজৰ ন্যায়সঙ্গত প্ৰাপ্যক ত্যাগ কৰে তেওঁ আনৰ বস্তু, সামগ্ৰি, অধিকাৰক কেতিয়াও বলপূৰ্বক দখল কৰাৰ চিন্তাও নকৰিব। দান-দক্ষিণা আৰু উদাৰতাক ৰমজান মাহত বিশেষ ভাৱে উত্সাহিত কৰা হৈছে । এই মাহতে মুছলমান সকলে ’জাকাত’ (বাধ্যতামূলক দান), ফিতৰা (charity) আদি দুখীয়াৰ মাজত ভগাই দিয়ে । নিজৰ অৰ্জিত ধনৰ কিছু অংশ মুছলমান সকলে এই মাহত সমাজৰ দুখীয়া, দুৰ্বল শ্ৰেণীটোৰ কাৰণে খৰচ কৰাটো বাধ্যতামূলক। মুছলমান সকলে যাতে কেৱল accumulation of wealth তে গুৰুত্ব নিদিয়ে, তাৰ বাবে এই বাধ্যতামূলক দানৰ ধাৰণা।


ৰমজান এনেকুৱা এক সময় যেতিয়া আমি আমাৰ সমাজৰ বঞ্চিত, under-privileged মানুহখিনিৰ প্ৰতি অধিক সংবেদনশীল হ’বলৈ সুযোগ লাভ কৰো। সমগ্ৰ দিনটো উপবাসে থাকি, ব্যক্তি এজনে যেতিয়া ভোকৰ সময়ত খাদ্যৰ পৰা বঞ্চিত হয়, তেতিয়া সমাজৰ বঞ্চিত শ্ৰেণীটোৰ দুখ আৰু বেদনা বেছি ভালকৈ উপলদ্ধি কৰিব পাৰে। একে সমাজৰে একাংশ বঞ্চিত, দুখীয়া মানুহৰ তুলনাত আমি কিমান privileged, কিমান blessed; আমাৰ জীৱন কিমান সুৰক্ষিত, সুন্দৰ সেয়াও ৰোজাই মানুহক উপলদ্ধি কৰায়। আমাৰ জীৱনটো যে দৰাচলতে এক আশীৰ্বাদহে এই কথা উপলদ্ধি কৰিলেহে মানুহে নিজৰে সৈতে আনৰ জীৱনকো গুৰুত্ব দিব , অধিক সুন্দৰ কৰাৰ চেষ্টা কৰিব। গতিকে, ৰমজানৰ উপবাসৰ গুৰুত্ব কেৱল মাত্ৰ দিনটো খাদ্য আৰু পানীয়ৰ পৰা দূৰত থাকি ইফতাৰ আৰু ছেহৰীত সুস্বাদু খাদ্য খোৱা নহয়। ৰমজান হ’ল সংযম আৰু ত্যাগৰ দ্বাৰা জীৱনক শুদ্ধিকৰণ কৰি নিজকে এজন better humanbeing বনোৱাৰ তথা সকলো বেয়াৰ পৰা দূৰত থকাৰ আৰু সমাজৰ দুখীয়া-দুৰ্বল শ্ৰেণীৰ প্ৰতি অধিক সংবেদনশীল হোৱাৰ এক সুযোগ। উপবাস কেৱল শাৰিৰীক নহয়, মন আৰু আত্মাৰো উপবাস। শাৰিৰীক উপবাসটো দৰাচলতে ব্যক্তিৰ inner self ৰ প্ৰকৃত উপবাসৰ সাংকেতিক তথা বাহ্যিক বহি:প্ৰকাশহে। গতিকে এই সুযোগ সহজতে যাব নিদিব।


সংগৃহীত

Related Articles