Breaking

বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান ?

0 11

আচিক আহমেদ

আপুনি কেতিয়াবা ভাবিছেনে বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান ? সফলতা আৰু ধন অবিহনে জীৱনত কোনেও কাৰো আপোন হ’বলৈ নিবিচাৰে কিয়‌ ? সকলোৱে সফল ব্যক্তিৰ হাতখন বিচাৰে কিন্তু সংগ্ৰাম কৰি থকা অৱস্থাত লগত কোনেও দিব নিবিচাৰে, পৃথিৱীত মানুহে সকলো মানুহক সমানেই গণ্য কৰা বুলি প্ৰায়েই কয় কিন্তু অপ্ৰিয় হ’লেও সত্য বাস্তৱত কোনোও সমানে গণ্য নকৰে বৰঞ্চ মানুহ ভেদে আচৰন ব্যৱহাৰ বেলেগ বেলেগ কৰে , মানুহে মানুহক স্তৰ ,ক্ষমতা ধন সম্পত্তিৰ ফালৰ পৰাহে গুৰুত্ব দিয়ে । সাধাৰণ নতুবা নিম্ন খাপৰ অসহায়হীন ব্যক্তিক কোনোও সহজে হৃদয়ত স্থান দিব নিবিচাৰে ,তেওঁলোকৰ যেন কতোৱে মূল্য নাই , হেজাৰ কান্দিলেও পৃথিৱীত আৱেগৰ কোনো দাম নাই য’ত মানুহে সদায় মানুহতকৈ সফলতা, ক্ষমতা ধন সম্পত্তি আদিৰহে মূল্য বেছি দিয়ে । পৃথিৱীত ১০ টাৰ পৰা উপদেশ বিচাৰিলে ১০ টা কথা পাব কিন্তু সেই দহজনক পৰা সহায় বিচাৰিলে ১০টা সহায় নাপায়, কেতিয়াবা মন কৰিছেনে সংগ্ৰাম কৰি থকা অৱস্থাত মানুহক লগত কোনেও দিব নিবিচাৰে আৰু বহু মানুহে মূল্যও দিব নিবিচাৰে কিন্তু এজন সফল মানুহ নতুবা ধন সম্পত্তি আৰু ক্ষমতা থকা নাইবা ভাল চাকৰি থকা মানুহৰ লগত সকলোৱেই লগ দিয়াই নহয় বৰঞ্চ য’তে ত’তে স্থান দিয়ে যদিও স্বাভাৱিকতে সাম্প্ৰতিক সময়ত মানুহবোৰ ব্যস্ত হৈ গৈছে ,যদিও সেই ক্ষমতাশালী,ধন সম্পত্তি নাইবা ভাল চাকৰি থকা ব্যক্তিৰ বাহিৰে আনক সহজেই লগাতকৈ‌ বেছি ব্যস্ততাৰ অজুহাত দেখুৱাই নিজকে লুকুৱাই ৰাখি দায়বদ্ধতাৰ‌ পৰা আঁতৰি থাকিব বিচাৰে । বহু সময়ত মানুহক ফোন কৰি নাপালেও অন্ততঃ উভতাই ফোন কৰিবলৈ যেন অকনো মানসিকতা নাই । প্ৰকৃততে নিজক লৈ ইমান ব্যস্ত যে আনক গুৰুত্বপূৰ্ণ নাইবা প্ৰয়োজনীয় বুলি অনুভৱ নকৰি মনত অহংকাৰ ৰাখি থয়। বৰ্তমান সময়ত প্ৰায়েই দেখা যায় একাংশ মানুহে নিজকে বহুত কিবা কানি বুলি ভাবি নাইবা দেখুৱাবলৈ ধৰে যদিও আনক মানুহ বুলি গণ্য নকৰে ,আনকি কোনো ধৰণৰ খাতিৰ কৰিব নিবিচাৰি মূল্য নিদি এটিটিউড দেখুৱাই একপ্ৰকাৰ ই’গ কেন্দ্ৰীক ব্যক্তি হোৱা পৰিলক্ষিত হয়৷ মনত ৰাখিব কোনো সম্পৰ্ক নাইবা মানুহৰ মাজত আটাইতকৈ প্ৰয়োজন মূল্য দিয়াতো হে । সেইবাবেই জীৱনত এবাৰ অকলশৰীয়া হৈ পৰিলে গম পোৱা যায় কোন কাৰ কিমান আপোন ? কোৱা হয়— ‘যাৰ বুকুত মৰমৰ কাঁইটৰ শৰে বিন্ধাইছে তেওঁহে জানে মৰমৰ মূল্য কিমান ‘ তেনেদৰে বুজা জনে মৰমৰ মূল্য এনেও বুজিব,সেইজনক বুজাবলৈ প্ৰয়োজন নাই অনুভৱ দেখিয়েই অনুমান কৰিব পাৰিব , কিন্তু নুবুজা জনক বুজাই কি লাভ ? হেজাৰ ভালপোৱা মৰমৰ দি বুজাবলৈ যত্ন কৰিলেও তেওঁ জানোঁ মৰমৰ মূল্য বুজিব ? জীৱনত বহুতো কথাই ঠেকি ঠেকি শিক্ষা যায় যেন বিপদৰ সময়ৰ আৰু প্ৰয়োজন সময়ত লগত দিব নিবিচাৰে সকলোৱেই লেই লেই চেই চেই কৰে কিন্তু সুখৰ সময়ত লগত দিয়া মানুহৰো অভাৱ নাই ।একাংশ মানুহ যেন ভিতৰি ভিতৰি সহি পৰি গলেও তথাপিতো জীৱনত কিছুমানে অহংকাৰ এৰি নিদি তেওলোকক সহযোগ কৰিব নিবিচাৰে ।সেইবাবেই জীৱনত হয়তো লগত ধন সম্পত্তি, চাকৰি নাথাকিলে নিজতকৈ কোনো আপোন নাই আৰু লগ দিয়া মানুহেও নাই আৰু তেওঁৰ সমান অসহায় ব্যক্তি পৃথিৱীত আন ক’তোৱে নাই কিন্তু যাৰ ওচৰত সফলতা ধন সম্পত্তি সকলো আছে তেওঁৰ বাবে সকলোৱেই আপোন । এই দুনীয়াত টকাৰ লোভ কাৰ নাই? টকাৰ পিছতেই সকলোৱে দৌৰি আছে, টকা থাকিলে তেওঁ শ্ৰেষ্ঠই নহয় তেওঁক লগ দিয়া মানুহৰো অভাৱ নাই তেওঁৰ স্থান য’তে ত’তে কিন্তু যাৰ লগত টকা নাই তাৰ লগত একোৱে নাই, টকা থাকিলে সকলোৱেই আপোন আৰু বহু খাতিৰ সন্মান কৰে, টকাৰে সুখ কিনিব নোৱাৰি তথাপিও প্ৰত্যেক সুখৰ আঁৰত থকা মুখ্য কাৰনেই হৈছে টকা ধনৰ বলৰে সকলো নিয়ন্ত্ৰণ কৰি ল’ব পাৰে ‌। ভাল ঘৰ ,ভাল ছোৱালী ,ভাল চাকৰি সকলোৱেই বিচাৰে কিন্তু সকলোৰে ভাগ্যত নাথাকে যদিও যাৰ ওচৰত টকা আছে তেওঁৰ বাবে সহজেই বিভিন্ন সা সুবিধা তথা মানুহবোৰ উপলদ্ধ হৈ থাকে, মানুহে তেওঁৰ পাছে পাছে মৌ মাখিৰ দৰে উঠি ফুৰে , ঠিক তেনেকৈ বৰ্তমান সমাজখন নিজৰ লাভৰ পাছতেই দৌৰি থকা স্বাৰ্থলোভী আৰু সুবিধাবাদী নিজৰ উদ্দেশ্য পূৰন নোহোৱালৈ মুখত মিঠা হৈ থাকে কিন্তু উদ্দেশ্য পূৰনৰ পাছত সকলোৱে এৰা দিয়ে ।সেইবাবেই আজিৰ সমাজখন অলপ বেলেগ ধৰনৰ য’ত মানুহ বৰ ভয়ংকৰ, টকাৰ বাবে যিকনো কাৰ্য কৰে সেইবাবেই ইতিমধ্যে কৈ আহিছো যে মানুহ বৰ ভয়ংকৰ যাক চিনা বৰ টান মুখত মিঠা হ’লেও সুবিধাবাদী আৰু বিশ্বাস ঘাতকতা মানুহৰ স্বভাৱিক প্ৰবৃত্তি য’ত মুখত এটা আৰু পেটত এটা কথা ।সাম্প্ৰতিক সময়ত বৰ্তমানৰ সমাজখনে জীয়াই থাকোতেই আজিৰ ল’ৰা ছোৱালীক হত্যা কৰি মানুহ বুলি গন্য নকৰে কিয়নো সমাজে সেইজনক আগশাৰীত ৰাখে আৰু যোগ্য বুলি ভাৱে যিজনে চৰকাৰী চাকৰীয়াল আৰু যাৰ স্তৰ উচ্চ , প্ৰকৃততে উচ্চ শিক্ষিত হ’লেওঁ জীৱনত ধন আৰু চাকৰি নাথাকিলে জীৱনটো মূল্যহীন হৈ পৰে । ল’ৰা যিমানেই ভাল নহওঁক কিয় ! উপাৰ্জন নকৰিলে তাৰ ক’তো মূল্য নাই ,সেইবাবেই জীৱনত সুখী হ’ব যত আদৰ নাই তালৈ নাযাব ,যি শুনিব নিবিচাৰে সেই জনক নুবুজাব ,কেৱল প্ৰয়োজনৰ বাহিৰে আন কোনো কথা উপযাচি ক’বলৈ গৈ বেছিকৈ বৰ্ণনা নকৰিব অন্যথা বহুতৰে ইচ্ছা নাথাকে আৰু বিৰক্ত পায় নিজৰ মূল্য কমি যায় আৰু মানুহৰ প্ৰতি আকৰ্ষণ কমি যায় । ঠিক তেনেদৰেই যি জনে আপোনাক ত্যাগ কৰিব তেওঁক বিদায় দিয়ক আৰু সদায় নিজৰ বাবেই জীয়াই থাকক ,নিজক ভাল পাবলৈ শিকক , ধন উপাৰ্জন কৰিবলৈ যত্ন কৰক আৰু সফলতা , ধন ,ভাল স্থান অৱিহনে মানুহক আপোন ভাবিবলৈ নাযাব অন্যথা গুৰুত্ব নাপায় বেছিকৈ ভাগি পৰিৱ তাৰ পৰিৱৰ্তে যিয়ে আপোনাক যেনকৈ প্ৰাধান্য আৰু গুৰুত্ব দিছে তেনেকৈ তেওঁকো গুৰুত্ব প্ৰাধান্য দিয়াৰ লগতে সদায় নিজক লৈ ব্যস্ত হওঁক ,নিজৰ কৰ্মক ভাল পাওক দেখিব জীৱনত বৰ সুখী হৈ পৰিব ।

Leave A Reply