Breaking

চুলিৰ বাবে কলাজেন উৎপাদনৰ হাৰ বৃদ্ধি কৰিবলৈ কেনেধৰণৰ খাদ্য খাব…

0 44

শৰীৰত কলাজেনৰ লগতে অন্যান্য মৌলৰ অভাৱ হ’ব পাৰে।কাৰণ হৈছে অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। যিয়ে কলাজেন উৎপাদনৰ হাৰ হ্ৰাস কৰে।এই কলাজেনে চুলিৰ ঘনত্ব বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কলাজেনে চুলি সৰাতো ৰোধ কৰাত সহায় কৰে। কিন্তু বয়স বৃদ্ধিৰ লগে লগে শৰীৰত কলাজেনৰ লগতে অন্যান্য পদাৰ্থৰ অভাৱ হ’ব পাৰে। কিছুমান বিশেষ খাদ্য আছে যিবোৰ নিয়মিতভাৱে খালে কলাজেন উৎপাদনৰ হাৰ বৃদ্ধি হয়-


১) ভিটামিন চি

এই ভিটামিন কলাজেন উৎপাদনত অতি উপযোগী। এই এন্টিঅক্সিডেন্ট চুলিৰ যত্নৰ বাবে মিল আছে। গতিকে চুলি আৰু মূৰৰ ছালৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ টেঙা ফল, নেমু, ষ্ট্ৰবেৰী, আনাৰস, লিচি আদি ফলমূল আৰু অমিতা, বিলাহী খাদ্যত ৰাখিব লাগে।

২) এলোভেৰা

এই বনৌষধিবিধত কেইবাটাও এন্টি-ইনফ্লেমেটৰী গুণ আছে। যিয়ে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে। এই বনৌষধিবিধে কলাজেন উৎপাদনৰ হাৰ বৃদ্ধিতো উল্লেখযোগ্য ভূমিকা পালন কৰে।

৩)প্ৰটিন সমৃদ্ধ খাদ্য

শৰীৰত কলাজেন উৎপাদনত এমিনো এচিডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰটিনযুক্ত খাদ্য, যেনে- মাংস, কণী, বাদাম, পনিৰ, মাছ, গাখীৰ আদিয়ে শৰীৰত এমিনো এচিডৰ মাত্ৰা বৃদ্ধি কৰে। ফলত কলাজেন উৎপাদনৰ হাৰো বৃদ্ধি পায়।

৪) জিংক

শৰীৰত কলাজেন উৎপন্ন কৰিবলৈও জিংকৰ প্ৰয়োজন হয়।আপোনাৰ খাদ্যত কাজু বাদাম, দুগ্ধজাত খাদ্য ৰাখিব পাৰে। জিংকৰ প্ৰাকৃতিক উৎস।

Leave A Reply

Your email address will not be published.