Breaking

“মিঞা বিদ্বেষ” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী ৰক্ষাৰ ৰাজনীতিঃ ৰিপুণ বৰা…

0 19

বৰ্তমান অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে সৃষ্টি হোৱা অৰাজকতা, জংঘলৰাজ তথা উগ্ৰ-সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচি জাতি-ধৰ্ম্মৰ নামত সমাজক যিদৰে বিভাজন কৰিব বিছাৰিছে এই সকলো বিষয়বস্তু সন্দৰ্ভত আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰে।
সংবাদমেল সম্বোধন কৰি বৰাই কয় যে, সমগ্ৰ অসমত বিশেষকৈ উজনি অসমত সন্দেহযুক্ত বিদেশীৰ নামত যি মিঞা সকলক খেদি পঠিওৱাৰ লগতে এক বিদ্বেষ সৃষ্টি হৈছে এই সকলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্দেশ্য প্ৰণোদিতভাৱে সৃষ্টি কৰিছে। বিগত সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে যি সমূহ উচতনি মূলক মন্তব্য আগবঢ়াই আহিছিল তাৰেই পৰিণতি “মিঞা বিদ্বেষ”। উদাহৰণস্বৰূপে, ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শাসনভাৰ গ্ৰহণ কৰিয়েই উচ্ছেদৰ নামত অসমত বুলডজাৰ চলাই উচ্ছেদক যি এক ধৰ্মীয় ৰহন সানিলে তাৰেই ফল “মিঞা বিদ্বেষ”। দ্বিতীয়তে, কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা ছয় মাহৰ ভিতৰত মিঞা চাফা কৰি দিয়াৰ মন্তব্য কৰি সাধাৰণ ৰাইজক উচতনি দিলে তাৰেই ফল আজিৰ এই অৰাজক অৱস্থা। তৃতীয়তে, হিন্দু-মুছলমানৰ মাজত মাটি কিনা-বেচাৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা যি অনুমোদন ল’ৱ লাগিব বুলি কৰা উদ্ভট মন্তব্য।

চতুৰ্থতে, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বাবে মুছলমানৰ মালিকীস্বত্ব থকা এখন বিশ্ববিদ্যালয়ৰ বাবে হোৱা বুলি কৰা অদ্ভুত মন্তব্য। পঞ্চমতে, মুখ্যমন্ত্ৰীৰ এখন সংবাদমেলত এগৰাকী মুছলমান সম্প্ৰদায়ৰ সাংবাদিকে তেখেতৰ সমষ্টিত পাহাৰ খননক লৈ কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সাংবাদিকগৰাকীৰ ধৰ্মৰ নামত যি ব্যক্তিগত আক্ৰমণ কৰিলে তাৰেই ফল আজিৰ এই সামাজিক বৈষম্য। মুঠতে এই সকলোবোৰ মন্তব্যৰে পৰোক্ষ তথা প্ৰত্যক্ষভাবে অসমত মিঞা বিদ্বেষ সৃষ্টি কৰাত ইন্ধন যোগালে মুখ্যমন্ত্ৰীয়ে। অসমত মুছলমান লোকৰ সংখ্যা ৪০% বৃদ্ধিয়ে অসমতেই অসমীয়া মানুহ সংখ্যালঘু হ’ব বুলি কৰা মন্তব্য আনকি মুখ্যমন্ত্ৰীয়ে মানৱ সমাজক লজ্জিত কৰা ধৰ্ষণৰ দৰে ঘটনাকো যিদৰে সাম্প্ৰদায়িকতাৰ ৰং সানি হিন্দু-মুছলমান কৰিলে এই সকলোবোৰ উচতনি মূলক আচৰণৰ চৰম পৰিণতি আজিৰ এই ধৰ্মীয় উন্মাদনা। ধৰ্মীয় মেৰুকৰণ ড° হিমন্ত বিশ্ব শৰ্মাৰ গাদী ৰক্ষাৰ ৰাজনীতি।
উক্ত সংবাদমেলৰ যোগেদিয়েই বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ বাবে এই দেশৰ ৰাষ্ট্ৰপতিলৈ অনুৰোধ জনাই। বৰাই কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলী তথা ভাৰতৰ সংবিধানত উল্লেখ থকা অনুযায়ী কোনো এটা সম্প্ৰদায়ৰ ব্যক্তিয়ে অন্য কোনো সম্প্ৰদায়ৰ ব্যক্তিৰ বিৰুদ্ধে ঘৃণা সৃষ্টি কৰিব নোৱাৰে বা তেনেধৰণৰ মন্তব্য কৰিব নোৱাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এই সকলোবোৰ জলাঞ্জলি দি কেৱল মাত্ৰ গাদী ৰক্ষাৰ ৰাজনীতি কৰিলে। হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি NRC আনিলে কিন্তু কিয় তেতিয়াই এই সকল ব্যক্তিক বিদেশী বুলি চিনাক্ত নকৰিলে?

যদি বিদেশী আছেই তেন্তে কিয় তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰে? এতিয়া নগাঁৱৰ মৎস্যপালন কৰা সকলে উজনি অসমলৈ মৎস্য ৰপ্তানি নকৰাৰ হুংকাৰ দিছে, কাইলৈ যে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰপ্তানি বন্ধ নকৰিব তাৰ কি মানে আছে? নামনি অসমৰ প্ৰাক্তন আক্ৰাছু নেতাই হুংকাৰ দিছে উজনি অসমত খেদা মিঞাক নামনিত সোমাব নিদিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী থাকোতে হিন্দু-মুছলমানৰ মাজত বিভেদ আনি যি এক ৰক্তাক্ত পৰিবেশক সৃষ্টি কৰি শাসন দখল কৰিছিল তাৰ অনুৰূপ ধৰণৰ পৰিস্থিতি অসমতো সৃষ্টি কৰিব বিচাৰিছে। গতিকে সময় থাকোতেই কেন্দ্ৰীয় চৰকাৰ, অসমৰ দল-মত-ধৰ্ম নিৰ্বিশেষে সকলো সংগঠনলৈ আহ্বান জনাইছো যে, পৰিস্থিতি আৰু অৱনতি ঘটাৰ আগতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি অসম ৰক্ষা কৰে আৰু ৰাজ্যত শান্তি-শৃংখলাৰ বাতাৱৰণ পুনৰ উভতাই আনক।”

Leave A Reply

Your email address will not be published.