পানীক আমি জীৱন বুলি কওঁ। কল্পনা কৰকচোন, সেই পানীয়ে যদি এলাৰ্জীৰ কাৰণ হৈ পৰে তেন্তে জীৱনটো কিমান দুৰ্বিষহ হৈ পৰে। চিকিৎসাৰ ক্ষেত্ৰত এই ৰোগক ‘একুৱাজেনিক আৰ্টিকেৰিয়া’ বুলি কোৱা হয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি বিশ্বত এতিয়ালৈকে মাত্ৰ ৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ১৯৬৪ চনত প্ৰথমবাৰৰ বাবে এই ৰোগ চিনাক্ত কৰা হৈছিল। এই ৰোগ আমাৰ দেশত এতিয়াও দেখা পোৱা নাই। কিন্তু নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যন (এন বি আই)ৰ তথ্য অনুসৰি এই দেশত মাত্ৰ দুজন লোকৰ এই ৰোগ ধৰা পৰিছে। তাৰে এজন আছিল শিশু।
কিন্তু যিকোনো ব্যক্তিৰ পানীৰ প্ৰতি এলাৰ্জী হ’ব পাৰে। যিকোনো বয়সতে হ’ব পাৰে। অৱশ্যে মহিলাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।
কি কি লক্ষণ দেখা জানেনে-
য’ত শৰীৰত পানী পৰিব, তাত ফোহা হ’ব।
পানী স্পৰ্শ কৰিলে জ্বলা ফুটি বিষ হ’ব। শৰীৰত প্ৰদাহ আৰম্ভ হ’ব।
‘একুৱাজেনিক আৰ্টিকেৰিয়া’ ৰোগীয়ে গা ধুবও নোৱাৰে। তেতিয়া গোটেই শৰীৰত ফোহা ওলাব। খজুৱতি হ’বলৈ আৰম্ভ কৰিব।
আনকি ঘামৰ ফলতো এলাৰ্জী হ’ব।
কিছুমান মানুহৰ পানীৰ সংস্পৰ্শলৈ আহিলে ‘এলাৰ্জেন’ হয়। শৰীৰৰ সংস্পৰ্শলৈ আহিলে হিষ্টামিন উৎপন্ন হয় যাৰ ফলত এলাৰ্জী হয়। পানীৰ পৰা হোৱা এলাৰ্জী জীৱন সংকটজনক হোৱাৰ সম্ভাৱনা কম। পানীৰ পৰা এলাৰ্জীৰ লক্ষণ ৩০ মিনিটৰ পৰা ১ ঘণ্টালৈকে থাকে। আনহাতে এনে ৰোগীয়ে পানীৰ সলনি গাখীৰ খাব পাৰে।