শৰীৰৰ বাবে কোনবোৰ ফল উপকাৰী? ওজন কমাবলৈ কি ফল খাব…

শৰীৰৰ বাবে কোনবোৰ ফল উপকাৰী? ওজন কমাবলৈ কি ফল খাব জানেনে এই বিষয়ে। প্ৰায়ে চিকিৎসক বা স্বাস্থ্য বিশেষজ্ঞ সকলে কয় যে প্ৰতিদিনে এটা ফল বা ফলৰ ৰস খাব লাগে।কিন্তু আপুনি আপোনাৰ শৰীৰৰ বাবে উফযোগী ফল খাইছেনে। কাৰণ বহুতৰে ফল খোৱাৰ পিছত এলাৰ্জি হয় আৰু ফলৰ উপকাৰিতাৰ বিষয়েও নাজানে। ফলমূলত এনেধৰণৰ ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট থাকে। আজি আমি আপোনালোকক জনাম ওজন কমাবলৈ কোনবোৰ ফল খাব…

ফল-মূল খালে শৰীৰৰ বহু উপকাৰ হয়। ফলত থকা ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট আৰু ফাইটোকেমিকেল শৰীৰৰ দীৰ্ঘদিনীয়া ৰোগ দূৰ কৰাত অতি ফলপ্ৰসূ। জামু, আপেল, ছাইট্ৰাছ ফল আৰু আঙুৰ খাব পাৰে। আপোনাৰ স্বাস্থ্যৰ বাবে আপুনি সুষম খাদ্য গ্ৰহণ কৰিব লাগিব, তিয়হ আৰু শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে।

ফলৰ ৰস খোৱাৰ সময়ত কিছুমান বস্তুৰ প্ৰতি বিশেষ যত্ন লওক। কেৱল এটা ফলৰ পৰা তৈয়াৰ কৰা ফলৰ ৰস খাব লাগে।বহুতো ফল মিহলি কৰি ফলৰ ৰস খাব নালাগে। পেকেটত ভৰোৱা ফলৰ ৰস খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

Related Articles