মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত কোন কোন ছুপাৰষ্টাৰ উপস্থিত থাকিব…

নৰেন্দ্ৰ মোডীয়ে আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ কৰিব, য’ত বহু ডাঙৰ ডাঙৰ মুখ দেখা যাব। তাৰ ভিতৰত বলীউডৰ বহু ছুপাৰষ্টা, দক্ষিণ উদ্যোগৰো বহু লোক উপস্থিত থাকিব। যিয়ে এই মুহূৰ্তক অতি ঐতিহাসিক বুলি অভিহিত কৰিছে। বিগত ১০ বছৰ ধৰি দেশৰ দায়িত্বত থকা নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ কৰিবলৈ ওলাইছে।এই বিশেষ মুহূৰ্তবোৰৰ অংশ হ’বলৈ নতুন দিল্লীলৈ ৰাওনা হৈছিল ৰজনীকান্ত।

শেহতীয়াকৈ চেন্নাই বিমানবন্দৰত দেখা গৈছিল ছুপাৰষ্টাৰগৰাকীক। য’ত তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিল আৰু লগতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনায়।

কংগনা ৰানাউটেও অংশগ্ৰহণ কৰিব পাৰে! ৰজনীকান্তৰ উপৰিও বলীউডৰ তাৰকা তথা মাণ্ডীৰ সাংসদ কংগনা ৰানাৱটেও প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কটকটীয়া নিৰাপত্তাৰ মাজতে সন্ধিয়া ৭:১৫ বজাত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব, য’ত অৰ্ধসামৰিক বাহিনী, এন এছ জিৰ কমাণ্ডো, ড্ৰ’ন আৰু স্নাইপাৰ থাকিব। অনুষ্ঠানৰ অন্তত বিজেপিৰ সভাপতি জে পি নাড্ডাইও এন ডি এৰ সকলো নেতা আৰু দলীয় বিষয়াৰ বাবে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Related Articles