‘ফাগুনৰ স’ৰাপাতে কাৰ বাবে উচুপে?’

‘ফাগুনৰ স’ৰাপাতে কাৰ বাবে উচুপে ?’
“যেতিয়া পৰশ লাগে,
যৌৱনৰ পাৰ ভাগে ,
অচিনাকী হয় আপোন
এই যে ফাগুন “
ফাগুনৰ মায়াবী ৰূপত সকলোৰে মন চঞ্চল হোৱাৰ সময়। চঞ্চলা ফাগুনৰ পছোৱা জাকে আৱেগৰ আঁচল উৰুৱাই মন-প্ৰাণ উতলাই তোলে। স’ৰা পাতে পাতে ফাগুন নামে। বুকুত বসন্তৰ বতৰা লৈ ফাগুন আহে।


ফাগুন মানেই ধোঁৱা-ধূলিয়ৰি বাট,ফাগুন মানেই উদং পথাৰ,লঠঙা গছ-গছনি,ৰিঙা ৰিঙা মন।ফাগুনৰ ফেৰফেৰীয়া বতাহ জাকত শুণো স’ৰাপাতৰ উচুপনি। ফাগুন মানেই পলাশ ,শিমলু তুলা। ফাগুনৰ ৰুদ্ধশ্বাস বতাহ জাকে নতুনকৈ সজাবলৈ আহে ধৰণীক। এক বিনন্দীয়া ৰূপৰ চমক দিয়ে প্ৰকৃতিক। হাত বাউলি মাতে বসন্তক।
পলাশে ৰং সানি ফাগুনতে মিঠা হাঁহি বুলালে।
“ফাগুন অহাৰ সময়তে,
আকৌ এবাৰ আহি কবানে,
ঘুৰি ৰ’ব যেন মৰমেৰে ,
তোমাৰেই কথাকে”কাৰ মনৰ বতৰা লৈ ফাগুন আহে।

ফাগুনৰ বতাহ জাকে দিব পাৰিব জানো অশান্ত মনত প্ৰশান্তময়ী শান্তিময় ৰূপ। ফাগুনৰ বা লাগি চঞ্চল বতাহজাকে কমুৱা তুলাৰ দৰে মন উৰু উৰু কৰে। সেয়েহে কয় ফাগুনক ‘মায়াবী ফাগুন’।
শিমলু ,পলাশ ,মদাৰে শুৱনি কৰে ফাগুনক। ফাগুনৰ এই মোহময়ী সময়ছোৱাত কোন কবিৰ বুকুৰ মাজত শিমলুবুলীয়া সপোনবোৰে সদায় আপোনজনক বিচাৰি হাহাকাৰ কৰে। পলাশ ফুলবোৰ কি যে মনমোহা।
‘পলাশৰে ৰং কোনেনো সানিলে এই সেউজ বননিত ‘মনৰ ফাগুন আহিলে পলাশো ফুলিলে,দেহৰ বনত কুলিৰে সুহুৰি কপিলে’ ।ফাগুনত বতাহত উৰি ফুৰে ৰঙা,নীলা বহুৰঙী আকাশমুখী চিলা।ফাগুনৰ ৰিব্ ৰিব্ বতাহত চিলা উৰুৱাৰ আনন্দ । নষ্টালজিক কৰে বহুতকে ,ৰঙা নীলা কাগজ আনি গৰম আঠা দি বাঁহৰ লেকেচিৰ সহায়ত চিলা সঁজাৰ আনন্দ। কাৰ চিলাখন আকাশৰ কিমান উচ্চতালৈ যাব পাৰে। উৰন্ত চিলাৰ মাজত কটাকটি ,কেনেবাকৈ চিলাখন গছৰ ডালত লাগি ধৰিলে হাঁকুটিয়াই থকা এইবোৰেই শৈশৱৰ নিৰ্দোষ ধেমালি।


ফাগুনৰ বলিয়া পছোৱাজাকে কোন সুন্দৰীৰ আৱেগৰ আঁচল উৰুৱাই গালে মুখে সানে ফাগুনৰ আৱিৰ। পুৱাতেই সৰা চোতাল খনত বাৰে বাৰে সৰাপাতে গৃহিনীক জোকাই।পলাশ -মদাৰেও গোপনে আহি নিচুপে চঞ্চল মনত আবিৰ সানে।
ফাগুন মানেই চঞ্চল এচাটি বতাহ,হৃদয়খনত তোলপাৰ লগাবলৈ কৰপৰা ঢপলিয়াই ফাগুনৰ অনামী অচিনাকী নিচা। শীতৰ বোকোচাত ফাগুন আহে। সঁচাই ফাগুন ৰহস্যময়ী এক নুবুজা সাঁথৰ। ফাগুনৰ উমান পালেই অবুজন মনে আঁত হেৰুৱা চেৰেকীৰ সূতাৰ দৰে কিনো বিচাৰি হাহাকাৰ কৰে।


ফাগুন আনে কেইটামান উৎসৱ ,আলি আই লৃগাং,ফাগুনৰ পূৰ্ণিমাত ফাকুৱা উৎসৱ আৰু শিৱৰাত্রী। ফাগুনক সকলোৱে বিচাৰে। সকলো ফালে উদং উদং ভাৱ আনফালে বসন্তক আহব্বান। পাতলীয়া এজাক বৰষুনে ফাগুনক আদৰে। হৃদয়ৰঙী ভালপোৱাবোৰ লৈ ফাগুন এইবাৰো আহক। শিমলুবুলীয়া সপোনবোৰৰ সৈতে ফাগুনতে আনন্দবোৰ আজুৰি আনো আহক।

-গীতাশ্রী বৰা, গোলাঘাট, দূৰভাষ- ৯৩৬৫৪৫২৫৬৬

Related Articles