Breaking

কোনোবা এম বি এ, কোনোবাই অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ মাজ বাটতে এৰিলে কলেজ! বচ্চন পৰিয়ালৰ কোন, কিমান পঢ়া…

0 24

অমিতাভ বচ্চনৰ পৰা জয়া বচ্চনলৈ, অভিষেক বচ্চনৰ পৰা ঐশ্বৰ্য ৰায় বচ্চনলৈকে তেওঁলোকৰ শৈক্ষিক অৰ্হতাৰ কিমান জানেনে। অমিতাভ বচ্চনে পাঁচ দশকজুৰি ২০০ৰো অধিক ছবিত অভিনয় কৰিছে। অমিতাভ বচ্চন এলাহাবাদৰ এখন বিদ্যালয়ত পঢ়িছিল। ইয়াৰ পিছত তেওঁ এলাহাবাদ এৰি নৈনীতাললৈ যায়। তাতে এখন স্কুলত পঢ়া-শুনা সমাপ্ত কৰিছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লীৰ এখন কলেজত পঢ়ে অমিতাভ বচ্চন। ১৯৬২ চনত তেওঁ সেই মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত অমিতাভ অভিনয় জগতত প্ৰৱেশ কৰে।

১৯৭৩ চনত অমিতাভে বলীউডৰ অভিনেত্ৰী জয়া বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জয়াই ভোপালৰ এখন স্কুলত পঢ়িছিল। উচ্চ শিক্ষাৰ বাবে জয়া ভোপালৰ পৰা পুনেলৈ গুচি যায়। তেওঁ পুনেৰ ফিল্ম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। অমিতাভ আৰু জয়াৰ কন্যা শ্বেতাৰ জন্ম হৈছিল ১৯৭৪ চনত। শ্বেতাই দিল্লীৰ স্কুলৰ পৰা শিক্ষা সমাপ্ত কৰে। শ্বেতা উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল। বষ্টনৰ এখন বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰিছিল। ১৯৭৬ চনৰ ৫ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ মুম্বাইত অমিতাভ আৰু জয়াৰ ঘৰত জন্মগ্ৰহণ কৰিছিল অভিষেক বচ্চনে। অভিষেক মুম্বাই আৰু দিল্লীৰ স্কুলত পঢ়িছিল যদিও পিছলৈ বিদেশলৈ গুচি যায়। অভিষেকে ছুইজাৰলেণ্ডৰ এখন স্কুলৰ পৰা পঢ়া-শুনা সমাপ্ত কৰিছিল। বায়েকৰ দৰে তেওঁও বষ্টন বিশ্ববিদ্যালয়ত ব্যৱসায় প্ৰশাসনৰ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰে। কিন্তু অমিতাভ-পুত্ৰই মাজ বাটতে কলেজ এৰে অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ।


পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে অভিষেকৰ সম্পৰ্ক অন্তহীন। বালিপাৰাৰ অধিকাংশ লোকে দাবী কৰে যে বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যৰ ভাল সম্পৰ্ক নাই। অভিষেকৰ সৈতেও বিবাহ বিচ্ছেদৰ কথা ভাবিছে অভিনেত্ৰীগৰাকীয়ে।২০০৭ চনত অভিষেকৰ সৈতে বিবাহপাশত আবদ্ধ হয় ঐশ্বৰ্যই। আনহাতে ঐশ্বৰ্যই কৰ্ণাটকত জন্মগ্ৰহণ কৰিলেও পিতৃৰ বদলিৰ চাকৰিৰ বাবে পৰিয়ালটো মুম্বাইলৈ গুচি যায়। ঐশ্বৰ্যই তাতেই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ঐশ্বৰ্যই স্নাতক ডিগ্ৰী লাভ কৰিবলৈ মুম্বাইৰ এখন কলেজত নামভৰ্তি কৰে। কিন্তু কলেজৰ পঢ়া-শুনা মাজ বাটতে এৰি অভিনয় কৰিবলৈ। অভিনেত্ৰীগৰাকীয়ে মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ অভিনয় জগতত প্ৰৱেশ কৰিছিল। বলিপাৰাৰ সূত্ৰ অনুসৰি শ্বেতাৰ জ্যেষ্ঠ কন্যা নব্য নোভেলী নন্দই নিউয়ৰ্ক চহৰৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ডিজিটেল টেকন’লজি আৰু ইউএক্স ডিজাইনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে। শ্বেতাৰ কনিষ্ঠ পুত্ৰ অগস্ত্য নন্দই লণ্ডনৰ এখন কলেজৰ পৰা পঢ়িছিল। ২০১৯ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। অভিষেক আৰু ঐশ্বৰ্যৰ কন্যা আৰাধ্যা বচ্চন বৰ্তমান মুম্বাইৰ ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত অধ্যয়ন কৰি আছে।

Leave A Reply

Your email address will not be published.