Breaking

মুখ্যমন্ত্ৰী ডালে ডালে, অসম আৰক্ষী পাতে পাতে

36

অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা প্ৰায় ৪০০০ কোটি টকা সৰকাই বৰ্তমান অভিনেত্ৰীগৰাকী পলাতক। বিশেষ সূত্ৰে জানিব পৰা মতে চুমি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অলপো সম্ভাৱনা নাই।(Who invested the money in online trading)

দৈনন্দিন বাৰ্তাৰ সেৱাঃ ৰাজ্যত এতিয়া এটা নামেই মানুহৰ মুখে মুখে উচ্চাৰিত হৈছে। সেয়া হৈছে চুমি বৰা। যতীন বৰাৰ ৰাঘৱৰ অভিনেত্ৰী চুমি বৰা বৰ্তমান পলাতক। অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা প্ৰায় ৪০০০ কোটি টকা সৰকাই বৰ্তমান অভিনেত্ৰীগৰাকী পলাতক। বিশেষ সূত্ৰে জানিব পৰা মতে চুমি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অলপো সম্ভাৱনা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে চুমি বৰাক এতিয়া আৰক্ষীৰ একাংশ লোকেই পলুৱাই ৰাখিছে। ইয়াৰ কাৰণ বাখা কৰি সূত্ৰটোৱে কৈছে যে চুমি বৰাক গ্ৰেপ্তাৰ কৰাৰৰ লগে লগেই বহুতৰে মুখা খোল খাই পৰিব। ক’লা ধনৰে সম্পত্তিৰ বিশাল পাহাৰ গঢ়া সকলেই মূলতঃ চুমি বৰাৰৰ জালতত বন্দী হৈছিল। তেওঁলোকৰ ভিতৰত ডিব্ৰুগড়ৰৰ বহু আগশাৰীৰ ডাক্তৰ , ৰাজনীতিক আদিও আছে। ডিব্ৰুগড়ৰৰ একাংশ ডাক্তৰে মানহক কছাইৰ দৰে ব্যৱহাৰ কৰি ধন ঘটাৰ কথা এতিয়া সৰ্বজনবিদিত। সেইসকল ডাক্তৰেই চুমি বৰাৰ মোহত পৰি লাখ লাখ টকা অন লাইন ট্ৰেডিঙত।(Who invested the money in online trading)

বিনিয়োগ কৰাৰ কথা এতিয়া পোহৰলৈ আহিছে। আচৰতি কথাটো হ’ল অসম আৰক্ষীয়ে অনলাইন ট্ৰেডিঙত কোনে কোনে ধন বিনিয়োগ কৰিছিল সেই তালিকা আজিলৈকে প্ৰকাশ কৰিবলৈ সাহস কৰা নাই। এঅই কথাতে মানুহৰ এতিয়া সন্দেহ বহুগুণে বাঢ়ি গৈছে। কাৰণ অসম আৰক্ষীয়ে ইয়াৰ আগতেও একেধৰণৰ অৰ্থনৈতিক কেলেংকাৰীৰ সৈতে জড়িত বহতকে নিজৰ অপদাৰ্থতা অথবা আন কোনো কাৰণত ধৰিবলৈ সক্ষম হোৱা নাই। আমি ইয়াত অসম আৰক্ষীয়ে আজিলৈকে ধৰিবলৈ সক্ষম নোহোৱা কেইজনমান মানুহৰ কথা উল্খেখ কৰিব বিচাৰিছো। ব্যাপক দুৰ্নীতি আৰু জঘন্য অপৰাধৰ সৈতে জড়িত এই সকল হাই-প্ৰফাইল অপৰাধীক আৰক্ষীয়েই ৰক্ষণাবেক্ষণ দিয়া বুলি এতিয়া চৰ্চা হৈছে। আৃৰক্ষীয়ে মানুহক দেখুৱাই প্ৰথমে এনেবোৰ ঘটনাত তদন্ত আৰম্ভ কৰে যদিও পিছলৈ সকলো তদন্ত ফুটুকাৰ ফেনতহে পৰিণত হয়। আমি ইয়াত আৰক্ষীয়ে আজিলৈকে ধৰিব নোৱাৰা কেইজনমান অপৰাধীৰ কথা উল্লেখ কৰিলো-


১/ ৰাজীৱ পাল (ৰাকেশ পলৰ ভাতৃ): ২০১৬ চনৰ পৰা এ পি এছ চি কেলেংকাৰী পলাতক

এ পি এছ চিৰ কুখ্যাত নগদ ধনৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়া কেলেংকাৰিৰ সৈতে জড়িত ৰাজীৱ পাল ২০১৬ চনৰ পৰা পলাতক হৈ আছে। এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ ভাতৃক ধৰিবলৈ বা তেও ক’ত আছে সেয়া নিশ্চিত কৰিবলৈ অসম আৰক্ষীৰ দৰে বিয়াগোম বাহিনীটো আজিও সক্ষম হোৱা নাই.।

২/ দীপাংকৰ বৰ্মনঃ ৭,০০০ কোটি টকাৰ আৰ্থিক জালিয়াতি

ৰাজ্যত সৌসিদিনা আৰ্থিক কেলেংকাৰীৰে তোলপাৰ লগোৱা দীপাংকৰ বৰ্মণনোকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। আৰক্ষীৰ আশীৰ্বাদতেই তেওঁ এতিয়া পলাতক হৈ থাকিবলৈ সক্ষম হৈছে বুলি চৰ্চা চলিছে। দীপাংকৰ বৰ্মনে বৃহৎ বিত্তীয় জালিয়াতিৰ পৰিকল্পনা কৰিছিল, তেওঁৰ প্ৰতিষ্ঠান ডি বি ষ্টক ব্ৰকিঙৰ জৰিয়তে। এনেদৰে তেওঁ বিনিয়োগকাৰীক ৭,০০০ কোটিৰো অধিক টকাৰ প্ৰতাৰণা কৰিছিল। এই কেলেংকাৰীয়ে

৩/ সুনীল গগৈঃ ২০২৪ চনৰ জুন মাহৰ পৰা জীৱন মিছনত দুৰ্নীতি সংঘচিত কৰি পলাতক

ধেমাজিৰ জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ ২০২৪ চনৰ জুন মাহত ঠিকা কেলেংকাৰীত জড়িত হৈ নিৰুদ্দেশ হৈ আছে। তেওঁৰ দুৰ্নীতিৰ সৈতে বহু বাঘা বাঘা ৰাজনীতিক জড়িত থকা বুলিও কথা ওলাইছে। কিন্তু অসম আৰক্ষী ইমানেই অক্ষম যে সুনীল বৰাক আজিলৈকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। অসম আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোকে ৰাজ্যজুৰি তেওঁৰ বিচাি আছে কিন্তু সঘনাই তেওঁৰ মোবাইল নম্বৰ সলনি কৰি তদন্ত জটিল কৰি তুলিছে। চি আই ডিৰ প্ৰচেষ্টা সত্ত্বেও পলাতক হৈ আছে গগৈ।


৪) চুমি আৰু তাৰ্কিক বৰা


অসম আৰক্ষীৰ ব্যৰ্থতাৰ তালিকাত নতুনকৈ অন্তুৰ্ভুক্ত হৈছে তুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ নাম। ৪০০০ কোটি টকা সৰকাই এতিয়া পলাতকচুমি আৰু তাৰ্কিক। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল ব্যক্তি চুমি আৰু কাৰ্কিক বৰাকোনআৰক্ষীয়েই লুকুৱাই ৰাখিছে বুলি মানুহৰ সন্দেহ হৈছে। অসম আৰক্ষীৰ এনে অক্ষমতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বাৰে বাৰে মানুহৰ চকুত সন্দেহৰ পাত্ৰ কৰি তুলিছে বুলিও বহুতে মন্তব্য কৰিছে। কারম গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাততে আছে। কিন্তু বহুতে এই বুলিও কৈছে- আমোলা-বিষয়া কেন্দ্ৰিক প্ৰশাসনত মুখ্যমন্ত্ৰীক আৰক্ষীয়েই ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে্। মুখ্যমন্ত্ৰী শৰ্মা যদি ডালে ডালে আৰক্ষী পাতে পাতে বুলিও বহুতে মন্তব্য কৰিছে। ক’লা ধন বিনিয়োগকাৰীক ৰক্ষণাবেক্ষন দিবৰ বাবেই আৰক্ষীৰ একাংশ লোকে মুখ্যমন্ত্ৰীক ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে বুলিও বহুতে মন্তব্য কৰিছে। বহুতে এইবুলিও কৈছে কৈছে যে কিছুদিন পিছতে হয়তো চুমি বৰাৰ দৰে লোকসকলেই নেত্ৰীৰ ৰূপত অৱতীৰ্ণ হৈ ৰাইজক বহু ভাল ভাল কথা ক’ব। একাংশৰ মতে সম্প্ৰতি অসমত বেয়া কামেৰে কুখ্যাত হৈ পৰা চুমি বৰাক ২০২৬ৰ বিধানসঙাৰ নিৰ্বাচনতো চিকট দিয়াৰ বাবে দুষ্ট চক্ৰটো সক্ৰিয় হৈ পৰিছে।

লগতে পঢ়কঃ Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং


ইপিনে শেহতীয়া খবৰ অনুলৰি চুমি বৰা আৰু তাৰ্কিকে তাঘালয়লৈ পলায়ন কৰিছে। খবৰ অনুসৰি ২ ছেপ্টেম্বৰত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ পৰামৰ্শ মতেই তেওঁলোক মেঘালয়লৈ গৈছে। চুমি বৰাক আগতীয়া জামিন লাভ নকৰালৈকে মেঘালয়তে থাকিবলৈ আৰক্ষীৰে উচ্চ পদস্থ বিষয়াই পৰামৰ্শ দিয়া বুলিও জানিব পৰা গৈছে। একাংশৰ মতে দম্পতীহাল এতিয়া ডিব্ৰুগড়ত থাকিব পাৰে। তেওঁলোকে একাঁস দুৰ্নীতিগ্ৰস্তৰ পৰামৰ্সমতেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে। এই দাবীসমূহ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

published by: Munmi gogoi

Comments are closed.