Breaking

ভাগ্যৱান কোন, কৰণ নে বিপাশা? বিপাশাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দুই অভিনেত্ৰীৰ সৈতে বিবাহ বিচ্ছেদৰ কাৰণ ব্যক্ত কৰণ সিং গ্ৰ’ভাৰৰ…

0 53

বিপাশাক বিয়া কৰাৰ পূৰ্বে অভিনেতা কৰণ সিং গ্ৰ’ভাৰ দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। দুয়োবাৰে তেওঁ বিবাহ বিচ্ছেদ হ’ল। বৰ্তমান ২০২১ চনত কৰণ-বিপাশাৰ কন্যা দেৱীৰ জন্ম হয়। তিনিজনীয়া এটা সুখী পৰিয়াল। অৱশ্যে বিপাশা-কৰণৰ বিবাহ বৰ সহজ নাছিল। প্ৰথমতে অভিনেত্ৰীগৰাকীৰ পৰিয়ালে নিজৰ মতামত দিব বিচৰা নাছিল। কাৰণ আছিল কৰণৰ পূৰ্বৰ বৈবাহিক ইতিহাস। বিপাশাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে অভিনেতাগৰাকীয়ে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। দুবাৰকৈ বিবাহ বিচ্ছেদ হৈছে কৰণৰ। কৰণ সেই সময়ত টেলিভিছনত জনপ্ৰিয় আছিল।

২০০৮ চনত অভিনন্তী শ্ৰদ্ধা নিগমৰ সৈতে কৰণ বিবাহপাশত আবদ্ধ হয়। ১০ মাহৰ পিছত বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত জেনিফাৰ উইংগেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কৰণ সিং গ্ৰ’ভাৰ। কিন্তু সেই বিয়াও দুবছৰৰ পাছত ভাঙি গ’ল। অৱশেষত ‘এল’ন’ ছবিখনত বিপাশাৰ সৈতে লগ হ’ল কৰণ। ইয়াৰ পিছতে প্ৰেম। ২০১৬ চনত কৰণ-বিপাশাৰ বিয়া হয়।

বিপাশাক বিয়া কৰাওঁতে কৰণে কটুক্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। কাৰণ আছিল তেওঁৰ অতীত। অৱশ্যে পূৰ্বৰ দুই ভাঙি যোৱা বিবাহৰ অভিজ্ঞতাৰ বিষয়ে অভিনেতাগৰাকীয়ে কেতিয়াও মুকলিকৈ কোৱা নাই।অৱশ্যে কৰণে স্বীকাৰ কৰে যে বিপাশা জীৱনলৈ অহাৰ পিছত তেওঁৰ বহু পৰিৱৰ্তন হৈছে। বিপাশা তেওঁৰ জীৱনলৈ অহাৰ পিছত তেওঁৰ জীৱনশৈলীৰ আমূল পৰিৱৰ্তন ঘটিছে বুলি অভিনেতা গৰাকীয়ে কয়। তেওঁ এতিয়া সূৰ্য্য উদয়ৰ লগতে সূৰ্যাস্তও দেখিছে। কৰণৰ জীৱন এতিয়া অনুশাসনত বান্ধ খাইছে।

Leave A Reply

Your email address will not be published.