Breaking

কোন হ’ব বিজেপিৰ সভাপতি !

0 43

ডিচেম্বৰত নিযুক্ত হ’ব বিজেপিৰ নতুন অধ্যক্ষঃ আগষ্টৰ পৰাই আৰম্ভ হ’ব প্ৰক্ৰিয়া
দলীয় সূত্ৰ অনুসৰি অহা ১ আগষ্টৰ পৰা সভাপতি পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ বাবে প্ৰথমে সদস্যভৰ্তি অভিযান চলোৱা হ’ব আৰু ১৫ ছেপ্টেম্বৰলৈকে এই অভিযান অব্যাহত থাকিব। ইয়াৰ পিছত ১৬ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সক্ৰিয় সদস্যভৰ্তি অভিযান চলাব বিজেপিয়ে।

ডিচেম্বৰত নিযুক্ত হ’ব বিজেপিৰ নতুন অধ্যক্ষঃ আগষ্টৰ পৰাই আৰম্ভ হ’ব প্ৰক্ৰিয়া, কোন হ’ব বিজেপিৰ সভাপতি !
চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ইয়াৰ বাবে অহা ১ আগষ্টৰ পৰাই আৰম্ভ হ’ব নিৰ্বাচনী প্ৰক্ৰিয়া। ইফালে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ পূৰ্বে ব্যাপক সদস্যভৰ্তি অভিযান চলোৱা হ’ব বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে জিলা আৰু ৰাজ্যিক ইউনিটসমূহো শক্তিশালী কৰি তোলাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিছে। অৱশ্যে শেহতীয়াকৈ তেওঁৰ কাৰ্যকাল ২০২৪ চনৰ জুন মাহলৈকে বৃদ্ধি কৰা হৈছে। লক্ষণীয়ভাৱে নতুন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটতো স্থান দিয়া হৈছে নড্ডাক।

এনে পৰিস্থিতিত বিজেপিয়ে নতুন সভাপতিৰ সন্ধান চলাইছে। এই উপলক্ষে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে দলটোৱে। দলীয় সূত্ৰ অনুসৰি অহা ১ আগষ্টৰ পৰা সভাপতি পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ বাবে প্ৰথমে সদস্যভৰ্তি অভিযান চলোৱা হ’ব আৰু ১৫ ছেপ্টেম্বৰলৈকে এই অভিযান অব্যাহত থাকিব।

ইয়াৰ পিছত ১৬ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সক্ৰিয় সদস্যভৰ্তি অভিযান চলাব বিজেপিয়ে। সক্ৰিয় সদস্যপদ অভিযানৰ পৰীক্ষণ ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে কৰা হ’ব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ইফালে ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ বিজেপিয়ে মণ্ডল সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে ১৬ নৱেম্বৰৰ পৰা ৪০ নৱেম্বৰলৈ জিলা সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিজেপিৰ সূত্ৰ অনুসৰি মণ্ডল সভাপতি আৰু জিলা সভাপতি নিৰ্বাচনৰ পিছতহে ৰাজ্যিক সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। বিজেপি মণ্ডল সভাপতি আৰু জিলা সভাপতি নিৰ্বাচনৰ পিছত ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যিক সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া।

সূত্ৰ অনুসৰি ৫০ শতাংশ ৰাজ্যত ৰাজ্যিক সভাপতিৰ নিৰ্বাচন সম্পূৰ্ণ হ’লেহে ৰাষ্ট্ৰীয় সভাপতি আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হ’ব। তেতিয়ালৈকে জে পি নড্ডাই সভাপতি হিচাপে দায়িত্ব পালন কৰি থাকিব বুলি ইতিপূৰ্বে দলীয় এক সূত্ৰই প্ৰকাশ কৰিছিল। চাৰি বছৰতকৈ অধিক সময় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্বত আছে নড্ডা।

নড্ডাৰ কাৰ্যকাল জানুৱাৰী মাহতে শেষ হৈছিল যদিও লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তেওঁৰ কাৰ্যকাল পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰা হৈছিল। সেই অনুসৰি চলিত মাহৰ শেষৰ ফালে জে পি নড্ডাৰ কাৰ্যকাল শেষ হ’ব লাগিছিল। কিন্তু নতুন সভাপতি নিযুক্তি নোহোৱা পৰ্যন্ত তেওঁ এতিয়া কেন্দ্ৰীয় মন্ত্ৰালয়ৰ লগতে দলৰ কাম-কাজ চোৱাচিতা কৰি থাকিব।

উল্লেখ্য যে জে পি নড্ডাৰ উপৰিও ভূপেন্দ্ৰ যাদৱ, শিৱৰাজ সিং চৌহান, ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি আন বহু জ্যেষ্ঠ নেতায়ো মোদী নেতৃত্বাধীন নতুন চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত দলটোৱে এতিয়া নতুন মুখ এখনত বিজেপিৰ অধ্যক্ষ পদত নিয়োগ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদীৰ নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত নোহোৱা একাংশ প্ৰাক্তন মন্ত্ৰীকো দলত গুৰুত্বপূৰ্ণ ভূমিকা দিয়াৰ সম্ভাৱনা আছে।

Leave A Reply