Breaking

বকোত কোনে পিন্ধিব বিজয়ৰ মুকুট, কংগ্ৰেছ, অগপ আৰু তৃণমূল কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া যুজ

0 2,104

অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে অৱস্থাত ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে ৪৮ নং বকো বিধান সভা সমষ্টিতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ টঙালি বান্ধি প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে। মহাজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ সমান্তৰালকৈ মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাস আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাসেও ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ সমষ্টিটো বিভিন্ন ঠাইত সভা সমিতি পাতি নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাস বহু ভোটৰ ব্যৱধানত জয়ী হৈছিল যদিও এইবাৰৰ বিধান সভা নিৰ্বাচনত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে। উন্নয়নৰ শ্ল’গান দি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে বিগত পাঁচটা বছৰৰ বিধায়ক পুজিৰ ধন ব্যয়ৰ নামত দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ লগতে আছে একাধিক অভিযোগ। বিধায়িকা নন্দিতা দাসৰ আত্ম অহংকাৰ, পুৰণা কংগ্ৰেছ কৰ্মীক গুৰুত্ব প্ৰদান নকৰা, সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম কাজ কৰাৰ বাবে কমিছন খোৱা আদিৰ বাবেই বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে বিধায়িকা গৰাকীৰ প্ৰতি ক্ষোভিত হৈ খোলাখুলিকৈ কংগ্ৰেছত ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰাৰ পৰিলক্ষিত হৈছে। যিসকল কংগ্ৰেছ কৰ্মীয়ে দেহেকেহে খাটি নন্দিতা দাসক বিধায়িকা হিচাপে নিৰ্বাচিত কৰিছিল পৰৱৰ্তী সময়ত সেই সকলৰ বহুতকে একাষৰীয়া কৰি চৰম অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা কৰ্মী সকলে। মুঠতে কব পাৰি যে এইবাৰ নন্দিতা দাসৰ পথ সুগম নহয়। কিয়নো সমষ্টিত দলীয় বিসম্বাদত সম্প্ৰতি জৰ্জৰিত কংগ্ৰেছ দল। নগৰবেৰাৰ কংগ্ৰেছী জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠকৰ কংগ্ৰেছ ত্যাগেও প্ৰভাৱ পৰিব সমষ্টিৰ ৰাজনীতিত। ইপিনে ২১ ৰ বিধান সভা নিৰ্বাচনৰ শক্তিশালী প্ৰাৰ্থী অগপৰ জ্যোতিপ্ৰসাদ দাস। সমষ্টিৰ দুবাৰৰ বিধায়ক জ্যোতিপ্ৰসাদ দাস শাসনাধিষ্ঠিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ ওপৰি এজন নিকা ভাৱমূৰ্তি আৰু সহজ সৰল ব্যক্তিত্বৰ ব্যক্তি হিচাপে ৰাইজৰ মাজত চৰ্চালৈ আহিছে। অগপ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসেও বৰ্তমানৰ বিধায়িকা নন্দিতা দাসৰ সমান্তৰালকৈ নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ দিনে নিশাই প্ৰচাৰ কাৰ্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে। সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ নন্দিতা দাস আৰু অগপ দলৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাস দুয়োজন প্ৰাৰ্থীৰ মুৰৰ কামোৰণি হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাস। চাৰিবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ও সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলটিৰ ৰাজ্যিক সভাপতি এইবাৰ তৃণমূল কংগ্ৰেছৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈ সমষ্টিটোত কৰ্মী সমৰ্থকক লৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত আজিও ধুসৰ হৈয়েই আছে বকো সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট।

Leave A Reply

Your email address will not be published.