মানুহ কিয় সলনি হয় ?

আচিক আহমেদ

মানুহ সলনি হ’বলৈ কেতিয়া বাধ্য হয় আপুনি কেতিয়াবা ভাবিছেনে? মানুহ সলনি হয় বুলি ক’লে হয়তো ভুল হ’ব, আচলতে মানুহক সলনি নহয় মানুহক পৰিস্থিতি আৰু সমাজে সলনি কৰে ।‌ বিভিন্ন সময়ত দেখা যায় মানুহে কেতিয়াবা অহংকাৰীও হৈ পৰে কিন্তু ইয়াৰ আৰত থকা ৰহস্য কি জানেনে ? ক’তো যন্ত্ৰণাৰ অশেষ ভুগি যেতিয়া বিপদৰ সময়ৰ নাইবা প্ৰয়োজনীয় সময়ত লগত কাৰোৱেই নাপায় আৰু সেইজনে এদিন হয়তো পৰিস্থিতি সৈতে অকলে যুদ্ধ অৱশেষত নিজৰ লক্ষ্যত উপনীত হোৱাৰ পাচতেই তেওৰ পূৰ্বৰ কথা মনত পৰি অহংকাৰী হ’বলৈ বাধ্য হয় । মানুহৰ সৈতে থকা সম্পৰ্কৰ প্ৰকৃত মুখা প্ৰাত্ৰ বোৰ চিনাকি পোৱাৰ পাছৰ কেনে কেনেকুৱা সলনি হ’বলৈ বাধ্য হয় । আজিৰ মানুহে প্ৰয়োজনত মিঠা মাত দিয়ে কিন্তু প্ৰয়োজন শেষ হ’লেই কথাৰ সুৰ সলনি হৈ যায় এয়াই আজিৰ মানুহৰ চৰিত্ৰ । আমাৰ মানৱ জীৱনত যেতিয়া আমাক কাৰোবাক সহায়ৰ প্ৰয়োজন হয় সেই সময়ত কেতিয়াবা আমি বিচাৰি বিচাৰিও কাৰোৱে পৰা একোৱে সহায় নাপাও আমাৰ বাবে যেন কাৰোৱে অকনো সময় নাথাকে । অৱশেষত আমি অকলশৰীয়া হৈ পৰে বিভিন্ন জনৰ পৰা অৱেহলাই নহয় বৰঞ্চ ব্যস্ততাৰ অজুহাতৰ কথা শুনাটো স্বাভাৱিক কিন্তু হেজাৰ ব্যস্ততাৰ মাজতো এজন সফল ব্যক্তিৰ বাবে সকলোৰে সময় থাকে কিয়নো তেওৰ মূল্য বেছি ঠিক তেনেদৰে সংগ্ৰামৰ সময়ত হয়তো আমাৰ সিমান মূল্যও নাথাকে আৰু আমাৰ বাবে সময়ও দিব নিবিচাৰে ,যেতিয়া বিপদে আগুৰি লয়‌ যেন চাৰিফালৰ পৰা অসহায়হীন । বেয়া হলে যেন নাইবা দুখ পালে চাৰিফালৰ পৰা বেয়াই পৰিস্থিতি হৈ থাকে বহু সময়ত প্ৰয়োজন হোৱা সত্বেও সহায় সহযোগিতা নাপায় আমি অকলশৰীয়া হৈ পৰো ।জীৱনত নানা অজুহাত আনৰ অৱহেলা প্ৰয়োজনীয় সময়ত নোপোৱা সহায় আদিয়ে মনতে ভাঙি চকুলো টুকিব লগা হয় আৰু তেতিয়াই মানুহৰ কোনো অস্থাই নোহোৱা হৈ যায় কেৱল নিজকে চিনাত ব্যস্ত পৰো আনকি বহু সময়ত আমি সলনি হ’বলৈ বাধ্য হৈ পৰো । ঠিক তেনেদৰে অভাৱত পৰি কেতিয়াবা স্বভাৱ নষ্ট হোৱাই নহয় বৰঞ্চ অভাৱৰ পৰা আৱিস্কাৰৰ সৃষ্টি হোৱা দেখা যায় , যিয়ে নহওঁক মানুহ সলনি হ’লে সকলোৱে ক’ব বিচাৰে মানুহজন সলনি হৈছে কিন্তু সলনি কিয় হ’ব লগা হৈছে তাক বুজিবলৈ যত্ন নকৰে । এনেদৰেই দুচকুত অজস্ৰ সপোন,মনত বহু প্ৰত্যাশা আৰু কাঁইটেৰে ভৰা এক দীঘলীয়া যাত্ৰাৰ, সন্মুখত বহু প্ৰত্যাহ্বান ৰ সৈতে যুজি যুজি একদম অকলশৰীয়া হে পৰে আৰু তেতিয়া মানুহৰ প্ৰতি অনিহা জন্মে কেৱল নিজকে চিনি দৌৰাত ব্যস্ত হৈ পৰে আৰু লগে লগেই মানুহৰ প্ৰতি থকা দৃষ্টিভংগী সলনি হৈ অহংকাৰী নাইবা গহীন বেচি থকা আনৰ নমতা আদিৰ দৰেই আমি আচৰন কৰিবলৈ লও ,বৰ্তমান সমাজত সংগ্ৰামৰ নাইবা পঢ়ি থকা সময়ত আজিৰ যুগত প্ৰায়েই ৯০ শতাংশ মিছলীয়া সহানুভূতি দেখুৱাই মুখত মিঠা হৈ মিলি থাকে কিন্ত কামৰ সময়ত বৰ অজুহাত দেখুৱাই নাইবা মিছা মাতে , তেনেদৰে সংগ্ৰামৰ সময়ত মুখত মিঠা হৈ মিলি থাকিলেও মনে প্ৰানে কোনোৱে কাৰো উন্নতি কামনা নকৰে বহু সময়ত কাৰোবাৰ পৰা কিবা বিচাৰিলেও সহায় কৰিবলৈ নাইবা প্ৰয়োজনীয় হোৱা সময়ত কামত অহা চিনাকি মানুহ থাকিলেও চিনাকি নাই বুলি মিচা মাতি নিজকে দায়বদ্ধতাৰ পৰা আঁতৰি থাকে । কামত অহা মানুহবোৰক আনে সহজে লগ কৰি দিব নিবিচাৰে আনকি চিনাকি থকা বুলি গম পালেও অজুহাত দেখুৱাই মিছা মাতে কিয়নো মুখত বৰ মিঠা যদিও মনতে ডাহ জেদৰে পৰিপূৰ্ণ কৰি ৰাখি উন্নতিৰ কামনা নকৰে ,ঠিক তেনেকৈ একাংশ শিক্ষকে টকাৰ বাবে পঢুৱাই নহয় উচ্চ খাপৰ বোৰক বেছি আহস্থান দি সময় দিব বিচাৰে যদিও সাধাৰণ নাইবা নিম্ন খাপৰ শিক্ষাৰ্থীৰ আগবাঢ়ি অহাত সময় দিবলৈ নাইবা সহযোগ আগবঢ়াবলৈ টান পাই উন্নতিৰ বাটৰ প্ৰতিবন্ধকতাৰ হেঙাৰ স্বৰূপ হৈ পৰে ।
জীৱনত এটা কথা মনত ৰাখিব যে যিজনে আপোনাক সময় ,গুৰুত্ব আৰু মূল্য দিব তেওঁহে আপোনাৰ জীৱন গঢ়িব ,জীৱন বাটত বহুতো মানুহ আহিব যাব তাত কোনোবাই মুখ মিঠা হৈ মিলি থাকিব অজুহাত দেখুৱাই অভিনয় কৰি থাকিব ,যিমানেই দিন যায় সিমানেই মানুহ চিনিব । প্ৰকৃততে মানুহে সময় তেঁওকেই দিয়ে যাক দিব বিচাৰে কিন্তু মানুহে সময় নাপাও আদি অজুহাত কিয়নো ইচ্ছা নাথাকিলে অজুহাতেই যথেষ্ট ,ইচ্ছা থকা জনৰ হেজাৰ ব্যস্ততাৰ মাজতো অন্তত কিছু দেৰি হ’লেও যেনেকৈ নহওঁক কিয় ! আপোনাৰ বাবে সময় উলিয়াবই । সেইবাবেই আঁচলতে সমাজখনেই নিষ্ঠুৰ য’ত আগবাঢ়ি যোৱাত বাধা দিয়ে ,নিজৰ লাভৰ বাবে আনকো বেয়া কৰে, সেইদৰে যাৰ মনত অহংকাৰ থাকে তেওঁ কেতিয়াও নিজৰ ভুল দেখা নাপায় আৰু আনৰ ভাল ভাল গুন সহজে দেখা নাপায় , সেইবাবেই সময়ৰ গতিত অভিজ্ঞতা লৈ থাকক, সময় পৰিস্থিতি সদায় একে নাথাকে,আপুনি হয়তো আজি আকাশত উৰিছে কালিলৈ আপোনাক কঢ়িয়াই নিবলৈ মাটিত কাৰোবাৰ প্ৰয়োজন হ’ব সেইবাবেই মানুহক ভাল পাবলৈ শিকক,সদায় নম্ৰ হওক আৰু বেয়া সময়ত মানুহৰ কাষত থিয় হওঁক । চাবলৈ গ’লে জীৱনত ভাল পথত কষ্ট সদায় বেছি অসৎ পথত আৰাম বেছি তেনেদৰে কম পঢ়া মানুহ ধনী বেছি বেয়া মানুহ সফল বেছি কিয়নো ভাল পথত চলাটো বৰ কষ্টকৰ আৰু জটিল ,ভাল মানুহে বদনামী হোৱাই নহয় প্ৰতিটো খনতে পদে পদে সমস্যাৰ সন্মুখীন হব লগা হয়, ভাল হ’বলৈ বহু সময় প্ৰয়োজন কিন্তু নামিবলৈ অকনো সময় নালাগে । আচলতে সময়ে সময়ে ভাল মানুহৰ লগত ধৈৰ্য্যৰ পৰীক্ষা এনেদৰেই চোৱা হয়‌ ,আঁচলতে জীৱনটো কাৰো বাবে কেতিয়াও সহজ নহয় । কিছু আগ্ৰাহ্য কিছু সহ্য ধৈৰ্য আৰু কষ্ট কৰি আৰু উপযুক্ত সময়ত কিছু সিদ্ধান্ত লৈ সহজ কৰি ল’বলগীয়াও হয় ।সেইবাবে নিজক এনেদৰেই গঢ়ক যিয়ে আপোনাক অৱহেলা কৰিছে ,যি অসন্মান কৰি ,যিয়ে মূল্য নিদি সময় গুৰুত্ব দিয়া নাই ,যিয়ে আপোনাক অযোগ্য বুলি ভাৱি এৰি গৈছে তেওঁ যাতে এদিন আপত্তি কৰে আৰু মানসিক ভাৱে অনুসূচনা কৰে । মানুহ প্ৰানীটো ক’তোৱে সন্তুষ্ট নাথাকে বেছিকৈ কথা ক’লে ক’ব পাগল কমকৈ কথা ক’লে ক’ব অহংকাৰী আৰু প্ৰয়োজনত ফোন কৰিলে ক’ব স্বাৰ্থপৰ , সঁচাকৈয়ে বৰ অদ্ভুত মানুহ প্ৰাণীটো ‌। পৃথিৱীত মানুহ বোলা প্ৰাণীটো বৰ ভয়ংকৰ মুখত এটা পেটত এটা সকলোৱে নিজৰ স্বাৰ্থৰ বাবে সফল ব্যক্তি লাগে তেওঁৰ বাবে সময় যথেষ্ট কিন্তু আনক সহজে সহযোগিতা আগবঢ়াব নিবিচাৰে বা সময় দিবলৈ টান পায় সেইবাবেই অকমান আগবঢ়াই নিব নেকি? নাইবা অকমান আগুৱাই যোৱাত সহায় কৰিব নেকি আদি বাক্যৰে আৱেগিক কৰি তুলিলেও কাণ্ডক জ্ঞান দৰে তালৈ আওকান কৰি নাইবা চাইয়ো প্ৰতিক্ৰিয়া নকৰি আনকি কেতিয়াবা অজুহাতৰে মিছা মাতি নিজৰ মাজতেই সীমাবদ্ধ ‌ ।‌ পৃথিৱীত সহায় বোলা বস্তু সহজে নাপায় আজিৰ মানুহেই টকা পইচাৰ লগতে তাতকৈ বেছি নিজৰ মতলবক বেছি প্ৰাধন্য দিয়ে ।দেখা যায় বহু সময়ত মানুহে মানুহক মনৰ পৰা সহায় কৰিব নিবিচাৰে যদিও খাতিৰ ৰক্ষাৰ স্বাৰ্থত নাইবা বেয়া পাব বুলি বাধ্যত পৰি কৰিবলগীয়া হয় ।‌ জীৱনত আমি যিটো আশা কৰো সেইটো কেতিয়াবা নাপাও তাৰ পৰিৱৰ্তে কেতিয়াবা আশা নকৰা মানুহ জনকেই জীৱনত প্ৰয়োজন হয় ।‌ এই দুনীয়াত ১০ জনৰ পৰা ১০ কথা পাব কিন্তু সহায় বিচাৰিলে কেতিয়াও ১০ সহায় পোৱা যায় । মুখত এটা সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহৰে ভৰপুৰ মানুহক একমাত্ৰ কামৰ সময়তে আচল পৰিচয় ফুটি উঠে যে কাৰ মনত কি আছে কোনে আগবাঢ়ি অহাটো বিচাৰি নিবিচাৰে কিয়নো মুখত মিলি থাকিবলৈ সকলোৱে মিঠা কিন্তু কামত খাটিলে একোৱেই কৰিব নিবিচাৰে । প্ৰয়োজনীয় সময়ত যেন কাৰোৱে পৰা একো সহায় পোৱা নাযায় ,কোনোৱে কাকো খাতিৰ কৰিব নিবিচাৰে, আচলতে জোৰ কৰি একোৱে বস্তু ল’ব নোৱাৰি কৰিব নিবিচাৰা জনেই এনেও নকৰে মনৰ ইচ্ছা নাথাকিলে অজুহাতে যথেষ্ট । বৰ্তমান ব্যস্ততাৰ অজুহাত ,সময় নোপোৱা আদি শব্দ স্বাভাৱিক কিন্তু উচ্চখাপৰ মানুহৰ বাবে সকলোৱে সময় উপলব্ধ । ঠিক সেইদৰে প্ৰায় ভাগ উচ্চ খাপৰ মানুহে আনক হেয় জ্ঞান কৰে ,ইহঁতৰ অহংকাৰত বাহাদুৰিও নাটে আনে ফোন মেচেচ বেছি কৰিলে বেয়া পায় আনে কামত সহায় বিচাৰিলেও অকনো ভাবিব নিবিচাৰে,গহীন ভাৱেই অন্য ধৰনৰ । মনত ৰাখিব কেৱল নিজক চিনাত ব্যস্ত য’ত মানুহে আনৰ বাবে হ’ব নিবিচাৰে প্ৰয়োজন হোৱা সময়তো মানুহে সহায় সহযোগিতা আগবঢ়াব নিবিচাৰে মনত অহংকাৰ ৰাখি থয় । ল’ৰাবোৰে বাহ্যিক কৰ্মৰ লগতে ভৰষ পোষণৰ দায়িত্ব আদিকে বৰ ব্যস্ত বুলি দেখুৱাই আনক সহায় সহযোগিতাৰ পৰা আঁতৰি থাকে, অৱশ্যে ব্যস্ততা স্বাভাৱিক কিন্তু লগাতকৈ বেছি ব্যস্ততাৰ অজুহাতেৰে আতৰি থকা নহয় বৰঞ্চ ইমানেই নিজৰ মাজতেই সীমাবদ্ধ যে আনৰ বাবে অকনো সময় নাই । ঠিক তেনেদৰে নাৰীৰ পৰা সহায় বিচাৰিলে বহু সময়ত ইচ্ছা নকৰে যদিও মুখত বৰ মিঠা হৈ মিলি থাকে আনক সহজে প্ৰয়োজন সময়ত খাতিৰ নাইবা যত্ন কৰিব নিবিচাৰে ।‌চাবলৈ গ’লে নাৰীৰ মনত এক ৰানী সুলভ প্ৰৱনতা জাগি উঠে যে সকলোৱে সিহঁতৰ পাছক সকসোৱে দৌৰে বুলি ভাবি মনতে ভিতৰি অহংকাৰ ৰাখি ইগকেন্দ্ৰিক স্বৰূপে আনক অৱহেলা নাইবা সহযোগ কৰিব নিবিচাৰে লেবেল দিবলৈ লয় । আঁচলতে পৃথিৱীখন দিনক দিনে বৰ নিসংগ হৈ পৰিছে যিমানেই যান্ত্ৰিকতাৰ গভীৰতালৈ সোমাইছে সিমানেই নিংগ হৈচে যেন মানুহ থাকিও নিসংগ ।প্ৰকৃততে বৰ্তমানৰ এই পৃথিৱীত মানুহবোৰ বস্তুৰ দৰে আৱেগবিহীন আৰু কঠোৰ স্বৰূপ হৈ পৰাই নহয় বৰঞ্চ মনত অহংসদৃশ আৰু ইগো স্বৰূপ হৈ পৰিছে যে আনক খাতিৰ নাইবা যত্ন কৰিব নিবিচাৰে ‌। মানুহে বৰ্তমান সময়ত নিজৰ মূল্য বঢ়াবলৈ গৈ নিজকে বহু ব্যস্ত দেখুৱাবলৈ লয় ,ব্যস্ততাৰ অজুহাতেৰে নিজকে নিজে কামৰ পৰা আতৰি থাকিব বিচাৰে ।তেনেদৰে আত্ম সন্মানৰ নামত ইগো বৃদ্ধি কৰি মনবোৰ অহং সদৃশ হৈ পৰিছে ,বাঢ়িছে যান্ত্ৰিকতাৰ কমিছে সহজ সৰলতা ,মনবোৰ সৰু হৈ পৰিছে । সেইবাবেই জীৱনত অকলে যুজক নিজৰ ভৰষা নিজেই হৈ চলক । মনত ৰাখিব মানুহে যেতিয়া কতো যন্ত্ৰণাৰ অশেষ ভুগি ,প্ৰয়োজনীয় সময়ত আনৰ সহাযোগিতা নাপায় , মানুহৰ ৰাজনীতি মিছলীয়া প্ৰতিশ্ৰুতি,প্ৰতৰনা,ঠগ প্ৰৱঞ্চনা বিশ্বাসঘাতক আদিৰ বলি হৈ ঠেকা ঠেকা খাই খাই সলনি হবলৈ বাধ্য হৈ পৰে ।‌ সকলোৱে নিজৰ স্বাৰ্থত আৰু লাভকেই চিনি পায় এই নিসংগ পৃথিৱীত কিন্তু আনৰ বাবে অকনো সহাৰি দেখুৱাবলৈ মানসিকতা নাইকীয়া হৈছে যেন খাতিৰেই নকৰে । প্ৰয়োজনীয় সময়ত যেতিয়া নিসংগ হৈ পৰে কাৰোৱে সহযোগ নাপায় বহুতো ঘাত প্ৰতিঘাত ,সহযোগিতা বিচাৰি গলেও আনে অৱহেলা নাইবা একো কৰিব নিবিচাৰে, আশা নিৰাশাৰ মাজতে সকলোৱে হাত এৰি দিয়ে কোনোৱে সমৰ্থন দিব নিবিচাৰে ,বুজিবলৈ কেনো নাথাকে তেতিয়া ঠেকি ঠেকি বহুতো জলা যন্ত্ৰণাৰ মাজত নিসংগ হৈ চলিবলৈ লয় তেতিয়া মানুহৰ প্ৰতি আনিহা জন্মাই নহয় মানুহ সলনি হৈ কেতিয়াবা অহংকাৰী হ’বলৈ বাধ্য হয় ,আনে সলনি হোৱা বুলি কয় কিন্তু কোনবোৰ কাৰনত সলনি লগা হৈছে তালৈ চকু নফুৰাই । ঠিক তেনেকৈ মানুহে ক’তো দুখ যন্ত্ৰণাৰ সহ্য কৰি কঠিন হৈ পৰিবলৈ বাধ্য হয় , দুখ সহি সহি অন্তৰ ইমানেই ডাঠ হৈ পৰে যেন কাৰোৱেই প্ৰতি বিশ্বাস নাথাকে আৰু অনিহা জন্মিবলৈ আৰম্ভ কৰে আৰু তেতিয়া সেই দুখ স্মৃতিৰ মানুহ জন সম্পূৰ্ণকৈ সলনি হোৱাই নহয় কেতিয়াবা আস্থাই নাইকীয়া হৈ অধিক উত্তেজিত হৈ পৰে । মানুহে মানুহৰ মূল নুবজে যেন আমি প্ৰয়োজনীয় সময়ত আনৰ সহযোগ নাপায় কেৱল কেৱল প্ৰতৰনা আৰু অৱহেলিত হৈ দুৰ্ভগীয়া হৈ পৰো তেতিয়া আমি নিসংগ যেন এই পৃথিৱীত কোনোৱে নাই, সেইবাবেই ড° ভূপেন হাজৰিকা কৈছিল—”মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে ভাবিব কোননো কোৱা !”

প্ৰকৃততে পাছত লাগি থাকিলে কুকুৰৰ দৰে পাচে পাচে ঘূৰি বুলি ভাবি গুৰুত্ব নিদিয়ে । চাবলৈ গ’লে যেতিয়া মানুহক গুৰুত্ব দি কামত খাটি থাকিলে দুৰ্বল বুলি ভাবি অৱহেলা কৰাই নহয় বৰঞ্চ সুযোগ বিচাৰি থাকে,তেনেদৰে যিজনক আমি প্ৰয়োজন অনুভৱ কৰো সেইজনে গুৰুত্ব নিদি অৱহেলিত কৰাই নহয় ব্যস্ততা দেখুৱাটো প্ৰায়েই স্বাভাৱিক কথা ,যি আনৰ অনুভৱ নুবুজি নিজৰ মতলবক বেছি প্ৰাধন্য দিয়ে ।‌ যিজনক বিশ্বাস আৰু ভৰষা কৰা যায় সেইজনৰ প্ৰতাৰণা, আৰু যিজনক আমাৰ প্ৰয়োজন তেওঁ আমাক ব্যস্ততা দেখুৱাবলৈ লোৱাটো আজিৰ সমাজত প্ৰায়েই পৰিলক্ষিত হোৱা দেখা যায় , যাৰ ফলত মানুহ সলনি হৈ পৰাটো স্বাভাৱিক ‌। লগাতকৈ মানুহক বেছি সময় দিয়াটো মুখাৰ্মিৰ কাম ‌ ,কিয়নো লগাতকৈ সময় নাইবা গুৰুত্ব দিলে সস্তীয়া বুলি ভাৱে প্ৰকৃততে সময় আৰু গুৰুত্ব সেইজনকে দিয়া উচিত যিজনে আপোনাৰ মনৰ অনুভৱ বুজি পায় আৰু আপোনাক সদায়েই সমৰ্থন কৰি যায় ।চাবলৈ গ’লে মানুহ এনেবোৰ পৰিস্থিতি সাপেক্ষেহে সলনি হ’বলৈ বাধ্য হৈ আনক যত্ন আৰু খাতিৰ কৰিব নিবিচাৰে । আঁচলতে প্ৰয়োজন হোৱা নাইবা বিপদৰ সময়ত মানুহক লগত পোৱা নাযায় কিন্তু ভাল সময়ত সকলোৱে লগত দিয়ে সেইবাবেই ভাল সময়ত নাইবা কিবা বিজয়ী হলে নিজৰ পাৰ্টি নিজেই কৰক আনক দি লাভ নাই যিহেতু সংগ্ৰাম নাইবা বেয়া সময়ত লগত কোনোৱে নাছিল ।সেইবাবেই জীৱনত আনক আশা ভৰষা কৰি নাথাকিব আনক মাধা মাৰি পাছতেই লাগি দৌৰি নুফুৰি সদায় পাৰা পৰ্যন্ত নিজেই সকলো কৰিবলৈ যত্ন কৰিব লাগে অন্যথা আনৰ পাছত দৌৰি ফুৰিলে দুৰ্বল বুলি ভাবি সুযোগ লোৱাই নহয় ব্যস্ততা দেখুৱাই সহযোগ কৰিব নিবিচাৰে ,গতিকে আনে আপোনাক যেনেকৈ সময়, প্ৰাধন্য আৰু গুৰুত্ব দিছে আনকো আপুনি তেনেকৈ গুৰুত্ব আৰু প্ৰাধান্য আৰু সময়ত দিয়ক জীৱনত অকলে যুজক আৰু অকলে চলিবলৈ শিকক নিজেই নিজৰ ভৰষা আনক ইমান যত্ন কৰি নাইবা গুৰুত্ব দি লাগি থকাৰ নাইবা খাতিৰ কৰি থকাৰ প্ৰয়োজন নাই তেনেদৰে বেছিকৈ সন্মান কৰিলেও কেতিয়াবা দুৰ্বল বুলি ভাৱে ভাবি কুকুৰ মেকুৰীৰ দৰে আচৰন কৰে । গতিকে আজিৰ যুগত সন্মান দিলেও চাই চিতি দিব লাগে অন্যথা ভক্তি বেছি হ’লে বগা ঘোঁৰাও ৰঙা হয় ,যেন অতি ভক্তি কেতিয়াবা চোৰৰ লক্ষণ বুলি গণ্য কৰে ‌, প্ৰকৃততে জীৱনত কোনোবাই খাতিৰ নাইবা যত্ন নকৰিলে বাদ দিয়ক আপুনি ওলোটাকৈ তেওঁকো খাতিৰ আৰু যত্ন নকৰি নিজৰ মাজতেই গহীন গম্ভীৰ্যতা বৰ্তাই ৰাখক আনৰ পাছত অকনো দৌৰি নাথাকিব পাৰিলেই কথাই ন’কব আৰু আনকো ইমানো যত্ন কৰি নাথাকি নিজেই সকলো কৰিবলৈ যত্ন কৰক । দেখিব তেওক গুৰুত্ব নিদিলে অহংকাৰো টিকি নাথাকিব , সেইবাবেই জীৱনত মানুহে এনে বহুতো কাৰনত সলনি হৈ পৰিবলৈ বাধ্য হয় সেইবাবেই আনক ইমান যত্ন,গুৰুত্ব দি নাইবা খাতিৰ কৰি নাথাকিব আৰু আনৰ মতলবক প্ৰাধন্য দি ইমান কথা কৈ লাভ নাই তাৰ পৰিৱৰ্তে যিয়ে আপোনাৰ যেনেকুৱা আচৰন ব্যৱহাৰ কৰিছে আপুনিও তেনেকুৱাকৈ সময় প্ৰাধান্য আৰু গুৰুত্ব দিয়ক,বিশ্বাস সদায় নিজৰ ওচৰত ৰাখি নিজৰ ৰাস্তাত চলক আনৰ কথাত মতলব নাই, দেখিব সুখী হৈ পৰিব ।

Related Articles