Breaking

তুলিৰামক কিয় এৰাই চলিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ! অন্য এক ক’লা অধ্যায় কাচে কনষ্ট্ৰাকচন ( অ’পিচি) প্ৰাঃ লিমিটেড’ৰ কাহিনী…

0 30

কৈ থাকিলেও অন্ত নপৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ কেলেংকাৰীৰ কাহিনী। আমি কালিয়েই কৈছিলো যে তুলিৰামৰ সকলো অকথিত কাহিনী আমি ফাদিল কৰিম। কাৰ্বিভূমিৰ জনতাক ধনবল আৰু ৰাজনৈতিক প্ৰভাৱেৰে বশ কৰিবলৈ চেষ্টা কৰি অহা তুলিৰামৰ কলংকিত অধ্যায় জনাৰ পিছত কাৰ্বিভূমিৰ জনতাই তেওঁৰ প্ৰতি কেনে মনোভাব গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। তুলিৰাম ৰংহাঙে ক্ষমতাৰ অপব্যৱহাৰ কৰি কিদৰে চৰকাৰী আঁচনিৰ ধন আত্মসাত কৰিছে সেই সকলো তথ্য এতিয়া আমাৰ হাতত আহি পৰিছে কাৰ্বিভূমিৰ উন্নয়নৰ বাবে অহা ধন গোটে গোটে গিলি থোৱা তুলিৰামে এতিয়া বিশ্বৰ ভিতৰতে অভিলেখ গঢ়িবলৈ ওলাইছে। পত্নীৰ কোম্পানীৰ নামত আবণ্টিত এটা পথ মাত্ৰ সাত দিনতে সম্পূৰ্ণ কৰা দেখুৱাই তুলিৰামে সমগ্ৰ ধন আত্মসাত কৰাৰ কৰাৰ কথা এতিয়া দিনৰ পোহৰৰ দৰেই স্ফষ্ট হৈ পৰিছে। ৩০ কোটিটকীয়া সেই পথটোৰ নিৰ্মাণৰ দায়িত্বত আছিল কাছে কনষ্টাৰকছন প্ৰাইভেট লিমিটেড নামৰ নামৰ কোম্পানীটো। সেই কোম্পানীৰ গৰকাকী হৈছে তুলিৰামৰেই

পত্নী। আচৰিত কথাটো হ’ল সেই ৩০ কোটিটকীয়া কৈমটো আৱণ্টন দিয়া হৈছিল ২২-১২-২০২০ত আৰু তুলিৰামৰ প্তীৰ কোম্পানীয়ে মাত্ৰ ৭ দিনৰ ভিতৰতে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰো দেখুৱাই ২৯-১২-২০২০ত কাম সম্পূৰ্ণ কৰাৰ প্ৰমাণপত্ৰ। এনেদৰে ৩০ কোটিকৈ টকা সকলোৰে জ্ঞাতভাবে তুলিৰামে আত্মসাত কৰিছে। মুখ্যমন্ত্ৰীৰ নাম কৈ ইমান দিনে তুলিৰাম ৰংহাঙৰ দৰে নেতাই ৰাজ কৰি আছিল । কিন্তু ইমান বিয়োগম দুৰ্নীতি সংঘটিত কৰাৰ কথা জনাৰ পিছত মুখ্যমন্ত্ৰীয়ে এতিয়া তুলিৰামক কোনো প্ৰকাৰে গুৰুত্ব নিদিয়া হৈছে। নিজৰ ঘৰৰ মাজতে কাৰ্বি জনতাৰ উন্নয়নৰ বাবে অহা ধন গোগ্ৰাসে গিলা তুলিৰামৰ আৰু বহু দুৰ্নীতিৰ তথ্য আমি উদঙাম। এতিয়া মাত্ৰ মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক কাছে কনষ্টাৰকছন প্ৰাইভেট লিমিটেডে মাত্ৰ ৭ দিনৰ ভিতৰতে ডিফু-দিল্লাইৰ মাজত ৩০ কোটি টকীয়া পথ নিৰ্মাণ কৰাটো সঁচানে? ইমান কম দিনৰ ভিতৰত ইমান দীঘল পথ এটা নিৰ্মাণ কৰা সম্ভৱ নে?

কাৰ্বিভূমিৰ জনতাই ইমান দিনে তুলিৰামৰ দুৰ্নীতিৰ কথা শুনি বা অনুমাণ কৰিহে আছিল। দৈনন্দিন বাৰ্তাই সেই সকলো সন্দেহ তথ্যসহকাৰে প্ৰমাণ কৰিছে। এয়া আৰম্ভনিহে। কেলেংকাৰীৰে সহজ-সৰল কাৰ্বি জনতাক প্ৰতাৰণা কৰা তুলিৰামৰ আন এক ক’লা অধ্যায় আমি লৈ আহিম পৰৱৰ্তী প্ৰতিবেদনত। অসমৰ মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলিৰামৰ এনে দুৰ্নীতিৰ কথা নজনাকৈ হয়তো নাছিল , কিন্তু ৰাজনৈতিক বাধ্যবাধকতাৰ কাৰণতেই হয়তো তেওঁ এই বিষয়ত মাত মতা নাছিল বুলি বহুতে মন্তব্য কৰিছে। কিন্তু শেহতীয়াকৈ মুখ্যমমন্ত্ৰী শৰ্মাৰ বোধদয় ঘটিছে, তেওঁ আৰু তুলিৰামৰ দুৰ্নীতিৰ কংলক গা পাতি ল’ব বিচৰা নাই। সেই বাবেই মুখ্যমন্ত্ৰীয়ে এৰাই চলিছে তুলিৰাম। কিন্তু কাৰ্বিভূমিৰ ৰাইজৰ প্রশ্ন- মুখ্যমন্ত্ৰীয়ে এৰাই চলিলেই কলংকমুক্ত হ’ব নেকি তুলিৰাম? দুখীয়া কাৰ্বি জনতাক প্ৰতাৰণা কৰা তুলিৰামৰ শাস্তি কি হ’ব সেয়া মুখ্যমন্ত্ৰী, আদালত আৰু জনতাই নিৰ্ণয় কৰিব বুলি বহুতে মন্তব্য কৰিছে। শীঘ্ৰে তৃতীয় প্ৰতিবেদন লৈ আমি আহি আছো।

Leave A Reply

Your email address will not be published.