Breaking

দিনটোৰ আৰম্ভণিতে নেমুৰ পানী কিয় খাব লাগে? এই ৫টা কাৰণৰ বিষয়ে জানি লওক…

0 113

নেমু পানী ভাৰতৰ বেছিভাগ ঠাইতে জনপ্ৰিয় পানীয়। কিন্তু আপুনি জানেনে প্ৰতিদিনে ৰাতিপুৱা নেমুৰ পানী খালে আপোনাৰ মেদবহুলতা হ্ৰাস কৰাই নহয়, বহু ৰোগৰ পৰাও হাত সাৰিব পাৰে। প্ৰতিদিনে ৰাতিপুৱা এগিলাচ কুহুমীয়া পানীত নেমুৰ ৰস দি দিনটোত অন্ততঃ দুবাৰকৈ খাব লাগে। স্বাস্থ্যৰ ওপৰত নেমুৰ পানীৰ আটাইতকৈ ডাঙৰ উপকাৰ হ’ল ই বৃক্কৰ পাথৰৰ পৰা সকাহ দিয়ে কাৰণ পাথৰে প্ৰস্ৰাৱ বন্ধ কৰি দিয়ে যাৰ ফলত বহুত বিষ হয়। আজি আপোনালোকক জনাম দিনটোৰ আৰম্ভণিতে নেমুৰ পানী খোৱাৰ উপকাৰীতা বিষয়ে –



দৈনিক দাঁত ব্ৰাছ কৰাৰ পিছতো কিছু সময়ৰ পিছত মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত খালী পেটত নেমুৰ পানী সেৱন কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হ’ব। কাৰণ ইয়াত থকা ভিটামিন চিয়ে উশাহ সতেজ কৰি ৰাখে আৰু মুখত থকা বেক্টেৰিয়াক নিধন কৰে।


প্ৰতিদিনে পুৱা নেমুৰ পানী খালে আপোনাৰ হজম শক্তি বৃদ্ধি পাব। পেটৰ ৰোগৰ বাবেও ই উপকাৰী, কাৰণ ইয়াত ফ্লেভন’ইড থাকে। যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে আৰু লগতে এচিডিটিৰ পৰাও সকাহ দিয়ে।


চেনি থকা ৰস আৰু পানীয়ৰ সলনি নেমুৰ পানীক উত্তম বিকল্প বুলি গণ্য কৰা হয়। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে।

Leave A Reply

Your email address will not be published.