Breaking

শীতকালত কল খোৱাটো কিয় প্ৰয়োজনীয় স্বাস্থ্যৰ বাবে…

0 72
  • জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থব লাগে। জ্বলা-পোৰা কমি অহাৰ লগতে জোলাও নাবান্ধে।
  • ২৫০ মি:লি: গাখীৰ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়।
  • নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি পায়। হিম’গ্লোবিনো বৃদ্ধি পায়।
  • নাকেৰে তেজ ওলালে আৰু এঁৱা ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিহলাই ফেটি লৈ একেৰাহে কেইবাদিনো খালে এই ৰোগ ভাল হয়।

  • নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে।
  • শৰীৰে পৰ্য্যাপ্ত প্ৰ’টিন আৰু শক্তি লাভ কৰিবলৈ হ’লে গাখীৰৰ লগত কল খাব লাগে।
  • পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে গাখীৰৰ লগত কল খাব লাগে।
  • কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে।
  • কলে অন্ত্ৰত কৃমি মাৰে।
  • কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে।

  • পকা কলৰ লগত জিৰা গুড়ি মিহলাই খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।
  • থেতেলা খাই বা বিষ হৈ উখহি থকা অংশত পকা কল, আটা পানীৰ লগত মিহলাই পিটিকি জুইৰ ওপৰত গৰম কৰা লেপ বান্ধিব লাগে।
  • পেটত কৃমি বেছি হ’লে কাঁচ কল খাব লাগে।
  • কল গছৰ ভিতৰত কোমল অংশৰ ৰস আধা কাপ উলিয়াই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত খাব লাগে।
Leave A Reply

Your email address will not be published.