Breaking

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খোৱা কৰ্মী-বিষয়া-মুখ্য সেৱিকাৰ বিৰুদ্ধে কিয় আজিও নহ’ল ব্যৱস্থা ?

0 659

এ জে আকন্দ‌ :

শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খোৱাৰ অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছতো ৰূপহী সংহত উন্নয়ন প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  আন সময়ৰ কথাতো বাদেই কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি বলবৎ কৰা দীঘলীয়া তলাবন্ধৰ সময় ছোৱাতো দৰিদ্ৰ পৰিয়ালৰ শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুৰ আহাৰৰ নামত আবন্টিত ধনৰ ওপৰতো সামুহিক লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ ৰহস্যজনকভাৱে নিৰৱ ভুমিকা গ্ৰহণ কৰিছে। উল্লেখ্য যে, দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত সমাজ কল্যাণ বিভাগৰ অধীণস্থ অংগণবাড়ী কেন্দ্ৰ সমূহ বন্ধ হৈ থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা অনুসৰি প্ৰতিটো অংগণবাড়ী কেন্দ্ৰৰ শিশুসকলক পুষ্টিকৰ খাদ্যৰ বাবদ প্ৰতিদিনে আঠ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবে প্ৰতিদিনে ১২ টকাকৈ দিয়াৰ ব্যৱস্থা কৰে। সেই মৰ্মে ইতিপূৰ্বে অংগনবাড়ী কেন্দ্ৰসমুহৰ বেংক একাউন্টত চৰকাৰে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা দিয়ে। ইয়াৰ ভিত্তিতে ১৫ দিনত প্ৰতিটো শিশুৰ বাবদ ১২০ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবদ ১৮০ টকাকৈ চৰকাৰে আবন্টন দিয়ে। সেই ধনৰে অংগণবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে হিতাধিকাৰীৰ ঘৰলৈ গৈ পুষ্টিকৰ শিশু খাদ্য সামগ্ৰী যোগান ধৰিব লাগে। কিন্তু,  ৰূপহীহাটৰ একাংশ অংগনবাড়ী কেন্দ্ৰ‌ই পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত ১৫ দিনৰ বাবদ ঠাই বিশেষ মাত্ৰ এক-ডেৰ কেজি চাউল,  আধা কেজি দাইল,  অলপ চয়াবিন যোগান ধৰি ব্যাপক পৰিমাণৰ লুন্ঠন চলোৱাৰ অভিযোগৰ বাতৰি সংবাদ মাধ্যমত বিস্তাৰিত বাতৰি প্ৰকাশ পাইছিল। এই সমগ্ৰ দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ মহানায়িকা হিচাপে পৰিচিত ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পাৰুল তামুলীৰ লগতে, একাংশ মুখ্য সেৱিকা আৰু অংগণবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে সংবাদ মাধ্যমৰ বাতৰি কেৰেপ নকৰি এতিয়া আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে। আনকি, কোনো বাতৰিয়েও তেওঁলোকক টলাব নোৱাৰে বুলি দম্ভালি মাৰি ফুৰিছে। উল্লেখ্য যে ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২৯৪টা অংগনবাড়ী কেন্দ্ৰ আছে। ইয়াৰে দুই কুৰিৰো অধিক কেন্দ্ৰ কেৱল কাগজে কলমেহে চলি আছে। অথচ বিগত দিন সমূহত সেই অংগণবাড়ী কেন্দ্ৰ সমূহৰ নামতো প্ৰতিমাহে শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতিক পুষ্টিকৰ খাদ্য খুওৱাৰ নামত হেজাৰ হেজাৰ টকা আত্মসাৎ কৰি অহাৰ অভিযোগ সৰ্বত্ৰ উঠাৰ পিছতো জিলা সমাজ কল্যাণ বিভাগ নিৰৱ কিয় বুলি প্ৰশ্ন উত্থাপিত হৈছে। সততে দম্ভালি মাৰি থকা সংহত উন্নয়ন প্ৰকল্প বিষয়া আৰু মুখ্য সেৱিকাসকলৰ মুখা অচিৰেই তথ্য সহকাৰে খোলা হ’ব। কিয়নো বহু অংগনবাদী কেন্দ্ৰ বছৰ বছৰ ধৰি দৰ্জাই খোলা নাই। সেয়ে এই ক্ষেত্ৰত জিলা সমাজ কল্যাণ বিষয়া দীনেশ চন্দ্ৰ দাসক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে সচেতন মহলে। 

Leave A Reply

Your email address will not be published.