Minister Bimal Bara stop the convoy:কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল কিয় মন্ত্ৰী বিমল বড়াই !

দৈনন্দিন বাৰ্তাৰ সেৱা টিংখাং ৭ অক্টোবৰ : (Minister Bimal Bara)বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানৱ সভ্যতাক উন্নতিৰ উচ্চ শিখৰলৈ নিছে যদিও মানৱীয় প্ৰমুল্যবোধ কৰবাত যেন হেৰাই যোৱাৰ অনুভৱ হয় ৷ মানৱীয় প্ৰমুল্যবোধ হেৰাই যোৱাৰ দুচিন্তাৰ মাজতে কেতিয়াবা কেতিয়াবা সমাজত দুই এক এনেধৰণৰ ইতিবাচক ঘটনা পৰিলক্ষিত হয় যিবোৰে মানুহৰ মন মগজুত পুনৰ মানৱীয় প্ৰুমুল্যবোধ জগাই তোলে ৷ ভূপেনদাৰ সেই কালজয়ী গীত- “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে , ভাবিব কোনে কোৱা”প্ৰত্যকৰে মন মগজুত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে ৷ আৰু মানৱ সমাজে পুনৰ মানৱীয় প্ৰমুল্যবোধ জগাই তোলাৰ প্ৰয়াস কৰে ৷ (convoy)

মানৱীয় প্ৰমুল্যবোধ জগাই তোলাৰ এক ঘটনা সংঘটিত হয় টিংখাঙত ৷ দেওবাৰৰ দিনা সংঘটিত হোৱা এই ঘটনাই মানৱ জাতিৰ বাবে এক ইতিবাচক সংকেত দিয়ে ৷ দেওবাৰৰ দিনা টিংখাং সমষ্টিৰ ন-খাট গাঁও পঞ্চায়তৰ মেছলৌৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক নীল শইকীয়া নামঘৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত হঠাৎ ৰাস্তাতে মটৰচাইকেলৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয়। (Minister Bimal Bara)মন্ত্ৰী বিমল বড়া সেই সময়ত কনভয়ৰে বাটেৰে আহি থকা অৱস্থাত লোকজনক প্ৰত্যক্ষ কৰে ৷

(Convoy)লগে লগে মন্ত্ৰীগৰাকীয়ে কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহে ৷ আঘাতপ্ৰাপ্ত লোকজনক ৰাস্তাৰপৰা তুলি আনি চকীত বহুৱাই শুশ্ৰুষা কৰাত ব্যস্ত হৈ পৰে মন্ত্ৰীগৰাকী ৷ ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত লোকজনৰ পৰিয়ালক খবৰ দিয়াৰ লগতে চিকিৎসালয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই । অসম চিকিৎসা মহাবিদ্যালয়লৈ লোকজনক প্ৰেৰণ কৰা হয় ৷ চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষক মন্ত্ৰীগৰাকীয়ে ঘটনাটো অৱগত কৰায় আৰু উন্নত চিকিৎসা প্ৰদান কৰি সোনকালেই সুস্থ কৰি তুলিবলৈ আহ্বান জনায় চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ৷ উক্ত সময়তে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে মন্ত্ৰী বিমল বড়াক সংগ প্ৰদান কৰে। মন্ত্ৰীগৰাকীৰ এনে কাৰ্যক প্ৰশংসা কৰে সকলোৱে ৷

Related Articles