Breaking

মুখ্যমন্ত্ৰীক বদনামী কৰাৰ ষড়যন্ত্ৰ !

0 32

ভূমিপুত্ৰৰ ওপৰত বাৰে বাৰে বহিৰাগতৰ আক্ৰমণ কিয় ?

ৰাজ্যত বিয়াগোম আৰক্ষী বিভাগ এটা থকাৰ পিছতো কিয় বাৰে বাৰে হস্তক্ষেপ কৰিবলগীয়া হৈছে নিষিদ্ধ ঘোষিত আলফাই?

দৈনন্দিন বাৰ্তাৰ সেৱা : প্ৰথমে শিৱসাগৰ এইবাৰ তিনিচুকীয়া। আৰু কিমান বহিৰাগতৰ হাতত প্ৰহৃত হ’ব অসমৰ স্থানীয় লোক? এই প্রশ্ন এতিয়া ৰাজ্যৰ মানুহৰ মুখে মুখে বাগৰি ফুৰিছে। শিৱসাগৰৰ এগৰাকী অসমীয়া কিশোৰীক অনা-অসমীয়া বনিয়াই কুকুৰ-মেকুৰীৰ দৰে ব্যৱহাৰ কৰাৰ লগতে অতি অমানৱীয়ভাবে মাৰপিট কৰি ছোৱালীজনীৰ জীৱনলৈ শংকা নমাই আনিছিল। এই ঘটনাৰ প্ৰতিবাদ সমগ্ৰ অসমতে হ’ব লাগিছিল যদিও হোৱা নাছিল। অৱশেষত লাচিত সেনাই হস্তক্ষেপ কৰাৰ পিছতে লাচিত সেনাৰ নেতা শৃংখল চলিহাকে জে’লত ভৰাই থোৱাৰ পৰিকল্পনা কৰিছিল অনা-অসমীয়া বেপাৰী মহলে। অৱশেষত আলফা(স্বাধীন)-এ বিষয়টোত হংকাৰ দিয়াৰ পিছতে নেগুৰ পেলাইছিল অসমতে থাকি বেপাৰ কৰি থকা অনা-অসমীয়া গোষ্ঠীটোৰ একাংশ লোকে। আলফাৰ ধমকি খাই প্ৰাণৰ ভয়ত সেই গোষ্ঠীটোৰ একাংশ লোকে আঠুকাঢ়ি অসমীয়াৰ ওচৰত ক্ষমা বিচাৰিছিল। শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া এজাহাৰ প্ৰত্যাহাৰ কৰা হৈছিল। একে ঘটনাই এতিয়া ঘটিছে তিনিচুকীয়াত। বুধবাৰে নিশা এজন স্থানীয় যুৱকক অনা-অসমীয়াই প্ৰহাৰ কৰাৰ পিছতে তিনিচুকীয়াত অশান্তিৰ সৃষ্টি হৈছে। খগেশ্বৰ পথত ৭-৮ জনীয়া অনা-অসমীয়া ব্যক্তিৰ দলে নৃশংসভাৱে আক্ৰমণ কৰিছিল স্থানীয় যুৱক এজনক।এই আক্ৰমণৰ ফলত ৰিদিপ ডেকা নামৰ যুৱকজনৰ মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে ৮টা চিলাইৰ প্ৰয়োজন হয়। এই আক্ৰমণৰ ফলত স্থানীয় সংগঠন আৰু বাসিন্দাসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই আক্ৰমণকাৰীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তিনিচুকীয়াৰ স্থানীয় সংগঠনসমূহে কঠোৰ সতৰ্কবাণী জাৰি কৰি কৈছে যে আক্ৰমণকাৰী পৰিয়ালে ডেকাৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিব লাগিব নহ’লে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। কিন্তু ক্ষমা খোজাই সকলো সকলো সমাধান নেকি? অসমীয়াৰ সুৰক্ষা নেকি? এয়াও এতিয়া কেতবোৰ জটিল প্ৰশ্ন হৈ পৰিছে।

শেহতীয়াকৈ অসমীয়া লোকৰ ওপৰত বহিৰাগতৰ আক্ৰমণ লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে। এনে প্ৰতিটো ঘটনাত অসম আৰক্ষী যেনে ধৰণে সক্ৰিয় হ’ব লাগিছিল তেনেধৰণে সক্ৰিয় হোৱা পৰিলক্ষিত হোৱা নাই বুলি ৰাইজে এতিয়া ব্যাপকভাবে চৰ্চা কৰিছে। অসমৰ মাটিতে অসমৰ ভূমিপুত্ৰ প্ৰহৃত হোৱাৰ পিছতো অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি অনা-অসমীয়াৰ পক্ষতে থিয় দিবলৈ বিচৰা বুলিও বহুতে আলোচনা কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়া থলুৱা লোকক আক্ৰমণ কৰাৰ শেহতীয়া প্ৰতিটো ঘটনাতে অৱশেষত নিষিদ্ধ ঘোষিত আলফা(স্বাধীন)-এ হস্তক্ষেপ কৰিবলগীয়া হৈছে। এয়া আকৌ কেনে কথা ! ৰাজ্যত ডিজিপি জি পি সিঙৰ নেতৃত্বত এটা বিয়াগোম আৰক্ষী আৰক্ষী বাহিনী আছে। কিন্তু জি পি সিঙে অসমীয়াৰ ওপৰত হৈ থকা অনা-অসমীয়াৰ আক্ৰমণৰ ঘটনা কোনো পধ্যেই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। আক্ৰমণৰ প্ৰতিটো ঘটনাতে এই কথাও প্ৰমাণ হৈছে যে আক্ৰমণকাৰী অনা-অসমীয়া বহিৰাগত লোকে সামান্য কথাৰ চেলুলৈয়েই অসমীয়া থলুৱা লোকক প্ৰহাৰ কৰিছে, হত্যাৰ চেষ্টা কৰিছে। ব্ৰিটিছৰ দিনত যিদৰে ব্ৰিটিছ আৰক্ষীয়ে অসমীয়া লোকক আক্ৰমণ কৰিছিল,

প্ৰহাৰ কৰিছিল, পংগু কৰিছিল ঠিক একে ধৰণৰ ঘটনাই এতিয়া স্বাধীন ভাৰতৰ অসমত সংঘটিত হৈ থকা বুলি বহুতে এতিয়া অনুভৱ কৰিছে। প্ৰতিটো কথাতে আলফা আৰু পৰেশ বৰুৱাই মাত দিয়াৰ পিছতহে অসমীয়াই সামান্যভাবে হ’লেও ন্যায় আৰু সুৰক্ষাৰ অনুভূতি লাভ কৰিছে। ইয়াৰ অৰ্থ এয়াই নেকি যে অসমত থকা বিশাল আৰক্ষী বাহিনীটো কেৱল ঘোঁৰাৰ ঘাঁহ কাটিবলৈহে আছে। এইখিনিতে বহুতৰে মনত এনে এক সন্দেহো জাগ্ৰত হৈছে যে ডিজিপি জিপি সিঙে আৰু কিছুদিনৰ পিছতে অসম এৰি যাব। তাৰ পূৰ্বে অসমীয়াৰ ওপৰত হোৱা অনা-অসমীয়াৰ আক্ৰমণৰ ঘটনাবোৰত বিশেষ কোনো গুৰুত্ব নিদি জিপি সিঙে অসমৰ মুখ্যমন্ত্ৰীকে বদনামী কৰিব বিচাৰিছে নেকি? কাৰণ অসমৰ গৃহদপ্তৰৰ দায়িত্বত আছে স্বয়ং মুখ্যমন্ত্ৰী। ৰাজ্যত এখন নিৰ্বাচিত চৰকাৰ থকাৰ পিছত, জিপি সিঙৰ নেতৃত্বত এটা বিয়াগোম আৰক্ষী বাহিনী থকাৰ পিছত অসমীয়াৰ ওপৰত হোৱা অনা-অসমীয়াৰ আক্ৰমণক জি পি সিঙে প্ৰতিহত কৰিব পৰা নাই কিয় ? নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবমূৰ্তি ম্লান কৰিবলৈয়েই ডিজিপি জিপি সিঙে এনে ঘটনাবোৰত কোনো কঠোৰ স্থিতি গ্ৰহণ কৰা নাই ? যাৰ বাবে আলফা(স্বাধীন)ৰ দৰে এটা নিষিদ্ধ ঘোষিত সংগঠনে আৰক্ষীৰ ভূমিকা পালন কৰি ভয়-ভাবুকিৰে হ’লেও নিগৃহীত অসমীয়াক সুৰক্ষা দিবলগীয়া হৈছে। এয়া এতিয়া অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়াৰ মুখে মুখে বাগৰি ফুৰা প্ৰশ্ন।

লক্ষ্যণীয় কথাটো হ’ল তিনিচুকীয়াৰ ঘটনাত আলফাই হস্তক্ষেপ কৰাৰ পিছতহে জিপি সিং নেতৃত্বাধীন অসম আৰক্ষীৰ গা লৰিছে। থলুৱা অসমীয়া লোকক প্ৰাণে মৰাৰ চেষ্টা কৰাৰ আঁৰত জড়িত থকা বুলি অজয় ​​সিং নামৰ এজন সন্দেহযুক্ত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু জনতাই প্ৰশ্ন কৰিছে আলফাই হুমকি দিয়াৰ পিছতহে কিয় গা লৰে জিপি সিঙৰ অসম আৰক্ষীৰ ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বদনামী কৰাৰ এয়া কাৰোবাৰ ষড়যন্ত্ৰ নহয়তো ! জনতাৰ মনত খেলাই থকা এনেবোৰ প্রশ্নৰ উত্তৰ দিব পাৰিব কেৱল অসম আৰক্ষী আৰু বাহিনীটোৰ অসম এৰিবলৈ সাজু হোৱা মুৰব্বীগৰাকীয়েহে বুলি বহুতে মন্তব্য কৰিছে। সচেতন মহলে এতিয়া সময় থাকোতেই অসমীয়াৰ ওপৰত হৈ থকা অনা-অসমীয়া বহিৰাগতৰ আক্ৰমণৰ ঘটনাক গুৰুত্বসহকাৰে লৈ ইয়াৰ আঁৰত কিবা ষড়যন্ত্ৰ আছে নেকি সেয়া বিচাৰ কৰি চাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.