Breaking

গান্ধী পৰিয়ালৰ ৰাজকুমাৰ এখন সাধাৰণ চেলুনত কিয়…

0 23

ৰায়বৰেলীত নাপিতৰ দোকানত হঠাতে প্ৰৱেশ ৰাহুল গান্ধীৰ! যুৱৰাজক দেখি আচৰিত নাপিত

গান্ধী পৰিয়ালৰ ৰাজকুমাৰে আহি হাজিৰ হ’ল সাধাৰণ এখন চেলুনত। শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বৰেলীত চেলুনত ডাড়ি কটোৱাৰ এটা ভিডিঅ’ আৰু ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰাহুল গান্ধীয়ে হঠাতে তেওঁৰ লোকসভা সমষ্টি ৰায়বৰেলীৰ এখন নাপিতৰ দোকানত উপস্থিত হয় আৰু নাপিতক তেওঁৰ দাড়ি তথা চুলি ছেট কৰিব পাৰিবনে সোধে। নাপিতেও লগে লগে ৰাহুল গান্ধীক পাৰিম বুলি উত্তৰ দিলে। ৰাহুল গান্ধীৰ দাড়ি-চুলি ছেট কৰোৱাৰ কথাটো এতিয়া বহুতৰে মাজত আলোচনাৰ বিষয় হৈ পৰিছে। নাপিতেও ইমান ডাঙৰ নেতাৰ দাড়ি-চুলি কাটিবলৈ পাই বহুত সুখী হৈ পৰিছে।

জানিব পৰা মতে ৰাহুল গান্ধীয়ে সোমবাৰে তেওঁৰ সংসদীয় সমষ্টি ৰায়বৰেলীত আছিল। ব্যস্ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে তেওঁ জিলাখনৰ লালগঞ্জ চহৰৰ নাপিতৰ দোকান এখনত উপস্থিত হয়। চেলুন খনৰ নাম নিউ মুম্বা দেৱী চেলুন। দোকানৰ মালিক তথা মিথুনে কয় যে ৰাহুল গান্ধী হঠাতে তেওঁৰ চেলুনত উপস্থিত হৈছিল আৰু কৈছিল যে নিৰ্বাচনৰ ব্যস্ততাৰ বাবে দাড়ি আৰু চুলি বাঢ়িছে। ইয়াক ছেট কৰিব লাগে। তাৰ পিছত মিথুনে ৰাহুল গান্ধীৰ দাড়ি আৰু চুলি ছেট কৰিবলৈ আৰম্ভ কৰিছিল।

এই সময়ছোৱাত ৰাহুল গান্ধীয়ে নাপিত মিথুনৰ সৈতে নানা বিষয়ত বাৰ্তালাপ কৰিছিল। ৰাহুলে তেওঁক সুধিছিল কাম কেনে চলি আছে? মিথুনে কৈছিল যে সকলো ঠিকেই চলিছে। আগতে তেওঁ মুম্বাইত কাম কৰিছিল। কৰোনাৰ পিছত গাওঁলৈ ঘূৰি আহিছিল আৰু এতিয়া ইয়াতেই কাম কৰি আছে। ৰাহুলে এনেদৰে চেলুনত সোমাই দাড়ি-চুলি কটোৱাৰ বিষয়ত ছ’চিয়েল মিডিয়া ছাইট ‘এক্স’ত ৰাহুল গান্ধীৰ এখন ফটো শ্বেয়াৰ কৰি কংগ্ৰেছে লিখিছে, ‘নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে, কিন্তু চুলি কটাও প্ৰয়োজনীয়। ’’।ৰাহুলে দাড়ি কটাৰ পিছত নাপিতজনক ৫০০ টকা দিয়ে।

Leave A Reply