স্বামীৰ অবৈধ বেহাৰ কথা উদঙাই ৰোষত পৰিল পত্নী,বাঘবৰৰ আলোপতিত চাঞ্চল্য পত্নীয়ে উদঙালে স্বামীৰ অবৈধ ব্যৱসায় কাণ্ড, থানাত গোচৰ।প্ৰাপ্ত খৱৰ অনুসৰি আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতিচৰ গাঁৱৰ আনোৱাৰ হুছেইন নামৰ এইগৰাকী যুৱকে দীৰ্ঘদিনৰে পৰা অবৈধ ড্ৰাগছ ,ভাং আদি ব্যৱসায়ৰ সতে জড়িত স্বামী আনোৱাৰৰ সতে এই ব্যৱসায়ত জড়িত খালেক ,মালেক ,তালেৱ ,উশ্বু আদিসকল যুৱক।
এনে অসাধু বেহা বন্ধ কৰিবলৈ হেচাঁ দিয়াত স্বামীয়ে অন্তঃসত্ত্বা পত্নী চছিনা খাতুন নামৰ মহিলা গৰাকীৰ পেটত গোৰ মাৰে আৰু পুলিচ কিম্বা কাৰোবাক ক’লে প্ৰাণনাশৰো দিয়ে ভাবুকিউপায়বিহীন হৈ স্বামী আৰু বাকী সকলৰ বিৰুদ্ধে নিৰাপত্তা জনিত কাৰণতে মহিলা গৰাকীয়ে আলোপতিচৰ আৰক্ষীত দাখিল কৰে এক এজাহাৰ।প্ৰশ্ন হয় নিচাজাতীয় সামগ্ৰীৰ অবৈধ সামগ্ৰীৰ বেহাৰে সমাজ কলুষিত কৰা এই প্ৰদুষণকাৰী চক্ৰটিক উৎখাত কৰিব পাৰিবনে আৰক্ষীয়ে ?