দৰং জিলাৰ ছিপাঝাৰ ৰাজহচক্ৰৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত আজি পুৱাৰে পৰা এটা বনৰীয়া ম’হৰ মুক্ত বিচৰণে স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে । ঘটনাৰ বিৱৰণী অনুসৰি ৰাতিপুৱা শালি ধান কাটিবলৈ অহা লোকে বনৰীয়া ম’হটো প্ৰত্যক্ষ কৰে । লগে লগে সমগ্ৰ অঞ্চলটোত বনৰীয়া ম’হৰ বিচৰণৰ খবৰটো ৰাষ্ট্ৰ হৈ পৰে । যাৰ বাবে ধান কাটিবলৈ যোৱা কৃষক সকলৰ মাজত আতংক বিৰাজ কৰিছে ।
উল্লেখ্য যে , কুৰুৱা বনাঞ্চলত থকা বনৰীয়া ম’হে খৰালি হোৱাৰ লগে লগেই ইয়াৰ হাতীমূৰীয়া , গৰুখুটি , সাতখলি আদি গাঁৱত মুক্ত বিচৰণ কৰি প্ৰতি বছৰেই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । একেদৰে গোনা ম’হে পকা ধানকে ধৰি বিভিন্ন শষ্য খোৱাৰ লগতে খুটিৰ ম’হকো আক্ৰমণ কৰি আহিছে । তেনে পৰিপ্ৰেক্ষিতত বিগত বছৰ সমূহৰ দৰে ঘটনাৰ পুণৰাবৃত্তি নহ’বলৈ হাতীমূৰীয়াৰ পথাৰত বিচৰণ কৰি থকা ম’হটোক যি কোনো প্ৰকাৰে আতৰাই পঠিয়াবলৈ কুৰুৱা বন সংমণ্ডলক আহ্বান জনাইছে ।
পূৰ্ণানন্দ শৰ্মা , ছিপাঝাৰ