Breaking

গড়ভাঙা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু

0 11

গুৱাহাটী ,২৯জুন : গুৱাহাটীৰ লখৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ অসম – মেঘালয় সীমান্তৰ গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ মেগজিন নামৰ অঞ্চলটোত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন বিভাগৰ দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া বীৰতি ইংতিপীযে জানিবলৈ দিয়া মতে প্ৰায় ৫০ বছৰ উৰ্ধৰ , পিন্ধনত লংপেণ্ট – চোলা পৰিহিত অলপ কলা বৰণৰ লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। অৱশ্যে তেওঁক পুৱা প্ৰাত : ভ্ৰমণ কৰিব যোৱা লোক বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত বন বিষয়া বীৰতি ইংতিপীযে জানিবলৈ দিয়া মতে আন দিনাৰ দৰে শুকুৰবাৰেও পুৱা প্ৰায় ৫ মান বজাত কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দল তহল দিয়াৰ বাবে অৰণ্যৰ ভিতৰলৈ গৈছিল। তহল দিয়াৰ সময়তে কাৰ্যালয়ৰ পৰা প্ৰায় এক – ডেৰ কিলোমিটাৰমান নিলগত থকা মেগজিন নামৰ অঞ্চলটোত ৫.৩০ মান বজাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকক মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে বনকৰ্মীৰ দলটোৱে। আনকি কিছু দূৰত এটা হাতীও দেখা পাইছিল বনকৰ্মীৰ দলটোৱে । তাৰ পাছত বনকৰ্মীৰ দলটোৱে তেওঁক অৱগত কৰাৰ লগতে গড়চুক আৰক্ষী থানাকো খবৰ দিয়ে।

পাছত বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীযে কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনকো বিষয়টো অৱগত কৰে। তাৰ পাছত ঘটনাস্থলীত আঞ্চলিক বন বিষয়া আৰু জিলা প্ৰশাসনৰ দণ্ডাধীশৰ উপস্থিতিত গড়চুক আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত মৃতদেহটো ৭২ ঘণ্টাৰ চিনাক্তকৰণৰ বাবে মৰ্গত ৰখা হৈছে বুলি আৰক্ষী আৰু বন বিভাগৰ সূত্ৰত প্ৰকাশ। উল্লেখ্য যে ইয়াৰ পূৰ্বেও গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত কেবাজনো লোকে নিহত হৈছিল। আনকি গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকক নিয়ন্ত্ৰণ কৰাৰ বাবে দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ উপৰিও কাৰ্যালয়ৰ অন্তৰ্গত বশিষ্ঠ খণ্ড বন বিষয়া আৰু মইনাখোৰোং খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দলে নিয়মীয়াকৈ তহল দি আহিছে।

Leave A Reply