Wild Elephants attack । বন্যহস্তীৰ আক্ৰমণ !

১৬ অক্টোৱৰ,পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলংৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাওঁৰ ৰাজপথত পূৱা প্ৰায় ৪মান বজাত এটি প্ৰকাণ্ড সাৰ গৰুক বন্যহস্থীৰ জাকে আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় সাৰ গৰু।
জিলাখনত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত,হাতী মানুহ সংঘাতৰ পিছত এইবাৰ হাতী জাক আৰু সাৰ গৰুৰে সতে সংঘাত ৷ইফালে গভীৰ নিদ্ৰাত অসম চৰকাৰৰ বিয়াগুম বনবিভাগ। (Wild Elephants attack)


বন্যহস্তীৰ জাকৰ তাণ্ডব এইয়া প্ৰথম নহয় যাৰ পৰিণতিত বিভিন্ন জনৰ প্ৰাণ যোৱা পৰিলক্ষিত হৈছে। সন্ধিয়া হলে হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা হাবাইপুৰ ৰেল লাইন পাৰ হৈ পশ্চিম কাৰ্বি আংলংঙৰ খেৰণীস্থিত দক্ষিণ বনাঞ্চলিক বিভাগৰ এলেকাধীন গোহাগাওঁ, জিৰিমবৰহলি, জিৰিবাছা কাৰ্বিগাওঁ ,নেপালী গাওঁত, ভেটাপাৰ,মাইলু ,মচকা আৰু অন্যান্য গাওঁৰ সেউজীয়া ধাননি পথাৰত প্ৰবেশ কৰে বন্যহস্থীৰ জাক, লগতে স্হানীয় ৰাইজ আতংকিত হৈ পৰে ৷খেতি পথাৰও তহিলং কৰে ৷ দূখীয়া খেতিযকৰ দোষ বেদনা এতিয়া বুজিবলৈ যেন কোনো নাই ৷

Related Articles