Breaking

ৰাণীত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ

0 13

আজাৰা : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলৰ খেতি পথাৰ সমূহত কৃষক সকলে শালিধানৰ খেতি আৰম্ভ হোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্রব আৰম্ভ হোৱাত চকুৰে সৰিয়হ ফুল দেখিব লগীয়া হৈছে । বিশেষকৈ বৃহত্তৰ ৰাণী অঞ্চলৰ নিৰলপুৰ , বিক্ৰমপুৰ , পাজিবিন্ধা , নালাপাৰা , বেলগুৰি , চেচা , মৈৰাপুৰ , মানিকপুৰ , পুৰাণ শুকুৰবেৰীয়া আদি অঞ্চলৰ কৃষক সকলে শালিধানৰ কঠিয়া সিঁচা কাম আৰম্ভ কৰিছিল । কিন্তু বিগত প্ৰায় দুই সপ্তাহ ধৰি নিশাৰ ভাগত পোৱালীসহ অহা এটা প্ৰায় ৩০ ৰ পৰা ৪০ জনীয়া বনৰীয়া হাতীৰ জাকে কঠীয়া গছকি , ফেনেকী নষ্ট কৰি পেলাইছে । এই সন্দৰ্ভত ৰাণী মৈৰাপুৰ আঞ্চলিক বনৰীয়া হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ , সম্পাদক বিনয় দাস , বিক্ৰমপুৰৰ উদীয়মান যুৱ কৃষক জোন ৰাভা , আদৰ্শ কৃষক ৰজনী দাসকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত পোৱালীসহ নামি অহা প্ৰায় ৩০ ৰ পৰা ৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই উক্ত অঞ্চলত সন্ধিয়া আন্ধাৰ হোৱাৰ পাছত প্ৰৱেশ কৰি প্ৰায় ১০০ বিঘা মান মাটিৰ সিঁচা শালিধানৰ কঠিয়া খাই আৰু গছকি নষ্ট কৰি পেলাইছে । তদুপৰি বনৰীয়া হাতীৰ জাকটোৱে স্থানীয় গৃহস্থৰ ঘৰ-বাৰীত সোমাই কুঁহিয়াৰ-কল-কঁঠাল আদি খাই তহিলং কৰিছে । উল্লেখনীয় যে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ইতিপূৰ্বে সংশ্লিষ্ট বন বিভাগে উক্ত অঞ্চল বিশেষত ‘সৌৰশক্তি চালিত ফেঞ্চিং” বহুৱাইছিল । কিন্তু যাৱতীয় প্ৰতিপালনৰ অভাৱত সেই ফেন্সিং সমুহ বেয়া হৈ পৰে । ইফালে হাতীৰ জাকটোৱে পথাৰৰ মাজত একাংশ কৃষকে জিৰণি লোৱাৰ লগতে কৃষি কাৰ্যত ব্যৱহৃত সা – সামগ্ৰী ৰখাৰ বাবে নিৰ্মাণ কৰা চালিঘৰো ভাঙি পেলোৱাত কৃষক সকল শংকিত হৈ পৰিছে । ইয়াৰ মাজতে ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ মাহিন্দ্ৰী সংৰক্ষিত বনাঞ্চলৰ এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত প্ৰায় ২৭ হেক্টৰ মাটি এটা দুষ্টচক্ৰই কৌশলৰে বেদখল কৰাত আৰু অৰণ্যত হাতীৰ খাদ্য কমি অহাত বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই আহিবলৈ বাধ্য হৈছে বুলি ৰাণীৰ একাংশ প্ৰকৃতিপ্ৰেমী লোকে জানিবলৈ দিছে। আনকি কোনো দুষ্ট চক্ৰৰ প্ৰৰোচনাত পৰি ৰাণীৰ বনাঞ্চল সমূহৰ ওচৰত বাস কৰা কিছু লোকে অৰণ্য ধ্বংসকাৰ্যত জড়িত হোৱা বিষয়টোৱেও হাতী – মানুহৰ সংঘাট সৃষ্টিত অৰিহণা যোগোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

Leave A Reply