কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…

আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ। ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ।

আনহাতে খবৰ ওলাইছে যে বৰ্ষাপাৰাত আজি অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ খেল খনৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান বৰ্ষাপাৰাত উপস্থিত থাকিব বুলি ওলোৱা খবৰে অনুৰাগীক উৎসাহিত কৰি তুলিছে।

কিন্তু শ্বাহৰুখ খান বৰ্ষাপাৰাত উপস্থিত হ’ব নে নহ’ব সেয়া এতিয়াও নিশ্চিত নহয়।

শ্বাহৰুখ খানৰ লগত কন্যা সুহানা খানও অহাৰ কথা আছিল বৰ্ষাপাৰাত আই পি এলৰ দৰ্শক হ’বলৈ।

কিয়নো বৰষুণে হয়তো বিঘিনি ঘটাব পাৰে মেচখনত।

ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ আগজাননী দিছে!

সময়তহে জানিব পৰা যাব মেচ উপভোগ কৰিবলৈ গুৱাহাটীলৈ আহিব নে নাহে কন্যাৰ সৈতে শ্বাহৰুখ খান।

Related Articles