Breaking

চন্দ্ৰযান-৩ পৃথিৱীলৈ ঘূৰি আহিবনে? ১৪ দিনৰ পাছত কি হ’ব লেণ্ডাৰ আৰু ৰভাৰৰ…

0 686

চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰাৰ পিছতে কাম আৰম্ভ কৰিছে প্ৰজ্ঞান ৰভাৰে। ১৪ দিনলৈ তদন্ত কৰিব ৰভাৰে। কিন্তু ১৪ দিনৰ পাছত ৰভাৰখনৰ কি হ’ব জানেনে? চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছত নিজৰ কাম ভালদৰে আৰম্ভ কৰিছে। লেণ্ডাৰে চন্দ্ৰপৃষ্ঠৰ বহু ছবি প্ৰেৰণ কৰিছে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি লেণ্ডাৰ বিক্ৰমে তোলা ছবিবোৰ চৰ্চালৈ আহিছে। ইছৰোৱে মাইক্ৰ’ব্লগিং চাইট এক্সত ৪খন ছবি শ্বেয়াৰ কৰি জনাইছে যে এই ছবিসমূহ লেণ্ডাৰৰ Horizontal Velocity কেমেৰাৰ পৰা লোৱা হৈছে, অৰ্থাৎ চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠভাগ এই ছবিখনত দেখা গৈছে য’ত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰিছিল। ৰভাৰেও ফিক্সড এক্সপেৰিমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে। ৰভাৰৰ পৰা লেণ্ডাৰলৈ আৰু তাৰ পিছত আইষ্ট্ৰেক অৰ্থাৎ ইছৰো টেলিমেট্ৰি, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্কলৈও তথ্য সফলতাৰে গ্ৰহণ কৰা হৈছে। ১৪ দিনৰ বাবে প্ৰজ্ঞান ৰভাৰে চন্দ্ৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।

চন্দ্ৰযান-৩ৰ সৈতে জড়িত কেইটামান প্ৰশ্নৰ বিষে জানি লওক—

চন্দ্ৰযান-৩ পৃথিৱীলৈ ঘূৰি আহিবনে? চন্দ্ৰযান-৩ পৃথিৱীলৈ ঘূৰি নাহে। চন্দ্ৰতে থাকিব চন্দ্ৰযান-৩।

চন্দ্ৰৰ এটা দিন পৃথিৱীৰ কিমান দিনৰ সমান? চন্দ্ৰৰ এটা দিন পৃথিৱীৰ ১৪ দিনৰ সমান।

চন্দ্ৰযান ৩ ৰ মুঠ ওজন কিমান? চন্দ্ৰযান-৩ৰ মুঠ ওজন ৩,৯০০ কিলোগ্ৰাম। ইয়াত প্ৰপালচন মডিউলৰ ওজন ২,১৪৮ কিলোগ্ৰাম আৰু লেণ্ডাৰ মডিউলৰ ওজন ১,৭৫২ কিলোগ্ৰাম। এইখনত থকা ৰভাৰখনৰ ওজন ২৬ কেজি।

১৪ দিনৰ পিছত লেণ্ডাৰ আৰু ৰভাৰৰ কি হ’ব? ১৪ দিনৰ পিছত চন্দ্ৰত ৰাতি হ’ব যি ১৪ দিন থাকিব। অত্যন্ত ঠাণ্ডা হ’ব আৰু যিহেতু বিক্ৰম আৰু প্ৰজ্ঞানে কেৱল ৰ’দতহে কাম কৰিব পাৰিব, সেয়েহে ১৪ দিনৰ পাছত তেওঁলোক নিষ্ক্ৰিয় হৈ পৰিব। লগতে লেণ্ডাৰ আৰু ৰভাৰ দুয়োখনেই ১৪ দিন টিকিব পৰাকৈ ডিজাইন কৰা হৈছে। কিন্তু ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰত সূৰ্য্য উদয় হ’লে পুনৰ বিক্ৰম আৰু প্ৰজ্ঞান সক্ৰিয় হোৱাৰ সম্ভাৱনা নুই কৰা নাই।

প্ৰজ্ঞান ৰভাৰে এতিয়া চন্দ্ৰত কি কৰিব? চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ পৃষ্ঠ আৰু আৱৰণৰ অনুসন্ধান কৰিব। চন্দ্ৰৰ পৃষ্ঠত উপস্থিত ৰাসায়নিক মৌল চিনাক্ত কৰিব। চন্দ্ৰৰ মাটি আৰু শিলত ৰাসায়নিক যৌগ ধৰা পেলাব। এলুমিনিয়াম, মেগনেছিয়াম, চিলিকনৰ দৰে মৌলৰ সন্ধান কৰিব। কেলচিয়াম আৰু টাইটানিয়াম বিচাৰিব।


Leave A Reply

Your email address will not be published.