জন্মদিনৰ উপহাৰ হিচাপে ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰীৰ চকী দিবনে ! আজি লোৱা হ’ব সিদ্ধান্ত…

কৰ্ণাটকত মুখ্যমন্ত্ৰী পদৰ বাবে সিদ্ধাৰামাইয়াই আৰু ডি কে শিৱকুমাৰৰ মাজত কঠোৰ যুঁজ। আজি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। সকলো বিধায়কৰ মতামত লোৱা হৈছে। কংগ্ৰেছৰ পৰ্যবেক্ষক ভৱৰ জিতেন্দ্ৰ সিঙে মন্তব্য কৰে ‘আমি এতিয়া দিল্লীলৈ যাম, ৰিপৰ্ট বনাই কংগ্ৰেছৰ সভাপতিৰ ওচৰত দাখিল কৰিম। অধ্যক্ষই সিদ্ধান্ত ল’ব বিধানসভা দলৰ নেতা কোন হ’ব’!’মোৰ দলৰ হাইকমাণ্ডে এই সিদ্ধান্ত ল’ব। দিল্লীলৈ নাযাওঁ বুলি সিদ্ধান্ত লৈছো। আজি মোৰ জন্মদিন, ইয়াত পূজা কৰিব লাগিব। কৰ্ণাটকবাসীৰ মোৰ ওপৰত বিশ্বাস আছে। ১৩৫ খন আসন দিছে আৰু কি উপহাৰ বিচাৰো’ – ডি কে শিৱকুমাৰ এই মন্তব্য।কৰ্ণাটক প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কংগ্ৰেছৰ বিধায়কক সাক্ষাৎ কৰিবলৈ বেংগালুৰুৰ শ্বাংগ্ৰী-লা হোটেলত উপস্থিত।


‘দিল্লীলৈ যোৱাৰ কোনো সিদ্ধান্ত এতিয়াও নাই’ – ডি কে শিৱকুমাৰ। কৰ্ণাটক ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰক দিল্লীলৈ যোৱাৰ কথা সোধাত তেওঁ কয় যে তেওঁ দিল্লীলৈ যাব নে নাযায় সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই।কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে ঘৰৰ বাহিৰত সমৰ্থকক সাক্ষাৎ কৰে। সমৰ্থকসকলে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিছিল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী দৌৰত সিদ্ধাৰামাইয়াকে ধৰি ৪ জনৰ নাম আছে। তেওঁলোক হৈছে ডি কে শিৱকুমাৰ আৰু সিদ্ধাৰমাইয়াৰ নাম। ইয়াৰ লগতে এই দৌৰত এইচ কে পাটিল আৰু জি পৰমেশ্বৰৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।

Related Articles