Breaking

T-20 World Cupৰ ছেমিফাইনেল খেলাৰ সুযোগ পাবনে ভাৰতে

0 39

আবু ধাবিত অনুষ্ঠিত T-20 World Cup ৰ ছেমিফাইনেলত ভাৰত অৱতীৰ্ণ হব পাৰিবনে ? এই প্ৰশ্নটোৱে আজি সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে । ভাৰতীয় দলৰ শোচনীয়া প্ৰদৰ্শনৰ পিচত এতিয়াও কিছু আশা পুহি ৰাখিছে ভাৰতীয় ক্ৰিকেটপ্ৰেমী সকলে । T-20 World Cup 2021 ৰ পঞ্চম খন খেলত আফগানিস্থান ক্ৰিকেট দল মুখামুখি হব নিউজিলেণ্ড দলৰে । আবুধাবীৰ শ্বেখ জায়দ ষ্টেডিয়ামত ৰবিবাৰে মুখামুখি হৈছে দুয়োটা দল । খেলৰ আৰম্ভণিতে ভাৰতৰ বাবে সুখবৰ যে আফগানিস্থান দল টছত জয়ী হৈছে । টছত জয়ী হৈয়ে বেটিং কৰাৰ সিদ্ধান্ত আফগানিস্থানৰ দলৰ ।


ৰবিবাৰে অনুষ্ঠিত হোৱা এই খেলখনত যদিহে আফগানিস্থান দলে নিউজিলেণ্ড দলক হৰুৱাবলৈ সমৰ্থ হয় , তেতিয়া ছেমিফাইনেল খেলাৰ পথ প্ৰসস্ত হব ভাৰতৰ । বৰ্তমান নিউজিলেণ্ড দলটোৰ প্ৰদৰ্শনে ভাৰতীয় দলৰ ছেমিফাইনেলত খেলাৰ ক্ষেত্ৰত মুখ্য বাধা ৰুপে থিয় হৈছে । নিউজিলেণ্ডৰ তুলনাত আফগানিস্থান দল যথেষ্ট দুৰ্বল । কিন্ত ক্ৰিকেটত কোনো অসম্ভৱ নাই । এইবাৰৰ T-20 World cup ৰ চাৰিখন খেলৰ দুখনত জয় সাব্যস্ত কৰিছে আফগানিস্থানে । আনহাতে চাৰিখন খেল খেলি ৩ খনত জয়লাভ কৰিছে নিউজিলেণ্ড দলে ।

Leave A Reply

Your email address will not be published.