Breaking

প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব নেকি অসম জাতীয় পৰিষদত ! নগাঁৱত লুৰিণক আদৰণি জনালে মহন্তৰ শিবিৰৰ নেতা-কৰ্মীয়ে

0 2,123

নগাঁও, ২৩ডিচেম্বৰ:  বিজেপিৰে মিত্ৰতাক লৈ অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে ক্ৰমাৎ ব্যৱধান বৃদ্ধি পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব পাৰে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত। প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ পিছত কালি নিশা নগাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক আদৰণি জনোৱাৰ সময়ত দেখা গ’ল প্ৰফুল্ল মহন্তৰ শিবিৰৰ কেইবাজনো নেতা-কৰ্মীক। যোৰহাটৰ পৰা উভতি নগাঁৱৰ হোটেল নগাঁও পইণ্টত নিশা প্ৰায় ১০ বজাত উপস্থিত হোৱা জনপ্ৰিয় যুৱনেতা লুৰিণজ্যোতি গগৈক আদৰনি জনোৱাৰ সময়ত বিপুল জনসমাগম পৰিলক্ষিত হয়। “লুৰিণজ্যোতি গগৈ জিন্দাবাদ, অজাপ জিন্দাবাদ” ধ্বনিৰে নিশা নগাঁৱৰ আকাশ-বতাহ মুখৰিত হয়। নগাঁৱত উপস্থিত হয় সাংবাদিকৰ সন্মুখত লুৰিণে কয়, “ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ জন্ম হোৱা নাই। অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ বাবেই এই দলৰ জন্ম হৈছে।” ইপিনে বৰ্তমান বিজেপিৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰি অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে প্ৰত্যক্ষ সংঘাতত অৱতীৰ্ণ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক অসম জাতীয় পৰিষদত আদৰি ল’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত লুৰীণে কয়, “প্ৰকৃত আঞ্চলিকতাবাদত বিশ্বাসী প্ৰতিজন ব্যক্তিকে অসম জাতীয় পৰিষদে আদৰি ল’ব।” উল্লেখযোগ্য যে অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অজাপত যোগদানৰ বিষয়ে যোগাযোগ চলাই থকা বুলি মন্তব্য কৰি লুৰিণে কয় শীঘ্ৰেই এই বিষয়ে অসমবাসীয়ে গম পাব। অজাপই ভেজাল জাতীয়তাবাদক প্ৰশ্ৰয় নিদিয়ে বুলিও পৰোক্ষ ভাৱে অগপ ক কটাক্ষ কৰে। আনহাতে, অতি শীঘ্ৰেই নগাঁৱলৈ পুনৰ আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আশীষ ল’ব বুলি লুৰিণজ্যোতি গগৈয়ে সাংবাদিকক অৱগত কৰে। লুৰিণে সাংবাদিকক কয়, “গুৰুজনাই তাহানিতে গঢ়িব বিচৰা ভেদাভেদহীন সমাজক গঢ় দিয়াৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে কাম কৰি যাব।” লুৰিণে লগতে কয় প্ৰকৃত অসমীয়া জাতিসত্বাক জীয়াই ৰাখিবলৈ তেঁও সদায় সংকল্পবদ্ধ।

Leave A Reply

Your email address will not be published.