দৈনন্দিন বাৰ্তাৰ সেৱা
গোমা পৰিৱেশ বিৰাজ কৰিছে আঞ্চলিক দল অগপৰ মজিয়াত।দলৰ নেতৃত্বৰ পৰা অপসাৰিত হোৱাৰ লগে লগে কোনেও গুৰুত্ব নিদিয়ে মহন্তক।দলটোৰ বিষয়ত কথাৰ মূৰৰ কথা এষাৰো নাপাতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা মহন্তৰ সৈতে।দীৰ্ঘদিনধৰি মহন্তই নিজৰ উচ্চাকাংক্ষী পত্নী-পুত্ৰ আৰু কন্যাক ৰাজনৈতিক সংস্থাপনৰ বাবে দলৰ মজিয়াখন ব্যৱহাৰ কৰি আহিছিল।বিনিময়ত দলীয় নেতা-কৰ্মীৰ লগতে একাংশ বিধায়কো মহন্তৰ পৰিয়ালৰ কটু আৰু অভব্য আচৰণৰ সমুখীন হৈছে।সকলো কথাৰে এটা সীমা থাকে, মহন্ত আৰু পৰিয়ালৰো এই সীমা হয়তো পাৰ হ’ল।যাৰবাবে নিজৰ দলতে এলাগী হ’ল এসময়ৰ ক্ষমতান্ধ মহাবলী প্ৰফুল্ল মহন্ত।যোৱা লোকসভাৰ নিৰ্বাচনৰ সময়ত নিজৰ পত্নী-পুত্ৰ-কন্যাৰ বাবে সংসদীয় সমষ্টিৰ টিকত বিছাৰি হৈছিল বিমুখ।ফলত সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ নিজৰ নাকটোকে কাটি পেলোৱাৰ দৰে মহন্তই নগাওঁ-কলিয়াবৰৰ লগতে আন স্থানতে নিজৰ সমৰ্থকৰ দ্বাৰা দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট দিয়াইছিল বুলি অভিযোগ আছে।ফলত অগপৰ এজনো প্ৰাৰ্থী জয়ী নহ’ল।নগাৱঁত আনকিমুকলিকৈ কংগ্ৰেছ প্ৰাৰ্থীৰ জয়গান গোৱাৰো আছে অভিযোগ মহন্তৰ বিৰুদ্ধে।জেষ্ঠ নেতা হোৱাৰ বাবেই দলীয় নেতা-কৰ্মীয়ে ইমানদিন মনে মনে আছিল আৰু লকডাউনৰ বাবে একপ্ৰকাৰ পাহৰণিৰ গৰ্ভলৈ গৈছিল মহন্তৰ প্ৰসংগ।কিন্ত শেহতীয়াকৈ অগপৰ আই-টি কোষ গঠনৰ প্ৰসংগত আক্ৰমণাত্মক হৈ পৰে মহন্ত।অগপৰ সমিতিখন অবৈধ বুলি বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে ষড়যন্ত চলোৱা আৰু দলটো ধ্বংস কৰা বুলি আঙুলিয়াই দিয়ে।যাৰবাবে দলৰ ৰোষত পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীজন আৰু সংবিধান অনুসৰি মহন্তৰ বিৰুদ্ধে নিলম্বন, বহিস্কাৰ আদিৰ সিদ্ধান্ত ল’বলৈ আগবঢ়া বুলিব পাৰি।।