Winter Recipe: শীতত ধনীয়া আৰু বীটৰ সোৱাদ লওক এইদৰে

গৰম গৰম ভাত আৰু ধনীয়া চাটনি লগতে বীটৰ চালাড(Winter Recipe)। খাবলৈ যে কি সোৱাদ। গৰম ভাটৰ সৈতে ধনীয়া চাটনি লগতে বীটৰ চালাড আৰু কেঁচা সৰিয়হৰ তেলৰ মিশ্ৰণ অতি সোৱাদযুক্ত।

শীতকাল মানেই খাদ্যৰ জুতি। ঠাণ্ডা বতৰত ভাতৰ লগত বিভিন্ন ধৰণৰ পাচলিৰ সোৱাদ আৰু পৰিয়ালৰ লগত খোৱাৰ আনন্দৰ লগত তুলনা নাই (Winter Recipe) আন একোৱে। শীতকালীন শাক-পাচলি আৰু বিভিন্ন মছলাৰ মিশ্ৰণেৰে চাটনিয়ে শীতকালৰ পুষ্টিৰ প্ৰয়োজনীয়তাও পূৰণ কৰে। সুস্বাদু বস্তু যেনে ধনীয়াৰ চাটনি, বীটৰ চালাডে শীতকালীন খাদ্য তালিকাত বিশেষ স্থান লাভ কৰে। শীতকালত এই দুবিধ খাদ্যই শৰীৰ উষ্ণ কৰি ৰখাত আৰু মন সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ধনীয়া আৰু বীটৰ দুটা ৰেচিপিৰ বিষয়ে জানি লওক-

ধনীয়া চাটনিৰ ৰেচিপি-
ধনীয়া: ২ কাপ (চাফা কৰি ধুই)
নহৰু: ৪-৫ টা নহৰু
ক’লা জিৰা: ১/২ চামুচ
কেঁচা জলকিয়া: ৩ টা
নিমখ: সোৱাদ অনুসৰি
সৰিয়হৰ তেল: ১ চামুচ


প্ৰস্তুতিৰ পদ্ধতি-

প্ৰস্তুতিঃ ধনীয়া পাত ভালকৈ ধুই ল’ব। ধনীয়া পাত, নহৰু আৰু জলকীয়া একেলগে মিক্সাৰত পিহি মিহি পেষ্ট বনাব।
কেৰাহীত সৰিয়হৰ তেল গৰম কৰিব। তাত ক’লা জিৰা আৰু কেঁচা জলকীয়াৰ টুকুৰা দিব।

বীটৰ ৰেচিপি-
২ টা বুট (কাটি, ধুই ল’ব)
সোৱাদ অনুসৰি জলকীয়া
৪ চামুচ সৰিয়হৰ তেল
সোৱাদ অনুসৰি নিমখ
১/২ চামুচ সৰিয়হৰ গুটি
১/২ চামুচ চেনি

পৰিবেশন: গৰম ভাতৰ সৈতে বীটৰ চাটনি পৰিৱেশন কৰিব। ইয়াৰ সোৱাদে আপোনাৰ শীতকালীন খাদ্যৰ আনন্দ বৃদ্ধি কৰিব।

Related Articles