গোসাঁইগাঁও, ২৬ ছেপ্টেম্বৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ চৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত আলিনগৰ গাঁৱত এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ পোহৰ লৈ আহিছে ৷ প্ৰায় তিনি বছৰৰ অন্তত পোহৰ লৈ আহিছে অন্ধবিশ্বাসৰ এই ভয়ংকৰ ঘটনাটো ৷বিগত তিনিটা বছৰে গাঁৱৰ অন্যান্য পৰিয়াল, ব্যক্তিৰ পৰা লাঞ্চিত, শোষিত হৈ আহিছে যদিও কোনেও পৰিয়াল কেইটাক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই ৷অভিযোগ অনুসৰি, গাঁওখনৰ তিনিটা পৰিয়ালৰ তিনিগৰাকী মহিলাক ডাইনী সন্দেহ কৰি অপবাদ দি আহিছে গাঁৱৰ একাংশ লোকে(Witchcraft accusations in Gossaiagaon) ৷
একেখন গাঁৱৰে এগৰাকী মুখিয়াল, গাঁওপ্ৰধান আৰু তেওঁলোকৰ এজন সহযোগীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে । গাঁওখনৰ তিনিটাকৈ পৰিয়ালক সমাজৰ পৰা বহিষ্কাৰ কৰাই নহয়, বিভিন্ন ধৰণে মানসিক তথা অন্যান্য ধৰণে এক নীৰৱ অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী মহিলা তিনিগৰাকীৰ(Mental abuse and societal exclusion) ৷ যোৱা প্ৰায় তিনি বছৰে এই পৰিয়াল তিনিটাক সমাজৰ পৰা এঘৰীয়া কৰি ৰখাৰ ফলত জীৱননিৰ্বাহ কৰাকে ধৰি চলা ফুৰা আদি বিভিন্ন ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে ৷তাৰোপৰি সমাজৰ পৰা বহিষ্কৃত এই পৰিয়াল তিনিটাক স্থানীয় একাংশ ৰাইজে বেয়া চকুৰে চাই অহাৰ লগতে অকথ্য গালি গালাজৰো অভিযোগ ভুক্তভোগী পৰিয়ালকেইটাৰ । লগতে তেওঁলোকৰ তিনিগৰাকী মহিলাক ডাইনী অপবাদেৰে বিভিন্ন সময়ত নানা ধৰণৰ মানসিক অত্যাচাৰ চলাই আহিছে বুলিও কলে ভুক্তভোগী পৰিয়ালকেইটাই ।
গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত এটা দুৰ্গম অঞ্চলত বসবাস কৰা ভুক্তভোগী পৰিয়াল তিনিটাই ইমানদিনে তেওঁলোকৰ লগত হৈ অহা অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস গোটাব পৰা নাছিল । অভিযোগ অনুসৰি, গাওঁবাসীয়ে সমাজৰ পৰা আঁতৰত ৰখা এই দুৰ্ভগীয়া পৰিয়াল তিনিটাই ৩০ হেজাৰ টকা জৰিমনা দিহে সমাজত চামিল হ’ব পাৰিব বুলি দাবী কৰে গাওঁখনৰ মুখিয়াল, গাঁওপ্ৰধানকে ধৰি তেওঁলোকৰ সহযোগীয়ে ৷ দাবী কৰা এই ধন দিবলৈ অপাৰগ বাবেই বিগত ৩ বছৰে তেওঁলোকক এঘৰীয়া কৰি ৰাখে গাঁওবাসীয়ে(Social exclusion and harassment) ৷ কেৱল সেয়াই নহয়, তেওংলোকৰ এটা পৰিয়ালৰ এজন যুৱকক বিনাদোষত নিৰ্যাতন চলাই হাৰাশাস্তি কৰাৰো গুৰুতৰ অভিযোগ কৰে ভুক্তভোগী পৰিয়াল তিনিটাই৷
এই সন্দৰ্ভত পৰিয়াল তিনিটাই গাঁওখনৰ মুৰব্বী তথা সমাজৰ পৰা ন্যায় বিচাৰে যদিও পৰিয়াল তিনিটাক সমাজৰ পৰা বহিষ্কাৰ কৰি ৰখাৰ বাবে কোনো ধৰণৰ বিচাৰ সম্ভৱ নহয় বুলি আঁতৰাই ৰাখে ৷ মিছা অভিযোগ তথা অপবাদেৰে পৰিয়াল তিনিটাক চলাই অহা নিৰ্যাতনৰ বাবে প্ৰতিমুহূৰ্তত জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে মহিলা তিনিগৰাকীৰ লগতে তেওংলোকৰ পৰিয়ালৰ অন্যান্য সদস্যসকলে ৷
এই পৰিয়াল তিনিটাই এতিয়া সকলো ভয়-ভীত কাটি কৰি আটাইৰে নিৰাপত্তা বিচাৰি মহকুমা প্ৰশাসনৰ কাষ চাপিছে যদিও প্ৰশাসনৰ ফালৰ পৰাও কোনো সহাৰি লাভ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে(Gosaiagaon subdivision) ৷ উল্লেখ্য যে, মহিলা তিনিগৰাকীয়ে তেওঁলোকৰ লগত হৈ অহা অত্যাচাৰৰ উপযুক্ত তদন্তৰ লগতে উচিত বিচাৰ কৰি আটাইৰে জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে যোৱা আগষ্ট মাহতে গোসাঁইগাঁও মহকুমা প্ৰশাসনক লিখিতভাৱে অৱগত কৰিছিল বুলি জনাইছে ভুক্তভোগী পৰিয়ালকেইটাৰ সদস্যই ।
লগতে পঢ়ক: Death of class IX student: দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাণ্ডক লৈ খৰ্গহস্ত জিলা ছাত্ৰ সন্থা