আমাৰ বনানীৰ সহযোগত গহপুৰত প্ৰকৃতিপ্ৰেমীৰ উল্লেখনীয় নিদৰ্শন। মালিপুৰ বড়িৰ বৃহৎ এলেকা জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা ঘোষণা

গহপুুুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ বৃহত্তৰ এলেকা জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে এটি প্ৰাকৃতিক সংৰক্ষণ আৰু সংবৰ্ধন অনুষ্ঠান “আমাৰ বনানী”ৰ জৰিয়তে ৰাজহুৱাভাৱে ঘোষণা কৰা হয়। পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লোহিতমুখ গাঁও পঞ্চায়তৰ মালিপুৰবড়িৰ হাবি-জংঘলেৰে আৱৰা প্ৰায় ৪০-৪৫ বিঘা মাটি বৃহত্তৰ অঞ্চলৰ কেইগৰাকীমান প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ উদ্যোগত স্থানীয় ৰাইজৰ উপস্থিতিত কালি জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হয়। আমাৰ বনানীৰ সঞ্চালক তথা বৃক্ষ মানৱ বকুল গগৈৰ তৎপৰতাত আৰু লোহিতমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নামেশ্বৰ পেগু, উদ্যমি যুৱক তথা প্ৰকৃতিপ্ৰেমী কালিৰাম মিলি, অজিত মিলিৰ উদ্যোগত স্থানীয় ৰাইজে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি, গছ-বনেৰে ভৰি থকা কিয়দংশ চৰকাৰী ভূমি জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষিত এলেকা হিচাপে সংৰক্ষণৰ ব্যৱস্থা কৰাক লৈ গহপুুুৰৰ বৌদ্ধিক মহল উৎফুল্লিত হৈ পৰিছে।

সম্প্ৰতি বিশ্বৰ ভিন্ন প্ৰান্তত গছ-বন বিধ্বংস কৰি থকাৰ বিপৰীতে অসমৰ অন্যতম উল্লেখযোগ্য প্ৰাকৃতিক সংৰক্ষণ অনুষ্ঠান “আমাৰ বনানী”য়ে গহপুুুৰৰ লগতে অসমৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণ, জীৱ-জন্তু, চৰাই-চিৰিকটি সংৰক্ষণৰ কাৰণে সজাগতা, সংৰক্ষণ ব্যৱস্থা আদিৰ দৰে কেতবোৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইতিমধ্যে অসম চৰকাৰৰ সামাজিক বনানীকৰণ এলেকা হিচাপে সংৰক্ষিত হৈ থকা মালিপুৰ অঞ্চলৰ বৃহত্তৰ এলেকাৰ অধিকাংশ ভূমি বেদখলৰ কবলত পৰাত সেই সংকুচিত এলেকাটি জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে ৰাজহুৱাভাৱে ঘোষণা কৰা হয়। কেইবাটিও গছপুলি ৰোপণ কৰি ঘোষণা কৰা সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণাকান্ত পেগু, কৃপা কামান, সোণফুল পেগু, বকুল বৰুৱাকে ধৰি অৰ্ধশতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত বৃক্ষ মানৱ বকুল গগৈয়ে ইতিমধ্যে সংকুচিত হৈ অহা চৰকাৰী ভূমি খিনি এইদৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত উদ্যোগ লোৱা শিক্ষাবিদ নামেশ্বৰ পেগু, কালিৰাম মিলি, অজিত মিলিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে স্থানীয় ৰাইজে এইদৰে সহযোগ কৰা কাৰ্যক আমাৰ সকলোৰে বাবে ভাল খবৰ বুলি উল্লেখ কৰে। তেওঁ ৰাজহুৱাভাৱে কয় যে আজিৰ পৰা এই এলেকাৰ গছ-বন কোনো কাৰণতে কোনেও কাটিব নোৱাৰিব, ইয়াত বাস কৰা জীৱ-জন্তু, চৰাই-চিৰিকটি, মাছ-কাছ আদি নিধন কৰিব নোৱাৰাৰ লগতে মাটি খান্দিব নোৱাৰিব বুলিও ঘোষণা কৰি স্থানীয় ৰাইজে এই এলেকাটি নজৰত ৰাখিব লাগিব বুলিও কয়। কোনো দুস্কৃতিকাৰীয়ে গছ-গছনি, চৰাই-চিৰিকটি আদি চিকাৰ কৰা দেখিলে তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনোৱা হয়। উল্লেখ্য যে এই বৃহত্তৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকাক অতি শীঘ্ৰে পক্ষী উদ্যান হিচাপেও ঘোষণা কৰাৰ পোষকতা কৰিছে আমাৰ বনানীয়ে।

প্ৰেৰক, নিতুল বৰা গহপুৰ

Related Articles