Breaking

অলিম্পিক আৰম্ভ হোৱাৰ লগে লগে ক’ভিডত আক্ৰান্ত ৫গৰাকী খেলুৱৈ…

0 31

অলিম্পিক খেলুৱৈ আক্ৰান্ত হৈছে ক’ভিডত । আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থাৰ খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ মহিলা ৱাটাৰ প’ল’ দলৰ ৫গৰাকীকৈ খেলুৱৈ সম্প্ৰতি কোৰোনাত আক্ৰান্ত হৈছে।

পোহৰলৈ অহা তথ্য অনুসৰি ক’ভিডত সংক্ৰমিত হৈয়ে অষ্ট্ৰেলিয়া দলৰ দুজন খেলুৱৈ পেৰিছলৈ আহিছিল। পুৰুষৰ ৱাটাৰ প’ল’ দলৰ দুই সদস্যই জ্বৰ লৈ পেৰিছৰ বিমানত উঠিছিল।

ইতিমধ্যে দুয়োগৰাকী খেলুৱৈক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে বিভাগীয় কৰ্তৃপক্ষই। ইয়াৰ পাছতে মহিলা দলৰ ৫গৰাকী খেলুৱৈ কোৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ক’ভিডৰ বাবে ২০২০ত অলিম্পিক আয়োজন কৰিব পৰা নাছিল জাপানে। ২০২১ চনত অনুষ্ঠিত হৈছিল টকিঅ’ অলিম্পিক। বৰ্তমান পেৰিছ অলিম্পিক ক’ভিডত আক্ৰান্ত ৫ খেলুৱৈ ।

Leave A Reply

Your email address will not be published.