কিমান উৎসাহী হলে, কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব পাৰিলে বা খেলৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম থাকিলে এজন ক্ৰীড়া নেখেলা ল’ৰাই সফল ক্ৰীড়া সংগঠক হচাপে প্ৰতিস্থিত হ’ব পাৰে সেই কথা নলবাৰী জিলাৰ জাজিয়াবাৰী গাওঁৰ প্ৰয়াত প্ৰফুল্ল দাস আৰু কামিনি দাসৰ লৰা হিতেশ দাসে প্ৰমান কৰি দেখুৱাইছে। ১৯৭৮ চনত জন্ম গ্ৰহন কৰা হিতেশে বিগত ২৫ বছৰে পূব নলবাৰী ক’চি চেণ্টাৰৰ সম্পাদক হিচাপে গুৰু দায়িত্ব পালন কৰি প্ৰায় ৫০ গৰাকী খেলুৱৈক ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ ৰূপে গঢ় দিছে, ৫২ জন খেলুৱৈয়ে জীৱন-জীৱিকাৰ পথ পাইছে, শতাধিক খেলুৱৈয়ে জিলা দলক প্ৰতিনিধিত্ব কৰিছে, খেলুৱৈ সকলে আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শীতাৰ ভিত্তিতে বছৰ বছৰ ধৰি ক্ৰীড়া জলপানী পাবলৈ সক্ষম হৈছে। এই কথা অসমৰ ভলীবল প্ৰেমী সকলে আটায়ে জানে। অসমৰ ভলীবল জগতত খুড়া হিচাপে পৰিচিত হিতেশ দাসৰ ভলীবল খেলক লৈ কৰা ত্যাগৰ কথা সৰ্বজন বিদিত। ভলীবলৰ লগত লাগি থাকি জীৱিকাৰ পথ হিচাপে বাছি লোৱা সৰু পান দোকান এখনেৰে চলি থকা হিতেশে খেলুৱৈ সকলৰ অভাৱ-অভিযোগ সমূহ দূৰ কৰাৰ বাবে পানদোকান খনো বন্ধ হৈ গৈছে। বিয়লী ৩ বজাত হেজাৰ বিপদ-অসুবিধাকো নেওচি খেলপথাৰত উপস্থিত হোৱাটো হিতেশৰ এক দায়িত্ব আৰু কৰ্তব্যত পৰিনত হৈছে। ভলীবলত সঠিক পাম্প আছে নে নাই, খেলপথাৰৰ মাৰ্কিং ঠিকেই আছে নে নাই, খেলুৱৈ সকল আহিছে নে নাই, কাৰ কি অসুবিধা হৈছে এই সমস্ত কথা হিতেশৰ নখ দৰ্পনত। সকলো সমস্যা সমাধান কৰি অনুশীলনৰ বাবে প্ৰস্তুত কৰি তোলা হয় খেলপথাৰ। অনুশীলন শেষ হোৱাৰ পিছতো হিতেশৰ দায়িত্ব শেষ নহয়। খেলুৱৈ সকলে ভালদৰে পঢ়িছে নে নাই, ঘৰত খোৱাৰ যোগাৰ আছে নে নাই এই সকলো কথাৰ বুজ লোৱাৰ দায়িত্ব তেওঁ নিজেই মূৰ পাতি লৈ আহিছে। যাৰ বাবে তেওঁ খেলুৱৈ সকলৰ অভিভাৱক হৈ পৰিছে। খেলুৱৈ সকলেওঁ নিজৰ সকলো সমস্যাৰ কথা দ্বিধাহীন ভাৱে হিতেশৰ লগত আলোচনা কৰে। যাৰ বাবে পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলপথাৰত শতাধিক খেলুৱৈ আজিওঁ বিনামূলীয়া ভাৱে প্ৰশিক্ষণ লৈ আছে। হিতেশে প্ৰথম অৱস্থাত ভলীবল খেলা নাছিল যদিও পিছলৈ ক’চিং চেণ্টাৰটোৰ সভাপতি দীপক কুমাৰ দাসৰ পৰা ভলীবলৰ প্ৰাথমিক জ্ঞান আয়ত্ব কৰি ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাৰ পৰা ভলীবলৰ স্কীল সমূহ ভালদৰে শিকি বুজি লৈ এতিয়া এজন প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে। খেলুৱৈ সকলে ভলীবলৰ স্কীল সমূহ শুদ্ধ ভাৱে শিকাৰ ওপৰত হিতেশে আজিওঁ খেলপথাৰত বহুত কষ্ট কৰি আহিছে। নলবাৰী ক্ৰীড়া সন্থাৰ ভলীবলৰ নিৰ্বাচক হিচাপে হিতেশে বহুবছৰ ধৰি সূচাৰু ৰূপে দায়িত্ব পালন কৰি আহিছে। ইয়াৰ উপৰিও হিতেশ এজন ৰাজ্যিক পৰ্য্যায়ৰ ভলীবল ৰেফাৰী হিচাপে জনপ্ৰিয়। জীৱনৰ বহুত গুৰুত্বপূৰ্ণ বয়স ক্ৰীড়াৰ নামত দি তেওঁ এতিয়া নিজৰ জীৱনক লৈ যথেষ্ট আৰ্থিক সংকটত ভুগি আছে। ক্ৰীড়াৰ নামত সৰ্বস্ব ত্যাগ কৰা মানুহৰ সংখ্যা তেনেই কম। ইয়াৰ ভিতৰত নিশ্চিত ভাৱে হিতেশৰ নাম অন্যতম হিচাপে বিবেচিত হ’ব। নিজৰ দুখ লুকুৱাই ৰাখি খেলুৱৈৰ স্বাৰ্থ সদায় উৰ্ধত ৰাখি কাম কৰি গৈ থকা এজন সফল ক্ৰীড়া সংগঠকৰ বৰ্তমান নিজৰ পৰিয়ালটো পোহপাল দিব নোৱাৰা অৱস্থা হোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক। প্ৰচাৰ বিমুখ এনে ক্ৰীড়া সংগঠক সকলোকো চৰকাৰে কৰ্মসংস্থাপন দিয়াৰ বাবে ক্ৰীড়ামহলে দাবি উথ্বাপন কৰিছে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !