Breaking

গোৱালপাৰাৰ লক্ষীপুৰত ভুমি দালালৰ কবলত মহিলা

0 2,028

গোৱালপাৰাৰ লক্ষীপুৰত এগৰাকী মহিলাই ভূমি সংক্ৰান্তীয় কামৰ বাবে দালালৰ কবলত পৰি পচিশ হাজাৰ টকা দালালে সৰকাই নিয়া বুলি গুৰুতৰ অভিযোগ তুলিছে । মহিলা গৰাকীৰয়ে দালাল গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে জলেশ্বৰ আৰক্ষী চকীত এখনি এজাহাৰো দাখিল কৰিছে । লক্ষীপুৰ  এই ভূক্ত ভোগী  মহিলা গৰাকী লক্ষীপুৰৰ  গুমাইঝাৰ গাঁৱৰ জাহিদা বিবি  । অভিযোগ অনুসৰি  তিনি মাহ পূৰ্বে জাহিদাই 354/355 নম্বৰ দাগৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে লক্ষীপুৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ আহে । তাতেই লগ পায়  খাইৰুল ইছলাম নামৰ এই লোক জনক । যিজনক ইতিমধ্যে দালাল বুলি অভিহিত কৰিছে মহিলা গৰাকীৰয়ে । তেতিয়াই  ভূমি সংক্ৰান্তীয় কামৰ বাবে  খাইৰুলে জাহিদাৰ পৰা ২৫ হাজাৰ টকা লোৱা বুলি অভিযোগ কৰিছে জাহিদা বিবিয়ে । অভিযোগ অনুসৰি  কাম সম্পাদন সম্পর্কত ধুৰন্ধৰ  খাইৰুলে দিছিল এটাৰ পাছত আন এটা নিৰ্ধাৰিত সময়  । কিন্তু  , সকলো নিৰ্দ্দিষ্ট সময় উকলি  যোৱাৰ পাছত  জাহিদাৰ সন্দেহ ওপজে  । পৰৱৰ্ত্তী সময়ত খাইৰুলক দিয়া টকাখিনি জাহিদাই ওভতাই বিচাৰে  । কিন্তু  , ধুৰন্ধৰ খাইৰুলে সেই ধন ওভতাই দিয়াৰ পৰিৱৰ্তে নানান অজুহাত দেখুৱায় জাহিদাক ।  এই অভিযোগৰ ভিত্তিত  অৱশেষত জাহিদাই ন্যায় বিচাৰি খাইৰুলৰ বিৰুদ্ধে জলেশ্বৰ আৰক্ষী চকীত এটি গোচৰ তৰে । জানিব পৰা মতে এই বাতৰি যুগুতোৱা পৰলৈ পলাতক অৱস্থাত আছে  খাইৰুল । ভুক্তভোগী মহিলা গৰাকীৰয়ে ন্যায় পোৱাৰ বাবে দাবী জনাইছে চৰকাৰ তথা কৃতপক্ষৰ ওছৰত । 

Leave A Reply

Your email address will not be published.