Breaking

মুকালমুৱাৰ বাকৰিকুছিত শোকৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা…

0 25

মুকালমুৱাৰ বাকৰিকুছিত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা। এখন ই ৰিক্সা আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাটোত ই ৰিক্সা খনৰ এগৰাকী যাত্রা থিতাতে নিহত হয়।

নিহত মহিলা গৰাকীৰ নাম ৰেজিনা বেগম। নিহত ৰেজিনা বেগমক মুকালমুৱা অসামৰিক চিকিৎসাত ভৰ্তি কৰোৱায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত ৰেজিনা বেগমৰ ঘৰ মুকালমুৱাৰ নাৰায়ণপুৰত বুলি জানিব পৰা গৈছে।


দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহন খনৰ নম্বৰ AS 01 ET 7822 । ঘটনা স্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Leave A Reply

Your email address will not be published.