Breaking

Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা

64

কংগ্ৰেছে আনিব ন-লখিমী আঁচনি। অৰুণোদইক বিদায় দিবলৈ সাজু কংগ্ৰেছ। ন-লখিমী আঁচনিৰ জৰিয়তে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মহিলা হিতাধিকাৰীকে মাহে ৩০০০ টকাকৈ দিয়া হ’ব৷(Na Lakhimi Scheme)

দৈনন্দিন বাৰ্তাৰ প্ৰতিনিধি, ২০ ছেপ্টেম্বৰঃ কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মহিলা হিতাধিকাৰীকে ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’ব৷ এই অনুদান প্ৰতি মাহৰ ৯ তাৰিখে নিশ্চিতভাৱে আদায় দিয়া হ’ব৷ (Na Lakhimi Scheme)

অসম চৰকাৰে অৰুণোদয় ৩.০ আঁচনি ঘোষণা কৰাৰ সময়তে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কংগ্ৰেছ দলৰ নতুন কৰ্মসূচীৰ কথা ৰাইজক অৱগত কৰে৷ বৰাই কয় যে ২০২৬ত অসমত বিৰোধী কংগ্ৰেছৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনি বাতিল কৰা হ’ব৷(congress)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০১ শুভাৰম্ভণি কৰাৰ পিছতেই অৰুণোদয় আঁচনি বাতিল কৰাৰ কথা ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অৰুণোদয় দিয়াৰ বাবে আমি বেয়া পোৱা নাই৷ কিন্তু আমাৰ ৰাজ্যত এতিয়া ১২,৬০০ চাকৰিৰ বিপৰীতে ৩২ লাখে আৱেদন কৰে৷ ১২,৬০০ নিবনুৱাই চাকৰি পাব৷(arunodoi scheme)

কিন্তু বাকীবোৰৰ কি হ’বঞ্জ মুখ্যমন্ত্ৰীয়ে এই কথা ভাবিছেনেঞ্জ আমি সেই সকলোৰে কথা ভাবিছো বুলি কৈ ভূপেন বৰাই কয় যে ২০২৬ত আমাৰ চৰকাৰ আহিব তেতিয়া অৰুণোদয় আঁচনি বন্ধ কৰি ন-লখিমী আঁচনি আহিব৷ মুখ্যমন্ত্ৰীয়ে বাছি বাছি বিজেপিৰ সদস্যকহে অৰুণোদয় দিছে৷ আমি জাতি-বৰ্ণ-ধৰ্ম আৰু ভাষা নিৰ্বিশেষে ন-লখিমীৰ ধন দিম৷

কংগ্ৰেছ চৰকাৰে প্ৰতি মাহৰ জ্ঝ তাৰিখে ভাষা-জাতি-ধৰ্ম নিৰ্বিশেষে হিতাধিকাৰীক ৩০০০ টকাকৈ দিব৷ ইপিনে বিজেপিৰ সভালৈ আজিকালি মানুহ নাহে বুলি কটাক্ষ কৰি ভূপেন বৰাই কয় যে বিজেপিৰ মন্ত্ৰী-বিধায়ক মিটিঙলৈ গ’লে মানুহ নাহে৷ সেয়ে চৰকাৰী আঁচনিৰ ফৰ্ম দিম বুলি কৈ বিজেপিয়ে সভালৈ মানুহ আনিবলগীয়া হৈছে৷(Bhupen Kumar Borah)

Comments are closed.