মহিলা প্ৰথম। (Women Cm)এই নীতিৰেই চলি আছে ভাৰতবৰ্ষ। ভাৰতৰ ৰাজনীতিত স্বাধীনতাৰ পিছৰে পৰাই মহিলাই ৰাজনীতিত বিশেষ প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে দেশৰ বিভিন্ন ৰাজ্যত বহু মহিলাই মুখ্যমন্ত্ৰীৰপদত অধিষ্ঠিত হৈ ৰাজ্য পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে। দেশৰ বিভিন্ন ৰাজ্যত মহিলা মুখ্যমন্ত্ৰী হিচাবে সেৱা আগবঢ়োৱা মহিলাসকল হৈছে-
সুচেতা কৃপলানী (কংগ্ৰেছ)- উত্তৰ প্ৰদেশৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সুচেতা কৃপলানী । তেওঁ ১৯৬৩ চনৰ অক্টোবৰৰ পৰা ১৯৬৭ চনৰ মাৰ্চলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
নন্দিনী সতপতি (কংগ্ৰেছ)- দুবাৰকৈ ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰথম কাৰ্যকাল আছিল ১৯৭২ চনৰ জুনৰ পৰা ১৯৭৩ চনৰ মাৰ্চলৈ আৰু দ্বিতীয় কাৰ্যকাল আছিল ১৯৭৪ চনৰ মাৰ্চৰ পৰা ১৯৭৬ চনৰ ডিচেম্বৰলৈকে ।
শশীকলা কাকোদকৰ (মহাৰাষ্ট্ৰবাদী গোমান্তক পাৰ্টী)-গোৱাৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আছিল । তেওঁৰ কাৰ্যকাল ১৯৭৩ চনৰ আগষ্টৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈ আছিল ।
চৈয়দা আনোৱাৰা টাইমূৰ (কংগ্ৰেছ)-চৈয়দা আনোৱাৰা টাইমূৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী । তেওঁৰ কাৰ্যকাল ১৯৮০ চনৰ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ জুনলৈ আছিল ।
জানকী ৰামচন্দ্ৰন (এআইএডিএমকে)-তামিলনাডুৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল । ১৯৮৮ চনৰ ৭ জানুৱাৰীৰ পৰা ১৯৮৮ চনৰ ৩০ জানুৱাৰীলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল ।
জে জয়াললিতা (এআইএডিএমকে)- জয়াললিতাই ৫ বাৰকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ কাৰ্যকাল – ১৯৯১ জুনৰ পৰা ১৯৯৬ চনৰ মে’, ২০০১ চনৰ মে’ৰ পৰা ছেপ্টেম্বৰলৈ, ২০০২ চনৰ মাৰ্চৰ পৰা ২০০৬ চনৰ মে’লৈ, ২০১১ চনৰ মে’ৰ পৰা ২০১৪ চনৰ ছেপ্টেম্বৰলৈ, ২০১৫ চনৰ মে’ৰ পৰা ২০১৬ চনৰ ডিচেম্বৰলৈ ।
মায়াৱতী (বিএছপি)-মায়াৱতী ভাৰতৰ প্ৰথম দলিত মহিলা মুখ্যমন্ত্ৰী আৰু ৪ বাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । কাৰ্যকাল – ১৯৯৫ চনৰ জুনৰ পৰা অক্টোবৰলৈ, ১৯৯৭ চনৰ পৰা মাৰ্চৰ পৰা ছেপ্টেম্বৰলৈ, ২০০২ চনৰ মে’ৰ পৰা ২০০৩ চনৰ আগষ্টলৈ, ২০০৭ চনৰ মে’ৰ পৰা ২০১২ চনৰ মাৰ্চলৈ ।
ৰজিন্দৰ কৌৰ ভট্টাল (কংগ্ৰেছ)-পাঞ্জাৱৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী । ১৯৯৬ চনৰ জানুৱাৰীৰ পৰা ১৯৯৭ চনৰ ফেব্ৰুৱাৰীলৈ তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ।
ৰাবড়ী দেৱী (আৰজেডি)- তিনিবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে । তেওঁ ৰাজ্যখনৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী । কাৰ্যকাল – ১৯৯৭ চনৰ জুলাইৰ পৰা ১৯৯৯ চনৰ ফেব্ৰুৱাৰীলৈ, ১৯৯৯ চনৰ মাৰ্চৰ পৰা ২০০০ চনৰ মাৰ্চলৈ, ২০০০ চনৰ মাৰ্চৰ পৰা ২০০৫ চনৰ মাৰ্চলৈ ।
সুষমা স্বৰাজ (বিজেপি)-দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল । ১৯৯৮ চনৰ অক্টোবৰৰ পৰা ১৯৯৮ চনৰ ডিচেম্বৰলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ।
শীলা দীক্ষিত (কংগ্ৰেছ)-একেৰাহে তিনিবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৯৮ চনৰ ডিচেম্বৰৰ পৰা ২০১৩ চনৰ ডিচেম্বৰলৈকে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল ।
উমা ভাৰতী (বিজেপি)-মধ্য প্ৰদেশৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী । কাৰ্যকাল – ২০০৩ চনৰ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ আগষ্টলৈ ।
বসুন্ধৰা ৰাজে (বিজেপি)-দুবাৰকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে । প্ৰথম কাৰ্যকাল আছিল ২০০৩ চনৰ ডিচেম্বৰৰ পৰা ২০০৮ চনৰ ডিচেম্বৰলৈ আৰু দ্বিতীয় কাৰ্যকাল আছিল ২০১৩ চনৰ ডিচেম্বৰৰ পৰা ২০১৮ লৈ ।
মমতা বেনাৰ্জী (তৃণমূল কংগ্ৰেছ)-২০১১ চনৰ মে’ মাহৰ পৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈ আছে । এয়া তেওঁৰ তৃতীয় কাৰ্যকাল ।
আনন্দিবেন পেটেল (বিজেপি)-গুজৰাটৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী । কাৰ্যকাল – ২০১৪ চনৰ মে’ৰ পৰা ২০১৬ চনৰ আগষ্টলৈ ।
মেহবুবা মুফতি (পিডিপি)- ২০১৬ চনৰ এপ্ৰিলৰ পৰা ২০১৮ চনৰ জুনলৈ তেওঁ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
আতিশী (আপ)- ২০২৪ চনৰ ২১ ছেপ্টেম্বৰত আতিশীয়ে দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল । তেওঁ দিল্লীৰ আটাইতকৈ কনিষ্ঠ মহিলা মুখ্যমন্ত্ৰী । তেওঁ ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত পদত্যাগ কৰে ।
ৰেখা গুপ্তা ( বিজেপি) ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ দিনা ৰেখা গুপ্তাই দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে। তেওঁ দিল্লীৰ শালিমাৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে বিজয়ী হৈছে।