মৰিগাঁও অসামৰিক চিকিৎসালয়ত মহিলাৰ একক অৱস্থান কেন্দ্ৰ মুকলি…

সমাজ কল্যাণ বিভাগৰ উদ্যোগত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত পাঁচখন বিছনাযুক্ত মহিলাৰ একক অৱস্থান কেন্দ্ৰ ( সখী ) মুকলি কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। বিভিন্ন সময়ত পাৰিবাৰিক অথবা অন্যান্য বিষয়ক কেন্দ্ৰ কৰি সমাজৰ একাংশ মহিলা নিৰ্যাতনৰ বলি হোৱা দেখিবলৈ পোৱা যায়। এনেদৰে নিৰ্যাতিত অথবা ভুক্তভোগী মহিলা সকলক Counselingৰ বাবে মৰিগাঁও জিলাত পূৰ্বতে সমাজ কল্যাণ বিভাগৰ কোনোধৰণৰ স্থায়ী একক অৱস্থান কেন্দ্ৰ নথকাত বিভাগটোৰ কৰ্মচাৰী সকলে কেতিয়াবা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও এতিয়াৰ পৰা তেনেদৰে আৰু অসুবিধাৰ সন্মুখীন হ’ব নালাগে।

সোমবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত স্থায়ীভাৱে নিৰ্মাণ কৰা পাঁচখন বিছনাযুক্ত মহিলাৰ একক অৱস্থান কেন্দ্ৰটিৰ (সখী)ৰ ফিটা কাতি শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। উক্ত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অৰুন্ধোতী নিপুণ নৰহ, মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ অৰুন কুমাৰ নাথ, জিলা সমাজ কল্যাণ বিষয়া সন্তোষ কুতুম সহ বিভাগটোৰ বহু বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Related Articles