Breaking

লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা…

0 15

অগ্ৰণী সামাজিক সংগঠন লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত তথা লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলৰ সহযোগত যোৱা ১৩ জুলাইত কামৰূপ জিলা ভিত্তিত মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কটন কলেজৰ প্ৰাক্তন অধ্যাপক ডঃ মনোৰঞ্জন বৰগোহাঁইয়ে।এটি বৰগীতেৰে মঞ্চ মুকলি কৰা হয়।

লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইয়ে পৰিচালনা কৰা তিনিজন বিচাৰকে প্ৰতিযোগিতাত ভাগ লোৱা ১২ টা দলৰ ভিতৰত তিনিটা দলত পুৰস্কাৰৰ কাৰণে বাচনি কৰে। সেই অনুসৰি প্ৰথম পুৰস্কাৰ লাভ কৰে চানমাৰীৰ কৃষ্ণা দাসৰ দলে , দ্বিতীয় পুৰস্কাৰ লাভ কৰে পাঞ্জাবাৰীৰ ৰুণু কলিতাৰ দলে , তৃতীয় পুৰস্কাৰ লাভ কৰে ভৰলুমুখৰ স্বৰগম দিহানাম দলে ।

পুৰস্কাৰ বিতৰণী সভাত উপস্থিত থাকে ক্ৰমে – বিশিষ্ট অভিনেতা অতুল পাচনি,সুনীল ৰাজকোঁৱৰ, দিলীপ গগৈ,হৰেণ বৰগোহাঁই, ডঃ মনোৰঞ্জন বৰগোহাঁই, ডঃ লুকুমণি বৰা, ডঃ,ইন্দ্ৰানী দত্ত গগৈ,প্ৰেমলতা ফুকন, ইন্দ্ৰেশ্বৰ বৰগোহাঁই, ঈখাম বৰপাত্ৰগোঁহাই, নীভাৰাণী ফুকন নেওঁগ,মন্মথ দাস,বিতুমণি গোস্বামী অজয় বৰগোহাঁই, কংকণ বৰ্মন, ৰেখা ফুকন ডেকা,দুলাল বৰগোহাঁই, অনিৰুদ্ধ গগৈ,অধক্ষী ৰায়চৌধুৰী,ডাঃ শিৱপ্ৰসাদ বৰগোহাঁই আদি।

Leave A Reply

Your email address will not be published.