Breaking

বঙাইগাঁৱত বিশ্ব স্তনপান সপ্তাহ পালন

0 1,656

প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা। ছমাহ বয়সলৈকে এটি শিশুক মাতৃ দুগ্ধ পান কৰোৱাটো অতি আৱশ্যক। তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ বৃদ্ধি হয়। এই কথাখিনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃক সজাগ কৰাৰ অৰ্থে পালন কৰি অহা হৈছে বিশ্ব স্তনপান সপ্তাহ ৷ এইবাৰো দেওবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ। এই বিশ্ব স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত পুৱা এখন সভা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) নৱজ্যোতি ওজাই । তেওঁ ভাষণ প্ৰসংগত কয় যে আমি সকলো মাতৃকে সজাগ কৰিব লাগিব যে মাতৃদুগ্ধ শিশুৰ বাবে অমৃত।

মাতৃদুগ্ধই এটি শিশুক বহু ৰোগৰ পৰা ৰক্ষা কৰে আৰু সুস্থ-সবল হিচাপে বাঢ়ি অহাত সহায় কৰে। সেয়েহে প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। উল্লেখ্য যে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এটি স্তনপান কক্ষও মুকলি কৰে ৷ সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: নীলমাধৱ দাসেও মাতৃ দুগ্ধৰ উপকাৰিতা সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়ায়। সেইদৰে অসামৰিক চিকিৎসালয়খনৰ শিশু বিশেষজ্ঞ ডাঃ এম আই আহমেদেও স্তনপানৰ উপকাৰিতাৰ বিষয়ে বক্তব্য ৰাখে ৷ সভাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি কে ৰয়ৰ লগতে উপ-অধীক্ষক, শিশু বিশেষজ্ঞসকল, জিলা আঁচনি প্ৰবন্ধক আৰু আন আন চিকিৎসকসকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.