বৰপেটাৰ হোলীগীতৰ বিশ্বজয়ী যাত্ৰা

দৌল মহোৎসৱৰ পূৰ্বে অসমবাসীলৈ সুখবৰ ৷বৰপেটাৰ হোলীগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ ৷ বৰপেটাত আজি আন্তৰ্জাতিক খ্যাতিসম্পন্ন কন্ঠশিল্পী শংকৰ মহাদেৱনৰ কন্ঠত বানীৱদ্ধ ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক এটা হোলীগীত শুভমুক্তিৰ জৰিয়তে আৰম্ভ হ’ল অসমীয়া হোলীগীতৰ বিশ্বজয়ী যাত্ৰা ৷

বৰপেটাৰ হোলীগীতৰ সাধক প্ৰমথ ৰঞ্জন কন্টিৰ সুৰ আৰু কৃষ্ণা লহকৰৰ কথাৰে শংকৰ মহাদেৱনে গোৱা ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক এটা হোলীগীত আজি শুভমুক্তি দিয়া হয় ৷বৰপেটাৰ মাংগলিকত আয়োজন কৰা উন্মোচনী অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, কবি গীতিকাৰ ধ্ৰুৱ কুমাৰ তালুকদাৰ আৰু গীতিকাৰ কুশলে বায়নে ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক গীতটো মুকলি কৰে ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বটদ্ৰৱাত আৰম্ভ কৰা দৌল মহোৎসৱে বৰপেটা সত্ৰত পাইছিল নৱ ৰূপ ৷গুৰুজনাই আৰম্ভ কৰা দৌলৰ গীতৰ পৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ অসমীয়া হোলীগীতলৈ উত্তৰণৰ এই সময়ছোৱাত বৰপেটাৰ হোলীগীতে সমগ্ৰ ৰাজ্যজুৰি বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতেই শংকৰ মহাদেৱনৰ কন্ঠত প্ৰাণ পাই উঠা বৰপেটাৰ হোলীগীতে বিশ্বজোৰা সমাদৰ লাভ কৰিব বুলিও আশা কৰা হৈছে ৷

Related Articles