বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হোৱাৰ দিশত চৰাইদেউ

মিচৰৰ পিৰামিড ক্ষাত চৰাইদেউ মৈদাম ক্ষেত্ৰ অতি সোনকালেই বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰত পৰিণত হ’ব। ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰত ইতিমধ্যে আন্তঃগাথঁনি উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ কাম ক্ষীপ্ৰ গতিত অব্যাহত আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত স্থান দখল কৰিবলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আন্তঃগাথঁনি উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে চৰকাৰে  ২৫ কোটি টকাৰ অনুমোদন আগবঢ়োৱা লগতে ইতিমধ্যে মুকলি কৰি দিয়া দহ কোটি টকাৰে কাম আৰম্ভ হৈছে। অতি তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চৰাইদেউ চাহ বাগিচাই দখল কৰি থকা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ বৃহৎ পৰিমাণৰ এলেকাৰ পৰা চাৰিশ বিঘা মাটি ইতিমধ্যে বেদখলমুক্ত কৰাবলৈ সক্ষম হৈছে বিভাগীয় কৰ্তৃপক্ষ।

মন কৰিবলগীয়া যে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে সোণাৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা স্থানীয় বাসিন্দা ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে স্থানীয় সচেতন লোকসকলে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পৰিপ্ৰেক্ষিত বিগত চৰকাৰৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মহোৎসৱত অংশগ্ৰহণ কৰি চৰাইদেউ মৈদামৰ আন্তঃগাথঁনি উন্নয়ন কৰিবলৈ পেকেজ ঘোষণা কৰিছিল। ইয়াৰ ফলশ্ৰুতিত এতিয়া ক্ষীপ্ৰ গতিত অব্যাহত আছে আন্তঃগাথঁনি উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ কাম। যাৰ বাবে অসম ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ অংশটো সাময়িকভাৱে পৰ্যটকৰ বাবে বন্ধ আছে। মৈদাম ক্ষেত্ৰ উন্নয়নৰ কাম সম্পূৰ্ণ হ’লেই দৰ্শনাৰ্থীসকলে এক নতুন ৰূপত দেখিবলৈ পাব অসমৰ গৌৰৱ তথা আহোম ৰাজত্ব কালৰ প্ৰথমটো স্থায়ী ৰাজধানী আৰু পৰৱৰ্তী সময়ত পবিত্ৰ মৈদাম ক্ষেত্ৰলৈ পৰিণত হোৱা ঐতিহাসিক চে-ৰায়-ডয়ক।

Related Articles