Breaking

ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হাস্তী দিৱস উদযাপন

0 23

পৰিবেশৰ ভাৰসাম্য বজাই ৰখাৰ লগতে হস্তীৰ ক্ষেত্ৰত এক সজাগতাৰ সৃষ্টি কৰিবলৈ প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো পালন কৰা হয় বিশ্ব হস্তী দিৱস।হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা তথা গুৰুত্ব প্ৰদান কৰাই হ’ল মূল উদ্দ্যেশ্য।

প্ৰত্যেক বছৰৰ ১২ আগষ্ট তাৰিখে পালন কৰা হয় বিশ্ব হাস্তী দিৱস৷ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয় বিশ্ব হস্তী দিৱস৷হাতীক সন্মান জনাই উদ্যান খনত উদযাপন কৰা হাস্তী দিৱস৷ৰাতিপুৱা বন বিভাগৰ পোহনীয়া হাতী সমূহক গা ধোৱাই পূজা কৰে বনকৰ্মী সকলে। লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই হাতীৰ মাউত সকলক জনায় সম্বৰ্ধনা।

ইয়াৰ অন্তত
উদ্যানখনৰ মুল প্ৰবেশ দ্বাৰৰ পৰা বিভাগীয় পোহনীয়া হাতী নাম ক্ৰমে ৰাম প্ৰসাদ, পূৰ্ণিমা,ৰাজু,আজাদ আৰু মাউত ৰজৱ আলী,নিলেৰাম স্বৰ্গিয়াৰী, আবুল আলী শ্বাহাজুল হকৰ সৈতে বনকৰ্মী সকলে এক দীঘলীয়া শুভযাত্ৰা ওলায়।

শুভাযাত্ৰা খন মুকলি কৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ পুৰণি বনৰক্ষী ৰামোল বড়োৱে।শুভা যাত্ৰা খন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূখ্য প্ৰৱেশ দ্বাৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰ নলবাৰী প্ৰাথমিক বিদ্যালয়লৈ গৈ
উদযাপন কৰে হাস্তী দিৱস৷সোমবাৰে অনুষ্ঠিত এই কাৰ্য্যসূচীত বিভিন্ন সংস্থা,চৰকাৰী কৰ্মচাৰী আৰু বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলে আগভাগ লৈ হাতী দিৱস উপলক্ষে সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয়৷ওৰাং উদ্যান খনত বৰ্তমান ৩৭ টা ঘৰচীয়া হাতীৰ লগতে ১৬ টা বনৰীয়া হাতী থকা বুলি জনাইছে

বনকৰ্মীয়ে৷ ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা আৰু পৰ্যটন সেৱাত নিয়োজিত লগতে উদ্যান খনৰ দূৰ্ঘম এলেকাত বনকৰ্মীৰ সৈতে কৰ্তব্য পালনৰ দৰে গধূৰ দায়িত্ব পালন কৰি আহিছে এই হাতী সমূহে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে আয়োজিত হস্তী দিৱস উপলক্ষে উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চল নলবাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাঅংকন প্ৰতিযোগিতা।বনপালক মমী বসুমতাৰীয়ে কয় যে হাতী আৰু মানুহৰ সম্পৰ্ক বহুত পূৰনীকলীয়া।ইয়াক সংৰক্ষণ আৰু সুৰক্ষা দিয়াৰ প্ৰতি জন নাগৰিকৰ দায়িত্ব। লগতে মনমী বসুমতাৰীয়ে
সকলোকে হস্তি তথা বিভিন্ন জীৱ জন্তুৰ খাদ্য তথা অভাসস্থলী সংৰক্ষণ
বাবে আহ্বান জনায়।

সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হস্তী দিৱসত আগভাগলয় বনপালক বিচিত্ৰা ৰায়, মৌচুমী দাস,ASI বিপিন ডেকা, বনৰক্ষী সীতা পৌউডেল,দীপা ঠাকুৰ,আক্লিমা বেগম।

Leave A Reply

Your email address will not be published.